ভাৰত বিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগ ৭ ইউক্রেইনী মার্কিন নাগৰিকক গ্ৰেপ্তাৰ ‘নিয়া’ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত ৭ ইউক্রেইনী মার্কিন নাগৰিকক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএ(নিয়া)ই। তেওঁলোকৰ মাজৰ এজন আমেৰিকান। বাকী ৬জন ইউক্রেইনী।অভিযুক্তসকলে বৈধ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিছিল যদিও তাৰ পিছতে অনুমতি নোলোৱাকৈয়ে তেওঁলোকে মিজোৰাম অভিমুখে গুচি যায়। দাবী কৰা হৈছে যে তেওঁলোকে সন্তর্পণে সীমান্ত পাৰ হৈ ম্যানমাৰলৈও গৈছিল। তাত ভাৰতবিৰোধী কিছু সংগঠনৰ সৈতেও দেখা কৰে তেওঁলোকে। তদন্তকাৰী সংস্থাটোৰ সূত্ৰৰে সংবাদ মাধ্যমে জনোৱা মতে, ইউৰোপৰ পৰা অনা ড্রোনো তেওঁলোকে মিজোৰামলৈ লৈ গৈছিল। তদন্তকাৰী সংস্থাটোৱে দাবী কৰে যে ইউৰোপৰ পৰা অবৈধ উপায়েৰে ভাৰতলৈ অনা হৈছিল ড্রোনসমূহ। তাৰ পিছত ভাৰতৰ পৰাই পঠিওৱা হৈছিল ম্যানমাৰৰ সেই সশস্ত্র সংগঠনসমূহলৈ। ভাৰতৰ নিষিদ্ধ এলেকাত থকা এই সংগঠনসমূহক সহায় কৰাৰ অভিযোগ আছে সাতোজন বিদেশীৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে সম্প্রতি দেশৰ বিভিন্ন বিমানবন্দৰত অনুসন্ধান চলাই তেওঁলোকক আটক কৰা হয়। অভিযুক্ত আমেৰিকানজনক ধৰা হয় কলকাতা বিমানবন্দৰৰ পৰা। বাকীকেইজনৰ ভিতৰত ৩জনক আটক কৰা হয় লক্ষ্ণৌ বিমান বন্দৰৰ পৰা আৰু তিনিজনক দিল্লী বিমানবন্দৰৰ পৰা। দিল্লীৰ বাহিৰত যিসকলক আটক কৰা হয় তেওঁলোককো ইতিমধ্যে দিল্লীলৈ লৈ যোৱা হয়। তাতেই তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে আৰক্ষীয়ে। প্রাথমিকভাৱে আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্তসকলক তিনি দিনৰ বাবে এনআইএৰ জিম্মালৈ প্ৰেৰণৰ নির্দেশ দিয়ে আদালতে। পিছত জিম্মাৰ ম্যাদ আৰু বৃদ্ধি কৰি ২৭ মার্চ পর্যন্ত কৰা হয়।
