ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ আগতে কে এল ৰাহুল কোভিড-১৯ত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ বেটাৰ কে এল ৰাহুলে কোভিড-১৯ত আক্ৰান্ত হৈছে বুলি বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয়। ফিটনেছ সাপেক্ষে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ৰাহুলক ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হৈছিল।ক’ভিডত আক্ৰান্ত হোৱাৰ ফলত ক্ৰিকেটাৰগৰাকীৰ আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ অনিশ্চয়তা আহি পৰিছে। সম্প্ৰতি বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্রিকেট একাডেমীত ৰাহুলে অনুশীলন আৰম্ভ কৰিছিল যদিও বেটাৰগৰাকী ক’ভিডত আক্রান্ত হয়। ৰাহুলে শেষবাৰৰ বাবে এই বছৰৰ ফেব্ৰুৱাৰীত এখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল।