ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

Pc The Economic Times

ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়

ৰঙিলী বাৰ্ত্তাসেৱা-  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হ’ব৷ বৰ্তমানৰ ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) ইউ ইউ ললিতে আইন মন্ত্ৰী কিৰেন ৰিজিজুলৈ   চন্দ্ৰচূড়ৰ নামত অনুমোদন জনাই পত্ৰ প্ৰেৰণ কৰিছে৷ ন্যায়াধীশ ললিতে ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব৷ ন্যায়াধীশ চন্দ্ৰচূড়ে ৯ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব৷ ন্যায়াধীশ ললিতে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ উপস্থিতিত চন্দ্ৰচূড়ক তেওঁৰ অনুমোদন-পত্ৰৰ এটা প্ৰতিলিপি অৰ্পণ কৰে৷ উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূড়ৰ দেউতাক যশৱন্ত চন্দ্ৰচূড় দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে তেওঁ চি জে আই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইফালে ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল হ’ব ২০২২ চনৰ ৯ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১০ নৱেম্বৰলৈ৷ দেউতাকৰ পাছত ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ডি ৱাই চন্দ্ৰচূড়েই হ’ব প্ৰথম ব্যক্তি৷