ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ)ত মুকলি অসম মণ্ডপ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু এ আই ডি চি লিমিটেডৰ এম ডি ড০ পি উদয় প্ৰবীনে বৃহস্পতিবাৰে ইয়াৰ প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপমত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ) ২০২৪ত অসম পেভিলিয়ন উদ্বোধন কৰে ।ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনৰ উদ্যোগত ১৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত কৰা হৈছে ৪৩ সংখ্যক আই আই টি এফ। পৰম্পৰাগতভাৱে বন্তি প্ৰজ্জ্বলনৰ দ্বাৰা অসম মণ্ডপটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ড০ প্ৰবীণে কয় যে এই বাণিজ্য মেলাখনে ৰাজ্যখনক মূল খণ্ডসমূহত নিজৰ প্ৰচুৰ সম্ভাৱনা প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব । এইবাৰৰ ‘বিকশিত ভাৰত ২০৪৭’ শীৰ্ষক অনুষ্ঠানটোৱে, অসমৰ শক্তিশালী ঔদ্যোগিক বৃদ্ধি আৰু উন্নয়ন, ভৱিষ্যতমুখী পদক্ষেপ আৰু পৰিৱৰ্তনশীল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘বিকশিত অসম’ৰ দৃষ্টিভংগী প্ৰদৰ্শনৰ বাবে ৰাজ্যখনক এক আদৰ্শ মঞ্চ প্ৰদান কৰিছে। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে স্থাপন কৰা অসম পেভিলিয়নত মুঠ ৩৬ খন বিপনী আছে য’ত হস্ততাঁত বস্ত্ৰৰ পৰা আৰম্ভ কৰি মেটেকা শিল্প আৰু চাহৰ পৰা পিতলৰ ধাতুলৈকে বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। অসম পৰ্যটন, অসম ঔদ্যোগিক উন্নয়ন নিগম, নেডফি, চাহ সঞ্চালকালয়, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ, তথ্য আৰু জনসংযোগ সঞ্চালকালয় আৰু অসম চৰকাৰী বিপণন নিগম লিমিটেডৰ দৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু উদ্যোগসমূহে এই মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । অসম মণ্ডপত এম এছ এম ই খণ্ডৰ সুপ্ৰতিনিধিত্ব আছে । বাঁহ-বেত, হস্ততাঁত আৰু হস্তশিল্প, টেৰাকোটা, কাঠ শিল্প, পিতলৰ ধাতু, খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰী, আগৰ আৰু চাহ বিপনীসমূহে অসমৰ উদ্যোগী মনোভাৱক প্ৰতিফলিত কৰিছে। এই মেলাত ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট (অ’ডিঅ’পি) আৰু ৰাজ্যখনৰ পৰা উদীয়মান ষ্টাৰ্টআপেও অংশগ্ৰহণ কৰিছে । অসম পেভিলিয়নে উৎপাদন, প্ৰযুক্তি, পৰ্যটন, আৰু আন্তঃগাঁথনিকে ধৰি বিভিন্ন খণ্ডত ৰাজ্যখনৰ অগ্ৰগতিৰ লগতে পূব ভাৰতৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰিছে। দৰ্শকে অসমৰ অভূতপূৰ্ব উন্নয়ন যাত্ৰা আৰু ইয়াৰ ভৱিষ্যতৰ বহুতো পদক্ষেপ যেনে ৰাজ্যখনক উচ্চ প্ৰযুক্তি উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত কৰি তোলা, দক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰা আৰু প্ৰযুক্তিগত বৃদ্ধিত সহায় কৰাৰ লক্ষ্যৰে উন্নত অৰ্ধপৰিবাহী সুবিধাসমূহৰ বিকাশৰ বিষয়ে জানিব পাৰিব। এই পেভিলিয়নত নবীকৰণযোগ্য শক্তি খণ্ডত ৰাজ্যখনে গুৰুত্ব দিয়া, অ’ডিঅ’পিক প্ৰসাৰিত কৰিবলৈ ইউনিটি মল প্ৰকল্প স্থাপন কৰা, আৰু সমগ্ৰ সম্প্ৰদায়ৰ মাজত সুলভতা বৃদ্ধিৰ বাবে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰা হৈছে। ইয়াৰ উপৰিও বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে অসমৰ বিকাশক একাকাৰ কৰাৰ লক্ষ্যৰে আঁচনি আৰু নীতিসমূহ উপস্থাপন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অহা ২২ নৱেম্বৰত ‘অসম দিৱস’ অনুষ্ঠিত কৰা হ’ব, য’ত দৰ্শকে পৰম্পৰাগত সংগীত, নৃত্য আৰু কলাত্মক পৰিবেশনৰ জৰিয়তে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক অনুধাৱন কৰিব পাৰিব। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ দিশত শিখৰত উপনীত হোৱা এখন বিকশিত অসমৰ ব্যাপক দৃষ্টিভংগীৰ অভিজ্ঞতা লাভ কৰিবলৈ অসম পেভিলিয়নে দৰ্শনাৰ্থী, ব্যৱসায়িক নেতা, আৰু উদ্যোগ বিশেষজ্ঞসকলক উষ্ম আমন্ত্ৰণ জনাইছে৷