ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ গীতত সৃষ্টিশীলতা আৰু সচেতনতা, দায়িত্ব ,কৰ্তব্য তথা দায়বদ্ধতাৰ এক সামগ্ৰিক পৰ্যালোচনা
নিবেদিতা হাজৰিকা
লখিমপুৰ
ড° ভূপেন হাজৰিকা দেৱ – যাৰ নামেই পৰিচয়।এইগৰাকী মহান শিল্পী, গায়ক , সুৰকাৰ, গীতিকাৰ তথা সাহিত্যিক সমগ্ৰ বিশ্বতে বন্দিত। কেৱল অসমৰে নহয়, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ শিল্পী ,সাহিত্যিক আৰু সংগীতজ্ঞ হিচাপেও তেখেত আছিল সু-পৰিচিত। এইজনা বহুমুখী প্ৰতিভাৰ অধিকাৰী ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিৰাজিয়ে অসমীয়া সংস্কৃতিত যি অবদান আগবঢ়াইছে সেই অবদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। বিংশ শতিকাত অসমীয়া সংস্কৃতিৰ বিজয়ধ্বজা বিশ্বৰ আগত নিৰ্ভীক চিন্তাৰে আগুৱাই নিবলৈ প্ৰয়াস আৰু চিন্তা কৰা ,দেশৰ সাংস্কৃতিক ইতিহাসৰ অত্যুজ্ঝল নক্ষত্ৰ স্বৰূপ আছিল ড° ভূপেন হাজৰিকাদেৱ।তেখতৰ অমৰ সৃষ্টিৰাজিয়ে অসমীয়াক সমৃদ্ধ কৰিছে। আমি সকলোৱে সেয়ে তেখেতৰ সেই অমূল্য সৃষ্টিৰাজিক উপযুক্ত সন্মান জনাবলৈ শিকা উচিত।
ড° ভূপেন হাজৰিকাদেৱ আছিল এজন প্ৰতিভাধৰ সৃষ্টিকাৰী। তেখেত আছিল এজন অত্যন্ত সৃষ্টিশীল গায়ক, গীতিকাৰ ,সুৰকাৰ তথা সংগীত পৰিচালক।যাৰ সৃষ্টিশীলতাই তেখেতক ‘সুধাকণ্ঠ ‘ হিচাপে খ্যাত কৰি তুলিছিল।তেখেতৰ সৃষ্টিশীলতা সৰুতেই আৰম্ভ হৈছিল । ১০ বছৰ বয়সতে তেখেতে ‘জয়মতী’ ছবিখনৰ বাবে প্ৰথম গান লিখিছিল আৰু গাইছিল।তেখেতৰ সৃষ্টিশীলতাৰ ফলস্বৰূপেই তেখেতে ১৫০০ ৰো অধিক গান ৰচনা কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল,যি আছিল তেখেতৰ সংগীত জগতৰ এক বিশাল অৱদান।তেখেতৰ সুৰ আৰু গীতৰ কথা আছিল সম্পূৰ্ণ নিজা শৈলীৰ, যিয়ে তেখেতক এক বিশেষ স্থান প্ৰদান কৰিছিল।তেখেতৰ গীত সমূহে অসমৰ চাৰিসীমা অতিক্ৰমী ভাৰতৰ অন্যান্য অঞ্চলৰ মাজত এক সাংস্কৃতিক সেতুবন্ধনৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
অসম তথা ভাৰতীয় সংগীত জগতলৈ এক বিপুল আৰু অমূল্য অৱদান আগবঢ়াই যোৱা এই সুৰ সম্ৰাট জনে তেখেতৰ সৃষ্টিশীলতাৰ প্ৰমাণ যে কেৱল গীতৰ ক্ষেত্ৰত হে দেখুৱাবলৈ সক্ষম হৈছিল এনে নহয়। গীতৰ উপৰিও তেখেতে তেখেতৰ শিল্প নৈপুণ্যতা লিখনি আৰু অন্যান্য শিল্পৰ জৰিয়তেও প্ৰকাশি উঠিছিল ,যি তেখেতৰ সৃষ্টিশীলতাৰ এক বিশেষ দিশ।বিষয় বৈচিত্ৰ ,কাব্যিক সৌন্দৰ্য, সামাজিক অনুপ্ৰেৰণা ,অসমীয়া সংস্কৃতিৰ প্ৰতিফলন,শক্তিশালী শব্দ চয়ন তথা মন চুই যোৱা সুৰৰ ব্যঞ্জনা – এই সমূহে শিল্পী গৰাকীৰ শৈল্পিক নৈপ্যুণ্যতাকে প্ৰমাণ কৰিছে, অনন্য কৰি তুলিছে তেখেতৰ সৃষ্টিশীলতাক। এই কথা অনস্বীকাৰ্য যে তেখেতৰ সৃষ্টিশীলতা সাংস্কৃতিক সেতুবন্ধনৰ এক শক্তিশালী মাধ্যম আছিল, যিয়ে বিভিন্ন সংস্কৃতিৰ মাজত সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল।এক অনন্য প্ৰতিভাৰ অধিকাৰী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীত, সংগীত তথা মানৱতাবাদৰ বাৰ্তাত সৃষ্টিশীলতাৰ অপূৰ্ব প্ৰকাশ ঘটা দেখিবলৈ পোৱা গৈছিল।উল্লেখ্য যে অসমীয়া সংস্কৃতিত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে তেখেতৰ দৰ্শন তথা বিশ্বাস সমূহ প্ৰকাশি উঠিছিল।লোক সংগীতৰ সুৰক আধুনিক গীতত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত শিল্পী গৰাকী অতিশয় নিপুন আছিল। গীতৰ কথাৰ সৈতে স্বতঃস্ফূৰ্ত ভাৱে সুৰ খাপ খাই পৰেহি। খাটি খোৱা মানুহৰ প্ৰাণৰ সুৰবোৰকেই তেওঁ বুটলি লৈছিল আৰু সেই লোক -সুৰ আৰু লোক-কথাকে নিজৰ অপৰিসীম সৃষ্টিশীলতাৰে গণ -সংগীতলৈ ৰূপান্তৰ কৰিছিল।তেখেতৰ সৃষ্টিশীলতা অসমীয়া লোক সংস্কৃতিৰ এক উজ্জ্বল প্ৰতীক।তেখেতে সৃষ্টিশীলতাৰ মাধ্যমেৰে অসমৰ মানুহৰ আশা-আকাংক্ষা ,দুখ- কষ্ট তথা সমাজৰ বিভিন্ন দিশ সমূহ উন্মোচিত কৰিবৰ প্ৰয়াস কৰিছিল।তেখেতৰ সৃষ্টিশীলতাই অসমীয়া সংগীত তথা সংস্কৃতিৰ এক নতুন দিগন্ত মুকলি কৰিছিল ।
এই জীৱন্ত কিংবদন্তী পুৰুষ জনৰ সৃষ্টিৰাজিৰ প্ৰতি আজিৰ নৱপ্ৰজন্মৰ কিমান উৎসাহ বা আগ্ৰহ ,সি এক ডাঙৰ প্ৰশ্ন। অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰা তেখতৰ সৃষ্টিৰাজিৰ প্ৰতি বা কাম-কাজৰ প্ৰতি নৱ প্ৰজন্ম উৎসাহী আৰু আগ্ৰহী হোৱাটো নিতান্তই প্ৰয়োজন ।এই কথা অনস্বীকাৰ্য যে এই স্বনামধন্য শিল্পী গৰাকীৰ শিল্পী সত্বাক , সৃষ্টিৰাজিক ৰাইজে অতি গভীৰ ভাৱে সন্মান তথা শ্ৰদ্ধা কৰে।তেখতৰ সৃষ্টিৰাজিয়েও জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিল্পী গৰাকীয়ে অসমীয়া সাহিত্য-সংস্কৃতিলৈ যি অবদান আগবঢ়াই থৈ গৈছে সেই অবদানৰ কথা সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু সাধাৰণ জনতা তথা চৰকাৰেও তেখেতৰ সৃষ্টিৰাজি আৰু প্ৰসাৰিত কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।
জনতাৰ শিল্পী গৰাকীৰ সৃষ্টিৰাজিৰ লগত চিনাকি কৰি দিবলৈও ভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিয়নো ভূপেন হাজৰিকাদেৱৰ দৰে এজন মহান শিল্পীৰ বিষয়ে জনাটো বা অসমীয়া জাতি,মাটি -ভেঁটিৰ লগত তেখেতৰ সম্পৰ্কৰ বিষয়ে জনাটো উঠি অহা প্ৰজন্মৰ বাবে খুবেই দৰকাৰী।আমি সকলোৱে এক সংকল্প লোৱা উচিত যি সংকল্পই আমাক সংগীত ,শিল্প তথা সাংস্কৃতিক প্ৰসাৰৰ বাবে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্প কলাৰ উৎকৰ্ষতাৰ আখৰা থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব। অৱশ্যে সময়ে -সময়ে একাংশ তৰুণ প্ৰজন্মৰ এই দিশ সমূহৰ প্ৰতি উদাসীনতা দেখা যায়। এনে উদাসীনতা কেৱল এক দুখৰ বিষয়েই নহয়, তেখেতৰ কাম -কাজৰ প্ৰতি উদাসীনতা অসমীয়া সংস্কৃতিৰ এক নিৰ্দিষ্ট অংশৰ প্ৰতি উপেক্ষা হিচাপে পৰিগণিত হ’ব।ভূপেন হাজৰিকা দেৱৰ সৃষ্টি আৰু দৰ্শনক নৱ-প্ৰজন্মৰ একাংশই উপেক্ষা কৰা বা উদাসীনতা প্ৰদৰ্শন কৰা বিষয়টোৱে এক হতাশজনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা নুই কৰিব নোৱাৰি। নৱ প্ৰজন্মৰ মাজত শিল্পী গৰাকীৰ কৰ্মৰাজিৰ বিষয়ে সঠিক শিক্ষা আৰু তথ্যৰ অভাৱে তেওঁৰ সৃষ্টিৰ গুৰুত্ব বুজাত বাধাৰ সৃষ্টি কৰিছিল । তেখেতৰ বহু যুগান্তকাৰী ৰচনা বা সৃষ্টিৰাজিৰ বিষয়ে নৱ প্ৰজন্মৰ বহুতেই পৰিচিত নাছিল বা পৰিচিত নহয়।যাৰ ফলত তেখেতৰ সংগীতৰ গভীৰতা তথা অসমীয়া সংস্কৃতিৰ গুৰুত্ব অনুধাৱন কৰিবলৈ একাংশ নৱ প্ৰজন্ম অক্ষম। বিভিন্ন দেশী- বিদেশী সংগীতৰ ধাৰা ,বিশেষকৈ পশ্চিমীয়া আৰু দক্ষিণ ভাৰতীয় সংগীতৰ প্ৰভাৱে অসমীয়া সংগীতৰ ৰুচি সলাই পেলোৱাৰ ফলত অৰ্থাৎ এই সমূহৰ প্ৰতি অত্যধিক আগ্ৰহৰ ফলস্বৰূপে নৱ প্ৰজন্ম এনে এজন মহান শিল্পীৰ সৃষ্টিৰাজিৰ প্ৰতি আগ্ৰহী আৰু আকৰ্ষিত হোৱাত বাধাৰ সৃষ্টি নোহোৱা নহয়।
নৱ প্ৰজন্মৰ একাংশৰ বাবে এই বিষয়বোৰ অৰ্থহীন যেন অনুভৱ হ’লেও আন একাংশই আকৌ এই সমূহৰ চৰ্চা অব্যাহত ৰাখিছে। শিল্পী গৰাকীৰ গীত, সাহিত্য তথা দৰ্শনে নৱ প্ৰজন্মৰ বাবে এক নতুন চিন্তাৰ পথ দেখুৱাইছে, যাৰ ফলত তেখেতৰ কৰ্মৰাজিৰ এক নতুন দিগন্ত উন্মোচিত হোৱা পৰিলক্ষিত হৈছে।
নৱ প্ৰজন্মই তেখেতৰ গীত সমূহৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰি তেখেতৰ জীৱনৰ আদৰ্শ , সামাজিক ন্যায়ৰ প্ৰতি থকা দায়বদ্ধতা আৰু একতা ভাৱক প্ৰচাৰ কৰাৰ বাবে তেখতক শ্ৰদ্ধা কৰে ।নৱ প্ৰজন্মৰ মাজত এই গীত সমূহে সামাজিক ন্যায় ,মানৱীয়তা তথা একতাৰ ভাৱ প্ৰচাৰ কৰে বাবে তেওঁলোক এই সমূহৰ প্ৰতি আগ্ৰহী আৰু সমাজত এনে ধৰনৰ বাৰ্তা সমূহ বিলাই দিয়াৰ ক্ষেত্ৰত তৎপৰ আৰু সচেতন।
স্বনামধন্য শিল্পী গৰাকীৰ কৰ্মৰাজি নৱ প্ৰজন্মৰ বাবে এক শক্তিশালী প্ৰেৰণাৰ উৎস হৈ আছে বা শক্তিশালী উৎস হৈ পৰিছে। শিল্পী গৰাকীৰ গীত সমূহ অসমীয়া সংস্কৃতি তথা সমাজৰো অবিচ্ছেদ্য অংগ স্বৰূপ । নৱ প্ৰজন্মই এই ঐতিহ্যক নিজৰ কৰ্মৰাজিৰ মাধ্যমেৰে আগুৱাই লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই সমূহৰ উপৰিও সামাজিক মাধ্যমৰ জৰিয়তে তেখেতৰ গীত , তেখেতৰ জীৱন সম্পৰ্কীয় তথ্য আদি নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ প্ৰয়াস কৰিছে। নৱ প্ৰজন্মৰ এনে প্ৰয়াস সঁচাই আদৰণীয় আৰু প্ৰশংসনীয় । শিল্পী গৰাকীৰ সৃষ্টিৰাজি, গীত-মাত আদি উদ্ধাৰ কাৰ্যত বহু নৱ প্ৰজন্ম নিয়োজিত হৈ আছে।
তেখেতৰ গীতৰ গভীৰ অৰ্থ , সামাজিক ভাষ্য তথা মানৱীয় আবেদনে নৱ প্ৰজন্মক আকৰ্ষিত কৰে। সামাজিক মাধ্যমৰ সহজলভ্যতাৰ বাবে তেওঁলোকে ইয়াক নতুন ৰূপ দিবলৈও সক্ষম হৈছে আৰু সকলোৱে এই সমূহ আদৰি লৈছে।
তেখেতৰ গীত সমূহ অসমীয়া সংস্কৃতিৰো এক গুৰুত্বপূৰ্ণ অংশ, যাৰ জৰিয়তে নৱ প্ৰজন্মই নিজৰ ঐতিহ্যৰ সৈতে সহযোগ স্থাপনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়।স্মতব্য যে তেখেতৰ জীৱনৰ প্ৰেৰণাদায়ক দিশ সমূহ নৱ প্ৰজন্মৰ বাবে সদায়ে আদৰণীয় আৰু আকৰ্ষণৰ বিষয়। নৱ প্ৰজন্মই শিল্পী গৰাকীৰ গীত-মাত বা অন্যান্য সৃষ্টিৰাজিৰ জৰিয়তে জনজাতীয় ভাষাক সন্মান জনোৱা, মানৱীয়তা তথা সামাজিক ন্যায়ৰ বাৰ্তা জনসাধাৰণলৈ প্ৰেৰণ কৰিব পাৰে বা গীত সমূহৰ অৰ্থ বুজি ,সেই সমূহৰ মাধ্যমেৰে জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ লগতে তেখেতৰ চিন্তা- ভাবনাক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
কালজয়ী সৃষ্টিৰাজিৰে অসমীয়া জাতিসত্বাক সমৃদ্ধ কৰা মহান মনীষী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিৰাজিৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধাশীল হোৱা উচিত আৰু বৰেণ্য শিল্পী গৰাকীৰ সোণসেৰীয়া সৃষ্টিৰাজি সমূহ সংৰক্ষণ কৰিবলৈ আগ্ৰহী হোৱা উচিত।
