ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ভূত চিকাৰী (Ghost hunter ) “গৌৰৱ তিৱাৰী” আৰু এক অমীমাংসিত ৰহস্য
কাজি শ্বাহাদত ইছলাম
সোনাইঘুলী, গুৱাহাটী
বিজ্ঞানৰ চিঁৰিয়েদি ওপৰলৈ উঠি মুক্ত আকাশত উৰি ফুৰা এজন মানুহ । যাৰ পেশাও বিজ্ঞানৰ আৱৰ্তনৰ ভিতৰত , এদিন হঠাৎ মানুহজনে যেতিয়া অবৈজ্ঞানিক বিষয় এটাত প্ৰৱেশ কৰি নিজৰ সপোনৰ পেশাটোকো ত্যাগ কৰিব বিচাৰিব , তেতিয়া আচৰিত লাগিব নহয়নে ? হয় , তলত তেনে এজন মানুহৰ কথাকে আলোচনা কৰিব ওলাইছোঁ। নাম তেওঁৰ গৌৰৱ তিৱাৰী । ভাৰতীয় পেৰানৰ্মেল গৱেষণাৰ ইতিহাসত গৌৰৱ তিৱাৰী এক অবিস্মৰণীয় নাম। এজন বৈমানিক (Pilot) হিচাপে জীৱন আৰম্ভ কৰি ভাৰতৰ আটাইতকৈ প্ৰখ্যাত “পেৰানৰ্মেল ইনভেষ্টিগেটৰ” হৈ পৰা গৌৰৱৰ জীৱনটো কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল। যিয়ে গোটেই জীৱন বিজ্ঞানৰ সঁজুলিৰে ভূতৰ অস্তিত্বৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিছিল, তেওঁৰ মতে, “যদি সেইবোৰ শক্তি হয়, তেন্তে সেই শক্তিৰো এক নিজস্ব অস্তিত্ব আৰু অধিকাৰ আছে।” অৱশ্যে তেওঁৰ নিজৰ মৃত্যুৱেই আজিলৈকে এক ডাঙৰ ৰহস্য হৈ ৰৈ গৈছে।
গৌৰৱ তিৱাৰীৰ জন্ম হৈছিল ২ ছেপ্টেম্বৰ ১৯৮৪ চনত বিহাৰৰ (Bihar) এখন সৰু চহৰত , যদিও তেওঁৰ পৰিয়ালটো পিছলৈ দিল্লীত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। তেওঁৰ শৈশৱ আৰু কৈশোৰৰ বেছিভাগ সময় উত্তৰ ভাৰত আৰু বিশেষকৈ দিল্লীতে অতিবাহিত হৈছিল। গৌৰৱ তিৱাৰীৰ প্ৰাৰম্ভিক জীৱনৰ পটভূমিত তেওঁৰ পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ পিতৃ উদয় তিৱাৰীৰ সমৰ্থনৰ বাবেই তেওঁ প্ৰথমে এজন পাইলট হোৱাৰ সাহস কৰিছিল আৰু পিছলৈ সম্পূৰ্ণ এক পৃথক তথা ৰহস্যময় জগতত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল। দিল্লীত ডাঙৰ-দীঘল হোৱা বাবে তেওঁৰ মাজত এক আধুনিক আৰু যুক্তিবাদী দৃষ্টিভংগী গঢ় লৈ উঠিছিল। যিটোৱে তেওঁক পৰম্পৰাগত ‘তান্ত্ৰিক’ বা ‘বেজ’তকৈ পৃথক কৰি এজন বৈজ্ঞানিক অনুসন্ধানকাৰী হিচাপে গঢ়ি তুলিছিল। গৌৰৱ তিৱাৰীৰ শিক্ষা জীৱন আছিল যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ।তেওঁ বিহাৰত জন্মগ্ৰহণ কৰিলেও তেওঁৰ শিক্ষা আৰু কেৰিয়াৰৰ বাবে তেওঁ বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। তেওঁ কেৱল এভিয়েশ্যন বা বিমান চালনাৰ শিক্ষাই লৈছিল এনে নহয়, তেওঁ অভিনয় আৰু পেৰানৰ্মেল বিজ্ঞানৰো উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ স্কুলীয়া শিক্ষা মূলতঃ দিল্লীতে সম্পূৰ্ণ কৰিছিল। তেওঁ এজন মেধাৱী ছাত্ৰ আছিল আৰু শৈশৱৰে পৰা নতুন কিবা এটা জনাৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ আছিল। পাইলট হোৱাৰ আগতে তেওঁ কিছু সময় অভিনয়ৰ প্ৰতিও আকৰ্ষিত হৈছিল।তেওঁ হাৰিয়ানাৰ এখন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ শিক্ষা লৈছিল। ইয়াৰ পিছত তেওঁ কিছুমান বিজ্ঞাপন আৰু টেলিভিছন ধাৰাবাহিকতো সৰু-সুৰা কাম কৰিছিল।
তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল আকাশত উৰাৰ সপোনেৰে। ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ(Texas)ৰ হিউষ্টন(Huoston)ত থকা এক উড্ডয়ন একাডেমীত ভৰ্তি হয়।তাত তেওঁ কঠোৰ পৰিশ্ৰম কৰি Commercial Pilot License (CPL) লাভ কৰে।
বাণিজ্যিক পাইলটৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে প্ৰথমবাৰৰ বাবে এক বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হয়। তেওঁ বাস কৰা এপাৰ্টমেণ্টটোত কিছুমান অস্বাভাৱিক শব্দ আৰু এজনী সৰু ছোৱালীৰ অবয়ব দেখাৰ পিছত তেওঁৰ মনত কৌতূহলৰ সৃষ্টি হয়। এজন যুক্তিবাদী মানুহ হিচাপে তেওঁ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা বিচাৰিবলৈ ধৰে আৰু এইদৰেই তেওঁৰ কেৰিয়াৰ সলনি হয়। ২০০৯ চনৰ মাজভাগত তেওঁ পাইলটৰ চাকৰি এৰি আমেৰিকাৰ পৰা পেৰানৰ্মেল ইনভেষ্টিগেচনত প্ৰশিক্ষণ লৈ ভাৰতলৈ উভতি আহে আৰু IPS অৰ্থাৎ ইণ্ডিয়ান পেৰানৰ্মেল চচাইটি(Indian Paranormal Society)ৰ প্ৰতিষ্ঠা কৰে।
IPS (Indian paranormal society)-ৰ মূল মন্ত্ৰ আছিল— “Humanity over Fear” অৰ্থাৎ ভয়তকৈ মানৱতা আগত। আৰু ইয়াৰ মূল উদ্দেশ্যসমূহ আছিল অতি স্পষ্ট আৰু বৈজ্ঞানিক। তেওঁলোকে কেৱল ভূত বিচাৰি ফুৰা নাছিল, বৰঞ্চ সমাজত প্ৰচলিত অন্ধবিশ্বাসবোৰৰ মূল হোতা বিচাৰি উলিয়াই তাক সমূলে দূৰ কৰিবলৈহে চেষ্টা কৰিছিল।
ইয়াৰ মূল উদ্দেশ্যসমূহ বিতংভাৱে তলত আলোচনা কৰা হ’ল:
১. অন্ধবিশ্বাস দূৰ কৰা (Removing Superstitions)
ভাৰতীয় সমাজত বহুলভাৱে প্ৰচলিত বিষয় হ’ল অন্ধবিশ্বাস আৰু কাল্পনিক (যদিও যুক্তিহীন) শক্তিৰ প্ৰতি ভয়ভাৱ থকা। এইবোৰক বৈজ্ঞানিক যুক্তিৰে প্ৰত্যাহ্বান জনোৱা আছিল তেওঁলোকৰ প্ৰধান লক্ষ্য। বহুক্ষেত্ৰত মানুহে যাক “ভূতৰ কাণ্ড” বুলি ভাবিছিল, গৌৰৱে তাক প্ৰাকৃতিক বা বৈজ্ঞানিক কাৰণ (যেনে- গছৰ ছাঁ, বতাহৰ শব্দ বা মানসিক ভ্ৰম) বুলি প্ৰমাণ কৰিছিল।
২. বৈজ্ঞানিক গৱেষণা (Scientific Research)
অতিপ্ৰাকৃতিক পৰিঘটনাবোৰক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা। তেওঁলোকে বিশ্বাস কৰিছিল যে যাক আমি “ভূত” বুলি কওঁ, সেয়া আচলতে এক প্ৰকাৰৰ শক্তি বা Energy। এই শক্তিক EMF মিটাৰ বা EVP ৰেকৰ্ডাৰৰ দৰে আধুনিক সঁজুলিৰে ধৰা পেলোৱাই আছিল তেওঁলোকৰ কাম।
৩. মানসিক সহায় আগবঢ়োৱা (Mental Support)
যিবোৰ মানুহে ভাবে যে তেওঁলোকৰ ঘৰত কোনো ভূত,প্ৰেত,জ্বীন,আত্মা বা নেতিবাচক শক্তি আছে, সেই পৰিয়ালবোৰক সহায় কৰা। তেওঁলোকে তান্ত্ৰিক বা বেজৰ দৰে মানুহক ঠগোৱাৰ পৰিৱৰ্তে, পৰিয়ালটোক মানসিক সাহস দিছিল আৰু যদি কিবা সমস্যা থাকে, তাৰ যুক্তিসংগত সমাধান দিছিল।
৪. ভয় জয় কৰা (Overcoming Fear)
সাধাৰণ মানুহৰ মনৰ পৰা মৃত্যু আৰু পৰলোকলৈ থকা ভয় আঁতৰ কৰা। গৌৰৱ তিৱাৰীয়ে সদায় কৈছিল— “অজ্ঞানেই হৈছে ভয়ৰ মূল কাৰণ।” যেতিয়া মানুহে কোনো এটা বস্তুৰ বৈজ্ঞানিক ব্যাখ্যা জানিব পাৰে, তেতিয়া তেওঁলোকৰ ভয় নোহোৱা হৈ যায়।
৫. পেৰানৰ্মেল শিক্ষা প্ৰদান (Education)
ভাৰতত পেৰানৰ্মেল ইনভেষ্টিগেচনক এক পেছাদাৰী শাখা হিচাপে গঢ়ি তোলা। তেওঁলোকৰ সংস্থাৰ জৰিয়তে এই বিষয়ত আগ্ৰহী নতুন প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। কাৰণ নতুন প্ৰজন্মৰ হাতত পৰৱৰ্তী সময়ৰ সমাজ তথা দেশৰ ভৱিষ্যত দায়িত্ব আহে ।
তেওঁৰ দলটোৱে বিভিন্ন উচ্চমানৰ সঁজুলি যেনে— EMF Meter, Spirit Box, Laser Grid আৰু EVP Recorder ব্যৱহাৰ কৰি অদৃশ্য শক্তিৰ অনুসন্ধান চলাইছিল। এই ক্ষেত্ৰত তেওঁ প্ৰায় ৬,০০০ তকৈও অধিক ৰহস্যময় স্থান ভ্ৰমণ কৰিছিল।
অনুসন্ধান চলোৱা উল্লেখযোগ্য অনুসন্ধানসমূহ:
গৌৰৱ তিৱাৰীয়ে ভাৰতৰ বহুতো তথাকথিত “অভিশপ্ত” ঠাইত গৈ অনুসন্ধান চলাইছিল। তাৰে ভিতৰত উল্লেখযোগ্য ঠাই আছিল ভানগড় দুৰ্গ ও কুলধাৰা।ৰাজস্থানৰ এই ঠাইবোৰত তেওঁ নিশা কটাইছিল আৰু কিছুমান অস্বাভাৱিক শক্তিৰ উপস্থিতিৰ বৈজ্ঞানিক প্ৰমাণ পাইছিল।
অদৃশ্য শক্তিৰ ভয়ক জয় কৰিবলৈ তেওঁ আনকি হাস্পাতালৰ মৰ্গ ( morgue)-ৰ ভিতৰতো মৃতদেহৰ সৈতে সময় কটাইছিল।
গৌৰৱ তিৱাৰীয়ে টেলিভিছন শ্ব’ : ‘Fear Files’, ‘Bhoot Aaya’ আৰু ‘Haunted Weekends’ ৰ দৰে অনুষ্ঠানৰ জৰিয়তে বৰকৈ জনপ্ৰিয় হৈ পৰিছিল।
Fear files:
এই ধাৰাবাহিকখনৰ মূল বৈশিষ্ট্য আছিল যে ইয়াত দেখুওৱা কাহিনীবোৰ কাল্পনিক নাছিল। ভাৰতৰ বিভিন্ন প্ৰান্তত ঘটা বাস্তৱিক অতিপ্ৰাকৃতিক কাণ্ড বা ‘পেৰানৰ্মেল’ ঘটনাবোৰক ইয়াত পুনৰ নিৰ্মাণ (Reconstruction) কৰি দেখুওৱা হৈছিল।গৌৰৱ তিৱাৰী আছিল এই শ্ব’টোৰ এজন পৰামৰ্শদাতা (Consultant) আৰু বিশেষজ্ঞ। তেওঁ আৰু তেওঁৰ দল ‘ইণ্ডিয়ান পেৰানৰ্মেল চচাইটি’য়ে বহুতো খণ্ডত ব্যৱহৃত হোৱা তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিছিল। তেওঁ নিজে কেইবাটাও খণ্ডত এজন বিশেষজ্ঞ হিচাপে উপস্থিত থাকি সেই নিৰ্দিষ্ট ঘটনাটোৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল।
Bhoot Aaya:
Bhoot Aaya: আছিল ভাৰতীয় দূৰদৰ্শনৰ আন এখন অতি জনপ্ৰিয় ভৌতিক ধাৰাবাহিক, যিখন Sony TV-ত সম্প্ৰচাৰিত হৈছিল। ই ‘Fear Files’-ৰ দৰেই আছিল যদিও ইয়াৰ উপস্থাপন শৈলী কিছু পৃথক আছিল।
গৌৰৱ তিৱাৰী আৰু Indian Paranormal Society-ৰ বাবে এই অনুষ্ঠানটো অতি গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল:
— বাস্তৱ সাক্ষীৰ উপস্থিতি (Real Witnesses):
‘Bhoot Aaya’-ৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আছিল যে যিবোৰ মানুহৰ সৈতে সেই অঘটনবোৰ ঘটিছিল, তেওঁলোকে নিজে কেমেৰাৰ সন্মুখলৈ আহি নিজৰ অভিজ্ঞতাৰ কথা কৈছিল। সেই সঁচা কাহিনীবোৰক ভিত্তি কৰি পৰৱৰ্তী সময়ত নাটকীয় ৰূপ (Dramatization) দিয়া হৈছিল।
–গৌৰৱ তিৱাৰী আৰু তেওঁৰ দলৰ ভূমিকা:
এই অনুষ্ঠানটোত গৌৰৱ তিৱাৰী আৰু তেওঁৰ সংস্থা Indian Paranormal Society (IPS) আছিল অফিচিয়েল ‘পেৰানৰ্মেল পাৰ্টনাৰ’।প্ৰতিটো খণ্ডৰ শেষত গৌৰৱ তিৱাৰীক এজন বিশেষজ্ঞ হিচাপে দেখা গৈছিল।
তেওঁ সেই নিৰ্দিষ্ট ঘটনাটো বিশ্লেষণ কৰিছিল আৰু তাৰ আঁৰত কি ধৰণৰ আত্মা বা শক্তি (যেনে: Poltergeist, Residual Energy, বা Shadow Person) আছিল, সেই বিষয়ে বৈজ্ঞানিক ধাৰণা দিছিল।
–অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ:
এই শ্ব’টোৰ এটা মূল উদ্দেশ্য আছিল মানুহক ভণ্ড তান্ত্ৰিকৰ পৰা ৰক্ষা কৰা। গৌৰৱে প্ৰায়ে কৈছিল যে বহুতো সমস্যা যিবোৰ মানুহে ভূত বুলি ভাবে, সেইবোৰ আচলতে মানসিক ৰোগ বা ঘৰৰ পৰিৱেশৰ দোষত হয়। তেওঁ দৰ্শকক এইবোৰৰ মাজৰ পাৰ্থক্য বুজাই দিছিল।
–আধুনিক সঁজুলিৰ ব্যৱহাৰ:
‘Bhoot Aaya’ অনুষ্ঠানটোত গৌৰৱ তিৱাৰীয়ে ব্যৱহাৰ কৰা উচ্চমানৰ সঁজুলিবোৰ (যেনে: Thermal Camera, Motion Sensors) দৰ্শকৰ বাবে অতি আকৰ্ষণীয় আছিল। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে অতিপ্ৰাকৃতিক অনুসন্ধান কেৱল এটা ধাৰণা নহয়, ই এক বিজ্ঞান।
এই ধাৰাবাহিকখনে গৌৰৱ তিৱাৰীক এজন “পেৰানৰ্মেল এক্সপাৰ্ট” হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত এক মজবুত মৰ্যাদা দিছিল। মানুহে বুজি উঠিছিল যে তেওঁ কেৱল এজন অভিনেতা নহয়, বৰঞ্চ এজন প্ৰকৃত বিশেষজ্ঞ যিয়ে জীৱনৰ বিপদাপদ নেওচিও সত্যৰ সন্ধান কৰে।
গৌৰৱৰ জীৱনৰ আটাইতকৈ কৰুণ আৰু ৰহস্যময় অধ্যায়টো আছিল তেওঁৰ মৃত্যু। ২০১৬ চনৰ ৭ জুলাইত দিল্লীৰ নিজৰ বাসগৃহৰ স্নানাগাৰত তেওঁক অচেতন অৱস্থাত পোৱা যায়। তেওঁৰ ডিঙিত এটা গভীৰ ক’লা দাগ আছিল।মৃত্যুৰ কিছু দিন আগৰে পৰাই গৌৰৱে তেওঁৰ পত্নী আৰ্য্যক কৈছিল যে কোনোবা এটা অদৃশ্য নেতিবাচক শক্তিয়ে তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত তেওঁ দিল্লীৰ জনকপুৰীৰ এটা পৰিয়ালত এজনী সৰু ছোৱালীৰ আত্মাৰ বিষয়ে অনুসন্ধান চলাই আছিল।আৰক্ষীৰ মতে এইটো এটা আত্মহত্যা আছিল যদিও তেওঁৰ পৰিয়াল আৰু অনুগামীসকলে আজিও ইয়াক মানি ল’ব পৰা নাই।যাৰ বাবে গৌৰৱ তিৱাৰীৰ মৃত্যু আজিও বহুতো ৰহস্যৰে আৱৰ্ত হৈ আছে। আৰক্ষীৰ প্ৰতিবেদনত ইয়াক আত্মহত্যা বুলি কোৱা হৈছিল যদিও, তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ মতে ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে।
গৌৰৱ তিৱাৰীয়ে আত্মহত্যা কৰা নাই বুলি ভবাৰ কেইটামান প্ৰধান যুক্তি তলত দিয়া হ’ল:
–এজন মানুহ যিয়ে হাজাৰ হাজাৰ লোকক ভয়ৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিল, যিয়ে ভূত বুলি একো নাই বুলি বৈজ্ঞানিক যুক্তি দিছিল, তেওঁ হঠাতে কিয় আত্মহত্যা কৰিব?
–সাধাৰণতে যিকোনো আত্মহত্যাৰ ঘটনাত এটা বা একাধিক কাৰণ বা কমচেকম এখন পত্ৰ হ’লেও পোৱা যায়। কিন্তু গৌৰৱৰ ক্ষেত্ৰত তেনে একোৱেই পোৱা নগ’ল। তেওঁৰ পৰিয়ালে জনোৱা মতে, তেওঁৰ কোনো ধৰণৰ মানসিক অৱসাদ বা ঋণৰ বোজাও নাছিল যিয়ে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰিব পাৰে।
–গৌৰৱৰ ডিঙিত এটা পাতল ক’লা ৰঙৰ যি দাগ দেখা গৈছিল। আৰক্ষীয়ে ইয়াক চিপ লোৱাৰ দাগ বুলি কৈছিল যদিও, তেওঁৰ পত্নীৰ মতে গৌৰৱে বাথৰুমত পৰি যোৱাৰ শব্দহে শুনা গৈছিল। কোনো ধৰণৰ জৰী বা চিপ লোৱাৰ সামগ্ৰী তেতিয়া তাত পোৱা নগৈছিল। বহুতে ভাবে যে এই দাগ কোনো অস্বাভাৱিক বা অতীন্দ্ৰিয় শক্তিৰ আক্ৰমণৰ ফল হ’ব পাৰে।
— ইতিমধ্যে আলোচনা কৰা হৈছে যে মৃত্যুৰ কিছুদিন আগৰ পৰা গৌৰৱে তেওঁৰ পত্নীক কৈছিল যে কোনোবা এটা “অদৃশ্য শক্তিয়ে” তেওঁক নিজৰ ফালে টানি নিব বিচাৰিছে আৰু তেওঁ সেই শক্তিটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেওঁ ভয় খাইছিল যদিও হতাশ হোৱা নাছিল। তেওঁৰ কামৰ প্ৰতি তেওঁ যথেষ্ট উৎসাহিত আছিল।
–গৌৰৱ তিৱাৰী তেওঁৰ পেছাত অতি সফল আছিল আৰু বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ মাত্ৰ কিছুদিন আগতেহে বিবাহ হৈছিল। এজন ব্যক্তিয়ে নিজৰ কেৰিয়াৰৰ শীৰ্ষত থকা অৱস্থাত কোনো বিশেষ কাৰণ নোহোৱাকৈ আত্মহত্যা কৰাটো বহুতৰে বাবে অবিশ্বাস্য।
গৌৰৱে এনেকুৱা বহুতো ঠাইত তদন্ত চলাইছিল যিবোৰ অতিশয় ভয়ংকৰ বুলি গণ্য কৰা হয়। সেইবাবেই গৌৰৱ তিৱাৰীৰ মৃত্যু বিৰাট এক প্ৰশ্নবোধক চিন হৈ থিয় দিয়াৰ বাবে নিৰুপায় হৈ আৰক্ষীয়ে পৰৱৰ্তী সময়ত ইয়াক শ্বাসৰুদ্ধ হৈ হোৱা মৃত্যু বুলি ঘোষণা কৰিছিল যদিও তেওঁৰ মৃত্যুৰ প্ৰকৃত ৰহস্য আজিও বহুতে অতীন্দ্ৰিয় জগতৰ সৈতে জড়িত বুলিয়েই অনুৰাগীসকলে বিশ্বাস কৰে।
গৌৰৱ তিৱাৰীৰ অকাল মৃত্যুৱে কেৱল পেৰানৰ্মেল জগতখনতে নহয়, বৰঞ্চ সত্যৰ সন্ধান কৰা প্ৰতিজন ব্যক্তিৰ হৃদয়তে এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু অদম্য সাহসে এটা কথা বাৰে বাৰে প্ৰমাণ কৰি থৈ গ’ল যে— আমাৰ এই দৃশ্যমান জগতখনৰ সিপাৰেও এনে কিছুমান ৰহস্যময় শক্তি বিৰাজমান, যাৰ উত্তৰ আজিও আধুনিক বিজ্ঞানৰ পৰিসৰৰ বাহিৰত।
গৌৰৱৰ জীৱন আৰু কৰ্মৰাজিয়ে আমাক এক গুৰুত্বপূৰ্ণ শিক্ষা দি থৈ গ’ল: পৃথিৱীখন ওপৰে ওপৰে যিমান সৰল যেন লাগে, ইয়াৰ আঁৰৰ গভীৰতাত তাতকৈও অধিক জটিল আৰু ৰহস্যঘন এক পৃথিৱী লুকাই আছে। তেওঁ আছিল সেইজন সাহসী পথিক, যিয়ে আন্ধাৰৰ মাজতো পোহৰৰ সন্ধান কৰিছিল আৰু আমাক শিকাইছিল যে অজানাৰ প্ৰতি ভয় নহয়, বৰঞ্চ কৌতুহল আৰু যুক্তিৰেহে আগবঢ়া উচিত।”
