ভাৰতৰ হাতত ৮৮ ৰানত পৰাস্ত পাকিস্তান

ভাৰতৰ হাতত ৮৮ ৰানত পৰাস্ত পাকিস্তান

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে। দেওবাৰে অনুষ্ঠিত মহিলা বিশ্বকাপৰ এখন মেচত পাকিস্তান দলটোক ৮৮ ৰানত পৰাস্ত কৰে ভাৰতীয় দলটোয়ে । কলম্বোৰ প্রেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জয়লাভ কৰি বেটিঙৰ আমন্ত্রণ লাভ কৰা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ২৪৭ ৰান সংগ্ৰহ কৰে। অপেনাৰ প্রতীকা ৰাৱাল (৩১) আৰু স্মৃতি মান্ধানা (২৩)ই সুন্দৰ আৰম্ভণি দিয়াৰ পিছত হার্লিন দেউলে ৪৬ ৰানৰ এটি সুন্দৰ ইনিংছেৰে ভাৰতক শক্তিশালী স্থিতিত উপনীত কৰায়। দলটোৰ হৈ জেমিমা ৰড্রিগেজে ৩২, দিপ্তী শৰ্মাই ২৫, স্নেহ ৰানাই ২০ আৰু ৰিছা ঘোষে অপৰাজিত ৩৫ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ ডায়েনা বেগে সর্বাধিক চাৰিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৪৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ৰান সংগ্ৰহ কৰে। দলৰ হৈ দর্শনীয় বেটিঙেৰে ছিদ্রা আমিনে সর্বাধিক ৮১ ৰান সংগ্ৰহ কৰে। নাটালিয়া পাৰভেজে দ্বিতীয় সর্বোচ্চ ৩৩ ৰান কৰে। কিন্তু ছিদ্রা আৰু নাটালিয়াৰ বিদায়ৰ পিছতে পাকিস্তানৰ বিজয়ৰ আশা নির্বাপিত হয়। ভাৰতৰ হৈ ক্রান্তি গৌৰ আৰু দিপ্তী শর্মাই তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰানাই দুটা উইকেট দখল কৰে। এই বিজয়ৰ লগে লগে ভাৰতে পাকিস্তানৰ বিপক্ষে খেলা ১২খন মেচৰ আটাইকেইখনতে বিজয়ী হয়।