ভাৰত-বাংলাদেশ সীমান্তত  অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ

ভাৰত-বাংলাদেশ সীমান্তত  অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বি এছ এফৰ গুৱাহাটী সীমান্তই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ৷ বিভিন্ন আকস্মিক পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী ৷ সম্ভাব্য যিকোনো নিৰাপত্তাজনিত ভাবুকিৰ সমাধানৰ বাবে উচ্চ সতৰ্কতাৰ অৱস্থা ঘোষণা কৰা হৈছে ৷ সকলো স্তৰৰ বিষয়ববীয়াক যিকোনো অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সতৰ্কতা আৰু প্ৰস্তুতি বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সীমান্তত কঠোৰ নজৰ ৰাখিব লাগিব, জনশক্তি বৃদ্ধি আৰু দ্ৰুত প্ৰতিক্ৰিয়াৰ দল (কিউ আৰ টি) গঠন কৰা হ’ব ৷গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪০৯৬ কিলোমিটাৰ, বি এছ এফ গুৱাহাটী সীমান্তৰ অধীনস্থ ৫০৯ কিলোমিটাৰ কোঁচবিহাৰ জিলা (পশ্চিম বংগ)ৰ পৰা দক্ষিণ শালমৰা মানকাচৰ (অসম)লৈকে বিস্তৃত ৷ গুৱাহাটী সীমান্তই এই সমগ্ৰ এলেকা পহৰা দিবলৈ ১১টা বি এছ এফ বেটেলিয়ন আৰু এটা ৱাটাৰ উইং মোতায়েন কৰিছে, যিবোৰ সকলো এতিয়া হাই এলাৰ্টত আছে ৷ সীমান্ত আউট পোষ্ট (বি অ’ পি)ত জনশক্তি বৃদ্ধি কৰা হৈছে আৰু ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰিবলৈ সকলো চোৰাংচোৱা সঁজুলি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে ৷ উপ-ইউনিটসমূহক উচ্চ সতৰ্কতা বজাই ৰাখিবলৈ আৰু যিকোনো প্ৰতিকূল পৰিস্থিতি তৎকালীনভাৱে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সীমান্ত আউট পোষ্ট (বি অ’ পি)ত জনশক্তি বৃদ্ধি কৰা হৈছে আৰু ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰিবলৈ সকলো চোৰাংচোৱা সঁজুলি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে ৷ উপ-ইউনিটসমূহক উচ্চ সতৰ্কতা বজাই ৰাখিবলৈ আৰু যিকোনো প্ৰতিকূল পৰিস্থিতি তৎকালীনভাৱে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷