ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন 

ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাত একল অভিযানৰ বাৰ্ষিক সন্মিলন 

ৰঙিলী বাৰ্ত্তাসেৱা-  অতি পিছপৰা অৰ্থাৎ দুৰ্গম অঞ্চলত এজনীয়া শিক্ষকেৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান “একল অভিযান”ৰ বাক্সা অঞ্চলৰ বাৰ্ষিক সন্মিলন আজি ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাৰ “কুমাৰীকাটা প্ৰেক্ষাগৃহ” ত আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায় । পুৱা চাফাই অভিযানৰ অন্তত বৃক্ষৰোপণ কৰে ক্ৰমে লক্ষী দাস পানিকা আৰু সত্যজিৎ পাঠকে । পুৱা ৯:৩০ বজাত পতাকা উত্তোলন কৰে একল অভিযানৰ বাক্সা অঞ্চলৰ সভাপতি বাসুদেৱ উপাধ্যায়ে । ইয়াৰ পিছত বৰ্ণাঢ্য শোভাযাত্ৰা মুকলি কৰে গোৰেশ্বৰৰ মন্টু ডেকাই । শোভাযাত্ৰাৰ অন্তত বাসুদেৱ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় । অভিযানৰ সাধাৰণ সম্পাদক শৈলেন স্বৰ্গীয়াৰীয়ে আদৰণি সম্ভাষণ জনোৱা সভাখনি উদ্ধোধন কৰে মধু নাৰ্জাৰীয়ে । সভাৰ মুখ্য অতিথি বিশিষ্ট কবি, সাহিত্যিক, চিন্তাবিদ দীপক শৰ্মাই কয়- “বহু প্ৰতিভা মফচল চহৰতে আছে । পোৱা যায় । একল অভিযানে লোৱা প্ৰচেষ্টা অতি আদৰণিয়, প্ৰশংসনীয় । সৎ চিন্তাধাৰাৰ লোকসকল সমাজত প্ৰতিষ্ঠিত হয় । সেয়েহে, সৎ কৰ্ম, সৎ ভাৱনা, সৎ মানসিকতাৰ গৰাকী হ’ব লাগে । পবিত্ৰ মনৰ লোকসকলক ভগৱানে চকু মেলি চায় ।” সভাত বিশিষ্ট অতিথি হিচাপে কোকৰাঝাৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা একল অভিযানৰ বিষয়ববীয়া মাজেন্দ্ৰ গয়াৰীয়ে কয়- “আমি সৰু সৰু কথাৰে, চিন্তাৰে আগুৱাই যাব লাগিব । বিশ্বব্যাপী চিন্তাৰ গৰাকী সকল গ্ৰাম্যাঞ্চলৰে ।” সভাত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰিৰাম উপাধ্যায়, গোৱালপাৰাৰ চন্দ্ৰকান্ত ৰয় আদিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয় । সভাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিভা চাওৰাই ১০০ আৰু ২০০ মিটাৰ দৌৰত লক্ষ্মৌত অনুষ্ঠিত খেলত শ্ৰেষ্ঠ হোৱা বাবে সম্বৰ্ধনা জনায় ।সভাত ঝুমুৰ নৃত্য (চাহ বাগান), মাৰুনী নৃত্য (নেপালি নৃত্য), উড়িয়া নৃত্য, বড়ো নৃত্য, সাউতাল নৃত্য, অসমীয়া আধুনিক নৃত্য, ভাৰত নাট্যমৰ লগতে কেইবাজনো ছাত্ৰ- ছাত্ৰীয়ে কবিতা আবৃত্তি, গীত পৰিৱেশন কৰে । সমগ্ৰ অনুষ্ঠানটি আঁত ধৰে উদ্ধৱ পাঠক আৰু শেখৰ চেত্ৰীয়ে ।