ভাৰত চৰকাৰৰ বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত মাজুলীৰ কমলপুৰ গাঁৱত মহিলা সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ শ্ৰী লোহিত গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং কমলপুৰ গাঁৱত মাজুলী জিলা শিশু আৰু মহিলা সুৰক্ষা ও সবলীকৰণ বিভাগৰ উদ্যোগত আৰু নিডচ্ বেচৰকাৰী অনুষ্ঠানৰ সহযোগত এখনি বৃহৎ মহিলা সভা অনুষ্ঠিত হয়। ২০০ গৰাকী মহিলা উপস্থিত থকা অনুষ্ঠানটিত মহিলা সকলৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰা হয় । লগতে সংকল্প অভিযানৰ সুবিধা আৰু শিশু সুৰক্ষা তথা মহিলাৰ বাবে থকা আঁচনিসমূহৰ বিষয়ে আৰু “বেটি বচাও বেটি পঢ়াও”ৰ শ্লোগানৰ দ্বাৰা বাল্য বিবাহ সম্পৰ্কীয় বিষয় উত্থাপন কৰা হয়।
জিলা কাৰ্যক্ৰম সমন্বয়ক ড° পল্লৱী মৰাঙে আঁত ধৰা অনুষ্ঠানত মাজুলী জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱাই মিছন শক্তিৰ বিভিন্ন আঁচনি সমূহৰ লগতে মহিলা সকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়াই । অনুষ্ঠানটি আয়োজন কৰি সাফল্যমণ্ডিত কৰি তোলা সমাজসেৱক ব্ৰজেন পেগুৱে স্থানীয় ৰাইজক উদ্দেশ্যি শিশু সুৰক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই। সভাত উপস্থিত থাকে মাজুলী জিলা সংকল্প জিলা মহিলা সবলীকৰণ বিভাগৰ লিংগ বিশেষজ্ঞ ৰিম্পি ভূঞা আৰু নিডচ্ ৰ সদস্য ধৰ্মেন্দ্ৰ পায়ুন ।