ভাৰত-পাকিস্তানৰ মাজত অসামৰিক কাৰাবন্দীৰ তালিকাৰ বিনিময়
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু পাকিস্তানে উভয় দেশতে বন্দী হৈ থকা অসামৰিক লোক আৰু মাছমৰীয়াৰ তালিকাৰ বিনিময় কৰে। দীর্ঘদিন ধৰি চলি অহা কূটনৈতিক প্রক্রিয়া অনুসৰি দুয়োখন দেশে কাৰাবন্দীৰ তালিকা বিনিময় কৰে। কাৰাবন্দীৰ তালিকা বিনিময় হোৱাৰ পিছতে ইছলামাবাদৰ পৰা শীঘ্রেই এই বন্দী প্রত্যর্পণ বিচাৰে নতুন দিল্লীয়ে। উল্লেখ্য যে ২০০৮ চনত দ্বি-পাক্ষিক চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে কূটনৈতিক চেনেলৰ জৰিয়তে বন্দীৰ তালিকা বিনিময় কৰি আহিছে। চুক্তি অনুসৰি বছৰত দুবাৰ এই তালিকা বিনিময় কৰা হয়। ১ জানুৱাৰী আৰু ১ জুলাইত দুয়ো দেশে বন্দীৰ তালিকা বিনিময় কৰে। ভাৰতে পাকিস্তানক দিয়া বন্দী তালিকাত ৪৬৩জন থকা বুলি উল্লেখ কৰিছে। কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে প্ৰকাশ কৰা মতে, নতুন দিল্লীয়ে ৩৮২জন অসামৰিক কাৰাবন্দী আৰু ৮১জন মাছমৰীয়া ভাৰতত বন্দী হৈ থকা বুলি পাকিস্তানৰ সৈতে বিনিময় কৰা তালিকাত উল্লেখ কৰিছে। তেনেদৰে পাকিস্তানে বিনিময় কৰা তালিকাত ৫৩ অসামৰিক কাৰাবন্দী আৰু ১৯৩ মাছমৰীয়া দেশখনত বন্দী হৈ আছে বুলি উল্লেখ কৰিছে। এই লোকসকল ভাৰতীয় হয়নে নহয় সেয়া নিশ্চিত হ’বলৈ আনুষ্ঠানিকতা বাকী আছে।