ভাৰতৰ হাতত ১৭ ৰানত পৰাস্ত নেদাৰলেণ্ডছ

Pc ESPN Cricinfo

ভাৰতৰ হাতত ১৭ ৰানত পৰাস্ত নেদাৰলেণ্ডছ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত টি-২০ বিশ্বকাপৰ বুধবাৰে অনুষ্ঠিত গ্রুপ এৰ মেচখনত ভাৰতে নেদাৰলেণ্ডছক ১৭ ৰানত পৰাস্ত কৰে। ডিফেণ্ডিং চেম্পিয়ন ভাৰতে গ্ৰুপৰ চাৰিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি মুঠ ৮ পইন্টেৰে শীৰ্ষস্থানত আছে। মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৯৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাছ ডি লিডেৰ ৩৩, জেক লায়ন-কেচেটৰ ২৬, ন’হ ক্ৰ’ছৰ অপৰাজিত ২৫ আৰু অ’পেনাৰ মাইকেল লেভিটৰ ২৪ ৰানৰ সহায়ত নেদাৰলেণ্ডছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৭৬ ৰান কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে ৩টা, ডুবেই ২টা, বুমৰাহ আৰু হার্দিকে এটাকৈ উইকেট লয়।  আনহাতে প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও শিৱম ডুবেৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৯৩ ৰান কৰে। ডুবেই ৩১টা বলত ৪টা চাৰি আৰু ৬টা ছয়েৰে ৬৬ ৰান কৰে। ইফালে, অধিনায়ক সূর্যকুমাৰ যাদৱে ৩৪, তিলক বার্মাই ৩১ আৰু হার্দিক পাণ্ডিয়াই ৩০ ৰানৰ অৱদান আগবঢ়ায়। বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মাই পুনৰ কোনো ৰান নকৰাকৈ বিদায় লয়। আনহাতে, ঈশান কিশনে ১৮ ৰান কৰি বিদায় লয়। নেদাৰলেণ্ডছৰ হৈ ল’গান ভান বীকে সর্বাধিক তিনিটা উইকেট লাভ কৰে।