ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মাজত ‘মাদাৰ অৱ অল ডীলছ’ স্বাক্ষৰ 

ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মাজত ‘মাদাৰ অৱ অল ডীলছ’ স্বাক্ষৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক বাণিজ্যিক চুক্তি স্বাক্ষৰ হয়।মঙলবাৰে পুৱাৰ ভাগতে ইউৰোপিয়ান কাউঞ্চিলৰ অধ্যক্ষ এন্টোনিঅ’ কোষ্টা আৰু ইউৰোপিয়ান কমিছনৰ মুৰব্বী উৰসুলা ভনৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত এক বিৰাট চুক্তি স্বাক্ষৰিত হৈছে। যাক বিশ্বই মাদাৰ অৱ অল ডীলছ বুলি উল্লেখ কৰিছে।’  ইউৰোপিয়ান ইউনিয়নৰ সৈতে এই চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত প্রধানমন্ত্রী মোদীয়ে কয়, ‘এই চুক্তিয়ে ভাৰত আৰু ইউৰোপৰ নাগৰিকসকলৰ বাবে এক বৃহৎ সুযোগ আনি দিব। এই চুক্তিত বিশ্বৰ প্ৰধান দুটা অৰ্থনীতিৰ মাজত অংশীদাৰিত্বৰ এক অনন্য উদাহৰণ। আমাৰ এই চুক্তি সমগ্ৰ বিশ্বৰ মুঠ জিডিপিৰ ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশক প্রতিনিধিত্ব কৰিব।’ ইউৰোপিয়ান ইউনিয়ন ভাৰতৰ অন্যতম বৃহত্তম বাণিজ্য সহযোগী। ৰিপ’ৰ্টত কোৱা হৈছে যে ২০২৩-২৪ বৰ্ষত দুয়োখন দেশৰ মাজত বাণিজ্য হৈছে ১৩৫ বিলিয়ন ডলাৰৰ। অনুমান কৰা হৈছে এই নতুন চুক্তিয়ে মার্কিন নিৰ্ভৰতা কমাই ইউৰোপৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত জোৱাৰ আনিব। উল্লেখ্য যে ২০০৭ বৰ্ষৰ পৰাই এই চুক্তিক লৈ আলোচনা চলিছিল ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত। সুদীর্ঘ ১৮ বছৰৰ চেষ্টাৰ পিছত অৱশেষত মঙলবাৰে এই ঐতিহাসিক চুক্তি বাস্তৱায়িত হয়। যাক ‘মাদাৰ অৱ অল ডীলছ’ আখ্যা দিছে ইউৰোপিয়ান কমিছনৰ অধ্যক্ষা উৰসুলা ভন ডেৰ লিয়েনে। ইউৰোপিয়ান ইউনিয়নত মুঠ ২৭খন দেশ আছে। মঙলবাৰে ২৭খন দেশৰ ব্লকৰ শীৰ্ষ নেতাসকলৰ সৈতে শীৰ্ষ আলোচনাত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ”আজি ভাৰতে ইউৰোপীয় সংঘৰ সৈতে ইতিহাসৰ সৰ্ববৃহৎ মুক্ত বাণিজ্য চুক্তি (FTA) সম্পাদন কৰিছে ।”

সংবাদ মাধ্যমৰ বিবৃতিত মোদীয়ে কয়, ”এয়া কেৱল বাণিজ্যিক চুক্তি নহয়, এয়া সমৃদ্ধিৰ বাবে ভাগ-বতৰা কৰাৰ নতুন ব্লুপ্ৰিণ্ট ।” দুয়োপক্ষই কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব চুক্তি আৰু গতিশীলতা চুক্তিও স্বাক্ষৰ কৰে । ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আয়ুক্ত মাৰ’ছ চেফকোভিচ আৰু কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলৰ মাজত এফটিএৰ সিদ্ধান্তৰ নথি-পত্ৰৰ আদান-প্ৰদান কৰা হয় । এই ঘোষণাই ভাৰত-ইউৰোপীয় ইউনিয়নৰ অৰ্থনৈতিক সম্পৰ্ক আৰু মূল বিশ্ব অংশীদাৰৰ সৈতে বাণিজ্যিক সংযোগৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে । ২৭খন দেশৰ এই গোটৰ সৈতে বাণিজ্যিক বুজাবুজিত কি কি বিষয় আছে তাক চৰকাৰীভাৱে এতিয়াও জনোৱা হোৱা নাই যদিও সূত্ৰৰ খবৰ মতে, যিবোৰ গাড়ীৰ আমদানি মূল্য ১৫ হাজাৰ ইউৰোৰ (ভাৰতীয় মুদ্রাত ৬ লাখ ১৬ হাজাৰ টকা) বেছি, সেইবোৰ গাড়ীৰ ওপৰত শুল্ক হ্রাস পাব। এনে ক্ষেত্ৰত দেশৰ বজাৰত সস্তা হ’ব বিএমডব্লিউ, মাৰ্ছিডিজ বেঞ্জৰ দৰে ইউৰোপিয়ান ইউনিয়নৰ গাড়ীসমূহ। স্মর্তব্য যে বর্তমানে ইউৰোপৰ পৰা আমদানিকৃত গাড়ীৰ ওপৰত ১১০ শতাংশ শুল্ক আছে। সূত্ৰৰ খবৰ মতে, চুক্তিৰ পিছত এই শুল্ক কমি ৪০ শতাংশৰ আশে-পাশে নামি আহিব পাৰে। কেৱল সেয়াই নহয়, ভাৰত-ইউৰোপ বাণিজ্য চুক্তি সম্পন্ন হ’লে বিদেশী ৱাইনৰ ওপৰতো শুল্ক কমোৱা হ’ব। ফলত দেশৰ বজাৰত সস্তা হ’ব বিদেশী সুৰা। যদিও এই চুক্তিৰ মাজত ভাৰতৰ গাখীৰ, দুগ্ধজাত পণ্য আৰু কৃষিক্ষেত্ৰক ৰখা হোৱা নাই বুলি জানিব পৰা গৈছে। তথাপি উৎপাদন, প্রযুক্তি, শক্তিসম্পন্ন, ঔষধৰ দৰে ক্ষেত্ৰসমূহক চুক্তিৰ আওতালৈ অনা হৈছে বুলি খবৰ ওলাইছে। চুক্তিত স্বাক্ষৰ হ’লেও চুক্তিখন সম্পূৰ্ণৰূপে বাস্তৱায়িত হ’বলৈ সময় লাগিব বুলি জানিব পৰা গৈছে। আনুমানিক ২০২৭ বৰ্ষৰ পৰা আৰম্ভ হ’ব ভাৰত-ইউৰোপ মুক্ত বাণিজ্য