ভাৰত-ভূটান সীমান্তবর্তী পথ পৰিদৰ্শন মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাজেট অধিৱেশনৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰত-ভূটান সীমান্তবর্তী বিষমুৰী-উল্টাপানী-সৰলপাৰা পথ পৰিদৰ্শন কৰে। দীঘলীপাৰাৰ পৰা উল্টাপানী-সৰলপাৰা হৈ ভূটান সীমান্তলৈ যোৱা উক্ত পথ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই পথটো শীঘ্ৰেই নিৰ্মাণৰ বাবে কাম-কাজ আৰম্ভ কৰা হ’ব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা লোকসভা নিৰ্বাচনত কাৰিগাঁৱৰ এখন সভাত তেওঁ পথটি সুন্দৰ ৰূপত নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্রুতি দিছিল আৰু সেয়েহে আজি ভূটান সীমান্তলৈ নিৰ্মাণ হ’বলগীয়া সৰলপাৰা পথটো পৰিদৰ্শন কৰে। ৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ বিষমুৰী-সৰলপাৰা গড়কাপ্টানী পথটো অতি সোনকালে নিৰ্মাণ কৰা হ’ব আৰু এই পথটো অত্যাধুনিক FULL DEPTH RECLAMATION (FDR) প্রযুক্তিৰে নিৰ্মাণ সম্পন্ন হ’ব, যাৰ নিৰ্ধাৰিত ব্যয় ২,৬৮৭.৮৬ লাখ টকা বুলি মন্তব্য কৰি উক্ত পথটি ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ধাৰ্য কৰা অনুদানতকৈ অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰি হ’লেও পথটি সর্বাংগসুন্দৰ ৰূপত নিৰ্মাণ কৰিম যাতে ভূটানৰ স’তে যোগাযোগ ব্যৱস্থা উন্নত হয় বুলি মত প্রকাশ কৰে মুখ্যমন্ত্ৰীয়ে।