ভাৰত ভ্রমণৰ ক্ষেত্ৰত মার্কিন নাগৰিকক সতর্ক হ’বলৈ নির্দেশ আমেৰিকাৰ

ভাৰত ভ্রমণৰ ক্ষেত্ৰত মার্কিন নাগৰিকক সতর্ক হ’বলৈ নির্দেশ আমেৰিকাৰ

ৰঙিলী  বাৰ্ত্তাসেৱা- আমেৰিকাই ভাৰত ভ্ৰমণকাৰী নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। ভাৰতত থকা আমেৰিকাৰ নাগৰিকসকলক অধিক সতর্কতা ল’বলৈ নির্দেশ দিয়া হৈছে। অপৰাধ আৰু সন্ত্রাসবাদৰ কাৰণ দেখুৱাই ভাৰতৰ বিভিন্ন স্থান অতি বিপজ্জনক বুলি চিহ্নিত কৰি ১৬ জুনত এই ভ্রমণ নির্দেশনা জৰি কৰিছে মার্কিন প্রশাসনে। এই নির্দেশনাত উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ত ভাৰতত ঘটি থকা অপৰাধসমূহৰ ভিতৰত অন্যতম হৈছে ধর্ষণ। পৰ্যটনক্ষেত্ৰসমূহত এই ধৰণৰ ঘটনা ঘটাৰ সম্ভাৱনা আছে বুলি নির্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি ভাৰত-পাকিস্তান সীমান্তৱতী পর্যটন ক্ষেত্রসমূহত সন্ত্রাসবাদী আক্রমণ সংঘটিত হ’ব পাৰে বুলি নির্দেশনাত উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত মার্কিন নাগৰিকসকলক বিপজ্জনক পর্যটন ক্ষেত্ৰসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিছে। ভাৰতত এই সময়ত চলা-ফুৰা কৰিলে অধিক সতর্কতা অৱলম্বন কৰা উচিত বুলিও হোৱাইট হাউছৰ এই নির্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ মহিলাসকলক ভ্ৰমণৰ ক্ষেত্ৰত অধিক সতর্ক হ’বলৈ নিৰ্দেশ দিছে আমেৰিকা চৰকাৰে। ১৬ জুনত জাৰি কৰা নিৰ্দেশনাটোত পুনৰ কোৱা হৈছে যে পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিম পশ্চিমবংগৰ মাজেৰে বিস্তৃত গ্ৰাম্য অঞ্চলত আমেৰিকা চৰকাৰৰ নাগৰিকসকলক জৰুৰীকালীন সেৱা প্ৰদান কৰাৰ ক্ষমতা সীমিত । এই পৰামৰ্শত আমেৰিকাৰ নাগৰিকসকলক সন্ত্ৰাসবাদৰ বাবে মধ্য আৰু পূব ভাৰতৰ কিছু অংশলৈ যাত্ৰা নকৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ ভ্ৰমণ সম্পৰ্কীয় নিৰ্দেশনাটোত এনেদৰেও উল্লেখ আছে ‘‘পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিম পশ্চিমবংগলৈকে বিস্তৃত ভাৰতৰ এক বৃহৎ অঞ্চলত মাওবাদী গোট বা নক্সালবাদী সক্ৰিয় হৈ আছে । তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু ওড়িশাৰ সীমান্তৱৰ্তী ছত্তীশগড় আৰু ঝাৰখণ্ডৰ গ্ৰামাঞ্চলত ভাৰত চৰকাৰৰ বিষয়াসকলৰ বিৰুদ্ধে আক্ৰমণ বিক্ষিপ্তভাৱে সংঘটিত হৈয়েই আছে । ওড়িশাৰ দক্ষিণ-পশ্চিম অঞ্চলসমূহো এই সমস্যাত জৰ্জৰিত ৷’’ ভাৰতত কৰ্মৰত আমেৰিকা চৰকাৰৰ কৰ্মচাৰীয়ে বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিমবংগ, মেঘালয়, ওড়িশা ৰাজ্যৰ অধিকাংশ অঞ্চললৈ যোৱাৰ পূৰ্বে অনুমতি ল’ব লাগিব । ইয়াত কোৱা হৈছে যে এই ৰাজ্যসমূহৰ ৰাজধানীৰ বাবে অনুমতিৰ প্ৰয়োজন নাই । ‘‘ভাৰতত কৰ্মৰত আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলক মহাৰাষ্ট্ৰৰ পূব অঞ্চল আৰু মধ্যপ্ৰদেশৰ পূব অঞ্চললৈ যাবলৈ অনুমোদনৰ প্ৰয়োজন’’ বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ৷ আমেৰিকাৰ নাগৰিকসকলক মণিপুৰলৈ যোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে ৷ ভাৰতত কৰ্মৰত আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে মণিপুৰ ভ্ৰমণৰ পূৰ্বে আগতীয়া অনুমোদনৰ প্ৰয়োজন বুলি উল্লেখ কৰা নিৰ্দেশনাটোত এনেদৰে আছে ‘‘জাতিভিত্তিক সংঘাত চলি থকাৰ ফলত ব্যাপক হিংসা আৰু লোকসকলৰ পলায়নৰ খবৰ আহিছে ।’’ ইয়াৰ উপৰিও সন্ত্ৰাসবাদ আৰু অশান্তিৰ বাবে পূব লাডাখ অঞ্চল আৰু লেহ ভ্ৰমণৰ বাহিৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰলৈ যাত্ৰা নকৰিবলৈও আমেৰিকাৰ নাগৰিকসকলক পৰামৰ্শ দিয়া হৈছে ৷