ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত প্রতিৰক্ষা চুক্তিত স্বাক্ষৰিত

ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত প্রতিৰক্ষা চুক্তিত স্বাক্ষৰিত

ৰঙিলী বাৰ্ত্তাসেৱা– ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিশেষ ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হৈছেহি।  ভ্রমণ কালতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠকত দুয়োখন দেশৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ’ব। উল্লেখ্য যে বিশেষকৈ পাকিস্তানক বিধ্বস্ত কৰা ‘সুদর্শন চক্র’ এছ-৪০০ক লৈ নতুন চুক্তি সম্পাদন কৰাৰ বিষয়ে  বৈঠকতে আলোচনা কৰা হ’ব । তাৰ মাজতেই   বৈঠকৰ পূৰ্বেই ভাৰতৰ সৈতে নতুন প্ৰতিৰক্ষা চুক্তিৰ কথা ঘোষণা কৰিছে মার্কিন যুক্তৰাষ্ট্ৰই। সাম্প্রতিক বিশ্ব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনীয়া ভাৰত-ৰাছিয়া সহযোগিতাৰ পৰম্পৰাক ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া ভাৰত ভ্ৰমণে পুনৰ মজবুত কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে এনে এটা বাতৰি নিশ্চয়কৈ তাৎপর্যপূর্ণ। জানিব পৰা মতে ভাৰতীয় নৌবাহিনীৰ এমএইচ-৬০ ছিহক হেলিকপ্টাৰৰ বাবে ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত  প্রতিৰক্ষা চুক্তিত স্বাক্ষৰিত হৈছে। এই বিষয়ে এক্স হেন্ডেলত এটি পোষ্ট দিছে মার্কিন স্টেট ডিপার্টমেন্টে।  তাৎপর্যপূর্ণ পোষ্টটোত কোৱা হৈছে যে ছিহক হেলিকপ্টাৰ ক্ৰয়ৰ বাবে ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মাজত ৭,৯৯৫ কোটি টকাৰ চুক্তি স্বাক্ষৰ হৈছে। এক্স হেণ্ডেলৰ প’ষ্টটোত কোৱা হৈছে- ভাৰতৰ সৈতে আমাৰ প্ৰতিৰক্ষা সম্পৰ্কৰ ক্ষেত্ৰত এটা বিশেষ খবৰ”। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রালয়ে লকহিড মার্টিনৰ দ্বাৰা নির্মিত ২৪খন এমএইচ-৬০ আৰ ছিহক হেলিকপ্টাৰৰ বাবে এটা পেকেজত চহী কৰিছে। ৯৪৬ মিলিয়ন ডলাৰৰ এই পেকেজে ভাৰতীয় নৌবাহিনীৰ সামুদ্রিক ক্ষমতা বৃদ্ধি কৰিব।’ ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ নৌবাহিনীৰ সক্ষমতা বৃদ্ধিত এই চুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। তেওঁ লগতে ভাৰতক স্থানীয় অন্যান্য দেশৰ পৰিকাঠামো ৰক্ষণাবেক্ষণ কৰাত বিদেশী পৰিসেৱাৰ ওপৰত নিৰ্ভৰশীলতা কমোৱাত আৰু সামুদ্রিক অভিযানত হেলিকপ্টাৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব। উল্লেখযোগ্য যে ২০২০ চনতো এখন বিদেশী সামৰিক চুক্তিত এমএইচ-৬০ আৰ ছিহক হেলিকপ্টাৰ ক্ৰয় কৰে।