ভাৰতৰ ১৫খন চহৰলৈ পাকিস্তানে নিক্ষেপ কৰা ক্ষেপণাস্ত্র ধ্বংস ভাৰতীয় সেনাৰ

ভাৰতৰ ১৫খন চহৰলৈ পাকিস্তানে নিক্ষেপ কৰা ক্ষেপণাস্ত্র ধ্বংস ভাৰতীয় সেনাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত চিৰবৈৰী ৰাষ্ট্ৰখনে চলোৱা আক্ৰমণৰ প্ৰত্যাক্ৰমণৰূপে অপাৰেচন সিন্দূৰৰ দ্বিতীয় দিনা ভাৰতে ৰাজধানী ইছলামাবাদকে ধৰি চুবুৰীয়া দেশখনৰ ১০খন চহৰত বিধ্বংসী আক্ৰমণ চলায়। আৰব সাগৰত নিয়োজিত ভাৰতৰ যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্তক প্ৰথমবাৰৰ  বাবে চিৰবৈৰী দেশখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়। যুদ্ধ জাহাজখনৰ লগতে নৌ সেনাৰ ডেষ্ট্ৰয়াৰৰ জৰিয়তে চলোৱা প্রচণ্ড আক্ৰমণত বিধ্বস্ত হয় কৰাচী বন্দৰ। কৰাচীৰ আন্তঃৰাষ্ট্ৰীয় বন্দৰৰ লগতে সাগৰীয় উপকূলৰ বাণিজ্য চহৰখনতো কেইবাটাও বিস্ফোৰণ ঘটায় নৌ সেনাই। ফলত চহৰখনৰ বিস্তৰ ক্ষতি হৈছে।ইতিপূর্বে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল ভাৰতৰ বায়ুসেনাই বিফল কৰাৰ পাছতেই ভাৰতীয় সেনাই পাকিস্তানৰ ৯খন চহৰত ড্রোনেৰে আক্ৰমণ কৰে। পাকিস্তানৰ ৰাৱালপিণ্ডি, লাহোৰ, গুজৰনৱালা, চকৱাল, এটক, বাহাৱালপুৰ, মিএাৱালী, কৰাচী আৰু ছৰোত ভাৰতীয় সেনাই ড্রোনেৰে আক্ৰমণ কৰাত এই চহৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। কাৰ্যতঃ ভাৰত আৰু পাকিস্তানৰ মাজত আক্রমণ-প্রত্যাক্রমণে এখন পূর্ণাংগ যুদ্ধৰ সম্ভাৱনা প্রকট কৰি তুলিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা ভাৰত আৰু পাকিস্তানৰ মিছাইল-ড্রোন আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ পৰা পঞ্জাবলৈকে এলঅ’চি আৰু সীমান্তত মর্টাৰেৰে ধাৰাসাৰ আক্ৰমণ চলাইছে। ভাৰতীয় সেনাই এই আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দি আছে। জম্মু-কাশ্মীৰৰ এলঅ চিত পাক সেনাৰ গোলাবর্ষণত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানী সেনাই নিক্ষেপ কৰা মিছাইল আৰু ড্রোন ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই ব্যর্থ কৰিছে। জম্মুৰ মাজ আকাশতে পাকিস্তানী মিছাইল আৰু ড্রোন ভাৰতীয় সেনাই ধ্বংস কৰিছে। মঙলবাৰে নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে ৯টা স্থানত সন্ত্রাসবাদীৰ শিবিৰত মিছাইলেৰে আক্ৰমণ কৰি শিবিৰসমূহ বিধ্বস্ত কৰাৰ লগতে শতাধিক সন্ত্রাসবাদীক নিহত কৰাৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে। এই মিছাইল মাজ আকাশতে ধ্বংস কৰে ভাৰতীয় সেনাই। তথ্য মতে, পাকিস্তানী সেনাই ভাৰতৰ অৱন্তিপুৰা, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাতিন্দা, চণ্ডীগড়, নাল, ফালদী, উত্তৰলাই, ভুজলৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰে। এই চহৰকেইখনত থকা সামৰিক প্ৰতিষ্ঠানৰ প্ৰতি পাকিস্তানে নিক্ষেপ কৰা মিছাইল ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্রতিহত কৰে। মাজ আকাশতে এই মিছাইলকেইটা ধ্বংস কৰি পেলায়। পাকিস্তানে ভাৰতৰ ১৫খন চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইলকেইটা বায়ুসেনাৰ এছ ৪০০ সুদর্শন চক্র, বায়ু প্ৰতিৰক্ষা মিছাইল ব্যৱস্থাৰ দ্বাৰা প্রতিহত কৰে। অত্যাধুনিক শক্তিশালী এছ ৪০০ বায়ু প্ৰতিৰক্ষা মিছাইলে পাকিস্তানৰ সকলো মিছাইলৰ আক্রমণ বিফল কৰে। ভাৰতৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তৰ সামৰিক প্ৰতিষ্ঠানত পাক সেনাই লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল প্রতিহত কৰাৰ পাছতেই ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক আক্ৰমণৰ লক্ষ্য কৰি লয়। পাকিস্তানৰ ৯খন চহৰত থকা বায়ু প্ৰতিৰোধী ব্যৱস্থাৰ ওপৰত ভাৰতীয় সেনাই ড্রোন নিক্ষেপ কৰে। এই আটাইকেইটা ড্রোন নির্ধাৰিত লক্ষ্যত বিস্ফোৰিত হৈ পাকিস্তানৰ বায়ু প্ৰতিৰোধী ব্যৱস্থাৰ বিস্তৰ ক্ষতিসাধন কৰে। ভাৰতৰ ড্ৰোনৰ আক্ৰমণত পাকিস্তানৰ এয়াৰ প্ৰতিৰক্ষা ব্যৱস্থা বিধ্বস্ত হৈ পৰে। হার্পি ড্রোনেৰে পাকিস্তানী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত আঘাত হানিবলৈ সক্ষম হয় ভাৰতীয় সেনা। ভাৰতৰ ড্ৰোনৰ আক্ৰমণত লাহোৰৰ ৱাল্টন বিমানবন্দৰৰ বিস্তৰ ক্ষতিসাধন হয়। লাহোৰৰ লগতে কৰাচী, গুজৰনৱালা আৰু ৰাৱালপিণ্ডিত সামৰিক বাহিনীৰ কাৰ্যালয়ত ভাৰতীয় ড্রোনে বিস্ফোৰণ ঘটায়। ৰাৱালপিণ্ডিত ড্রোনৰ বিস্ফোৰণত ৰাৱালপিণ্ডি ষ্টেডিয়ামৰ বিস্তৰ ক্ষতিসাধন হৈছে। ভাৰতৰ এই নির্ভুল আক্ৰমণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানে দেশীয় আৰু আন্তর্জাতিক বিমানৰ উৰণ বন্ধ কৰিছে। বিমানবন্দৰসমূহ বন্ধ ঘোষণা কৰিছে। শেহতীয়া তথ্য মতে, পাকিস্তানী সেনাৰ জম্মু-কাশ্মীৰৰ এলঅ’চি আৰু পঞ্জাবৰ সীমান্তত ধাৰাসাৰ গোলাবৰ্ষণৰ ফলত অঞ্চলসমূহত হাই এলার্ট জাৰি কৰা হৈছে। পঞ্জাবৰ কেইবাখনো জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে। তথ্য মতে, জম্মু সীমান্তত পাকিস্তানৰ এফ ১৬ যুঁজাৰু বিমান এখনো ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰিছে। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ জম্মু, চম্বা, আখনুৰ, আৰএছ ছেক্টৰ, উৰি, পুঞ্চ আদি অঞ্চলত পাক সেনাৰ নিৰ্বিচাৰ গোলাবৰ্ষণৰ ফলত ব্লেক আউট ঘোষণা কৰা হৈছে। জম্মু-কাশ্মীৰৰ পৰা পঞ্জাবলৈকে সীমান্তত পাক সেনাৰ গোলাবর্ষণক ভাৰতীয় সেনাই যথোচিত প্ৰত্যুত্তৰ দি আছে। প্রতি ক্ষণে ক্ষণে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাই নহয়, এখন পূর্ণাংগ পৰ্যায়ৰ যুদ্ধৰ আশংকা বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে পাকিস্তানে ভাৰতলৈ লক্ষ্য কৰি নিক্ষেপ কৰা মিছাইল আৰু ড্রোন ভাৰতীয় বায়ু সেনাবাহিনীয়ে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে।