ভাৰতৰ স্বাধীনতা আন্দোলনত সশস্ত্ৰ সংগ্ৰামী দলসমূহৰ অৱদান – নাছিৰ আহমেদ

ভাৰতৰ স্বাধীনতা আন্দোলনত সশস্ত্ৰ সংগ্ৰামী দলসমূহৰ অৱদান

নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা

ভাৰতৰ স্বাধীনতা আন্দোলনত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা অহিংস নীতি ( Non-violence movement)  আছিল এক গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ মূল প্ৰতিপাদ্য ( Theme)বিষয় আছিল কোনো ধৰণৰ হিংসা বা বলপূৰ্বক পথ অৱলম্বন নকৰাকৈ  সাম্ৰাজ্যবাদী-ঔপনিৱেশিক  বৃটিছ শাসকৰ বিৰুদ্ধে এই নীতিৰ দ্বাৰা ভাৰতৰ স্বাধীনতা লাভ কৰা।

এই অহিংস নীতিৰ দ্বাৰাই ভাৰতৰ স্বাধীনতা আন্দোলনে এক নতুন মাত্ৰা লাভ কৰিছিল।

কিন্তু, ভালকৈ চালিজাৰি চালে  দেখিবলৈ পোৱা যায় যে, মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা  অহিংস নীতিৰ দ্বাৰা দেশৰ স্বাধীনতা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ বহু আগৰে পৰাই  অসংখ্য বিপ্লৱী সংগঠনে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই ভাৰতৰ পূৰ্ণ স্বাধীনতা লাভ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই গৈছিল। তলত বিপ্লৱী সংগঠনসমূহৰ বিষয়ে থুলমূল ভাৱে আভাস দাঙি ধৰাৰ বাবে প্ৰয়াস কৰিম।

১৯০৪ চনত বিনায়ক দামোদৰ সাভাৰকাৰ আৰু তেওঁৰ ভাতৃ গণেশ দামোদৰ সাভাৰকাৰে” অভিনৱ ভাৰত ছিক্ৰেট ছছাইটি” (Young India Society) প্ৰতিষ্ঠা কৰি কেইবা শ বিপ্লৱী আৰু ৰাজনৈতিক কৰ্মীক লৈ ভাৰতৰ বিভিন্ন ঠাইত বিপ্লৱী বাণী প্ৰচাৰ আৰম্ভ কৰে। এই বিপ্লৱী বাণীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ১৯০৯ চনৰ ১ জুলাইত লণ্ডনৰ ইম্পেৰিয়েল ইনষ্টিটিউটৰ ভাৰতীয় ছাত্ৰসকলৰ এখন সভাত মদন লাল ধিংৰাই ভাৰতৰ পৰৰাষ্ট্ৰমন্ত্ৰীৰ ৰাজনৈতিক সহকাৰী লেফটেনেন্ট কৰ্ণেল উইলিয়াম কাৰ্জন-ওৱাইলক হত্যা কৰে। তেতিয়া ধিংৰাক গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ শাসকে ১৯০৯ চনৰ ঐতিহাসিক ” নাসিক ষড়যন্ত্ৰ মামলা” ৰ জৰিয়তে তেওঁক মৃত্যুদণ্ড বিহিছিল। ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে বিপ্লৱী নেতা অনন্ত লক্ষ্মণ কানহাৰে নাসিকৰ জিলা মেজিষ্ট্ৰেট এ এম টি জ্যাকচনক ভাৰতত হত্যা কৰিছিল।

১৯০৫ চনৰ বংগভঙ্গৰ সময়ত বিপ্লৱীসকলক সংগঠিত কৰাৰ প্ৰাথমিক পদক্ষেপসমূহ অৰবিন্দ ঘোষ আৰু তেওঁৰ ভাতৃ বাৰীন ঘোষ, ভূপেন্দ্ৰ নাথ দত্ত, লাল-বাল-পাল আৰু সুবোধ চন্দ্ৰ মল্লিকে গ্ৰহণ কৰিছিল, তেতিয়া তেওঁলোকে ১৯০৬ চনৰ এপ্ৰিল মাহত ” যুগান্তৰ দল” গঠন কৰি ” অনুশীলন সমিতি”ৰ এটি আভ্যন্তৰীণ বৃত্ত হিচাপে প্ৰস্তুত হৈছিল। বাঘা যতীন আছিল যুগান্তৰৰ শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম। হাওৰা-শিৱপুৰ ষড়যন্ত্ৰ মামলাত কেইবাজনো নেতাৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু ১৯০৮ চনৰ ৩০ এপ্ৰিলত যুগান্তৰ সংগঠনটোৰ সৰ্বকনিষ্ঠ বিপ্লৱী ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকি কৰ্তৃক মুজাফফৰ পুৰৰ জিলা মেজিষ্ট্ৰেট কিংসফোৰ্ডক হত্যা কৰাৰ চেষ্টা চলোৱাৰ বাবে দুয়োজনকে গ্ৰেপ্তাৰ কৰি ফাঁচিকাঠত ওলমাই দিছিল।

প্ৰথম বিশ্বযুদ্ধৰ সময়ত ‘ যুগান্তৰ” সংগঠনটোৱে বিদেশী ভাৰতীয়সকলৰ সহায়ত অন্যান্য বিপ্লৱী সংগঠনসমূহৰ সৈতে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনাটি মূলতঃ ভাৰতীয় উপকূলত জাৰ্মান অস্ত্ৰ ও গোলাবাৰুদৰ গোপন অৱতৰণৰ ওপৰত নিৰ্ভৰ কৰিছিল ; এই পৰিকল্পনাটিক ” ইন্দো-জাৰ্মান ষড়যন্ত্ৰ” নামে পৰিচিত ; যদিও পৰিকল্পনাটি বাস্তৱাৱিত হোৱা নাছিল।  যুগান্তৰ সংগঠনটোৰ উল্লেখযোগ্য কুটাঘাতমূলক ঘটনা আছিল ” চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠন অভিযান”। ১৯৩০ চনৰ ১৮ এপ্ৰিলত সূৰ্য সেনে ভাৰতীয় বিপ্লৱীসকলৰ নেতৃত্বত চট্টগ্ৰামত পুলিচ ও সহায়ক বাহিনীৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰি সকলো যোগাযোগ বিচ্ছিন্ন কৰে। তাৰ পিছত বিপ্লৱীসকলে ভাৰতৰ প্ৰাদেশিক জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত, চট্টগ্ৰামৰ ইউৰোপীয় ক্লাব আক্ৰমণৰ নেতৃত্ব দিছিল প্ৰীতিলতা ওৱাদ্দেদাৰ। ইয়াৰ উপৰিও, এই বিপ্লৱী দল  কলিকতাৰ ডালহৌসি স্কোৱাৰত অৱস্থিত সচিবালয় ভৱনৰ ৰাইটাৰ্স বিল্ডিঙত আক্ৰমণ কৰিছিল ; যাৰ লগত জড়িত আছিল এই সশস্ত্ৰ সংগঠনৰ নেতা বিনয় বসু, বাদল গুপ্ত আৰু দীনেশ গুপ্ত। ১৯৩৩ চনত সূৰ্য সেনক গ্ৰেপ্তাৰ কৰি ১৯৩৪ চনৰ ১২ জানুৱাৰীত তেওঁক ফাঁচিকাঠত ওলমাই দিয়ে।

ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা নতুন দিল্লীত স্থানান্তৰ কৰাৰ সময়ত শচীন সান্যালৰ সৈতে বাংলা আৰু পঞ্জাৱৰ আণ্ডাৰ গ্ৰাউণ্ড বিপ্লৱীসকলে ১৯১২ চনৰ ২৩ ডিচেম্বৰত দিল্লীৰ চান্দনীৰ চহৰতলিত আনুষ্ঠানিক শোভাযাত্ৰা চলাকালীন তৎকালীন ভাৰতৰ ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জক হত্যাৰ পৰিকল্পনা কৰিছিল যদিও ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জ তেওঁৰ পত্নীৰ সৈতে আহত অৱস্থাত পলাই সাৰে। কেৱল মাউতজন মৃত্যু মুখত পৰে। এই ঘটনাৰ পিছত বৃটিছ শাসকে বাঙালী আৰু পাঞ্জাবী বিপ্লৱীসকলৰ আণ্ডাৰ গ্ৰাউণ্ড ধ্বংস  কৰিবলৈ উঠি পৰি লাগিল। এই ষড়যন্ত্ৰৰ মূল নায়ক ৰাশ বিহাৰীয়ে প্ৰায় তিনি বছৰ ধৰি আত্মগোপন কৰি থাকে আৰু ১৯১৬ চনত গদৰ ষড়যন্ত্ৰ উন্মোচন হোৱাৰ আগতে সক্ৰিয় ভাৱে সশস্ত্ৰ সংগ্ৰামৰ পথত জড়িত হৈ পৰি ১৯১৬ চনত জাপানলৈ পলাই যায়। লৰ্ড হাৰ্ডিঞ্জক হত্যাৰ চেষ্টা কৰাৰ বাবে তদন্তমৰ্মে ” দিল্লী ষড়যন্ত্ৰ মামলা” আৰম্ভ হয় । এই ষড়যন্ত্ৰৰ লগত জড়িত বসন্ত কুমাৰ বিশ্বাসক বোমা নিক্ষেপৰ বাবে দোষী সাব্যস্ত কৰি  এই ষড়যন্ত্ৰৰ মূল ভূমিকা পালন কৰা আমিৰ চাঁদ আৰু অবধ বিহাৰীৰ সৈতে তেওঁকো মৃত্যুদণ্ড কাৰ্যকৰী কৰিছিল।

১৯১৩ চনত” ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাৰ লক্ষ্য লৈ  শিখ সংগঠন ‘ গদৰ পাৰ্টী ” বিদেশত কাৰ্যক্ৰম আৰম্ভ কৰে। এই দলৰ বিশিষ্ট নেতা আৰু ‘ গদৰ’ সংবাদ পত্ৰৰ প্ৰচাৰক লালা হৰদয়াল সিঙে ভাৰতৰ অভ্যন্তৰত থকা বিপ্লৱী সংগঠনসমূহৰ সৈতে সহযোগিতা কৰি তেওঁলোকক অস্ত্ৰ ও গোলাবাৰুদ যোগান ধৰি ভাৰতত ব্ৰিটিছ বিৰোধী কাৰ্যকলাপ বৃদ্ধি কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল।

বাৰ্লিন কমিটী:- ” জিমাৰম্যান পৰিকল্পনা” ৰ অধীনত ভূপেন্দ্ৰ নাথ দত্ত আৰু লালা হৰদয়াল সিঙক অন্তৰ্ভুক্ত কৰি ১৯১৫ চনত ” ভাৰতৰ স্বাধীনতাৰ বাবে বাৰ্লিন কমিটী প্ৰতিষ্ঠিত হয়, যাৰ মাজত আছিল জাৰ্মান পৰৰাষ্ট্ৰ দপ্তৰৰ পূৰ্ণ সমৰ্থন।

তেহেৰিক ই ৰেচমী ৰুমাল:- দেওবন্দী আন্দোলনৰ পৰাই ‘তেহেৰিক ই ৰেচমী ৰুমাল’ৰ উত্থান ঘটে। দেওবন্দী নেতাসকলে প্ৰথম বিশ্বযুদ্ধৰ সময়ত অট্যোমান তুৰস্ক ,সাম্ৰাজ্যবাদী জাৰ্মানী আৰু আফগানিস্তানৰ সমৰ্থনত ব্ৰিটিছ ভাৰতত এটি প্যান- ইছলামিক বিদ্ৰোহ আৰম্ভ কৰে। পৰৱৰ্তী ব্ৰিটিছ শাসকৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ মাধ্যমেৰে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ কৰে। এই উদ্দেশ্যে তেওঁলোকৰ মূল নেতা উবাইদুল্লাহ সিন্ধিৰ তৎকালীন পাৰস্যৰ নেতা মাহমুদ-আল- হাছানক লিখা বিপ্লৱী চিঠিসমূহ জব্দ কৰাৰ জৰিয়তে পঞ্জাব চি আই ডি এই চক্ৰান্ত উন্মোচন কৰে। চিঠিসমূহ চিল্কৰ কাপোৰত লিখা হৈছিল বাবে ইয়াক “তেহেৰিক ই ৰেচমী ৰুমাল ” নামে জনাজাত।

১৯২৪ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ কানপুৰত ৰামপ্ৰসাদ বিসমিল, যোগেশ চ্যাটাৰ্জী, চন্দ্ৰশেখৰ আজাদ,যোগেন্দ্ৰ শুক্লা আৰু শচীন্দ্ৰনাথ সান্যালৰ দৰে বিপ্লৱী নেতা সকলৰ দ্বাৰা ” হিন্দুস্তান ৰিপাবলিকান এচোছিয়েশ্যন(Hindustan Republican Association), HRA প্ৰতিষ্ঠা হৈছিল। দলৰ লক্ষ্য আছিল ঔপনিৱেশিক শাসনৰ অন্ত পেলাই ভাৰতত মাৰ্কিন যুক্তৰাষ্ট্ৰীয় ফেডাৰেড প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সশস্ত্ৰ বিপ্লৱ সংগঠিত কৰা। ‘ কাকৰি ট্ৰেইন ডকাইটি’ এই দলৰ এটি উল্লেখযোগ্য কাৰ্য আছিল। কাকৰি মামলাৰ ফলত আশফাকুল্লাহ খান, ৰামপ্ৰসাদ বিসমিল,ৰোশন সিং, ৰাজেন্দ্ৰ লাহিড়ীৰ ফাঁচি কাৰ্যকৰী হৈছিল। কাকৰি মামলাৰ ফলত এই দলটি বিপৰ্য্যস্ত হোৱাৰ পিছত অতি শীঘ্ৰে আকৌ চন্দ্ৰ শেখৰ আজাদৰ নেতৃত্বত আৰু ভগত সিং, ভগৱতী চৰণ ভোহৰা আৰু সূৰ্যদেৱৰ দৰে সদস্যসকলক লৈ ১৯২৮ চনৰ ৮ আৰু ৯ চেপ্তেম্বৰত এই দলটি পুনৰ্গঠিত হৈ দলটিৰ নাম দিয়ে ” Hindustan Socialist Republican Association, HSRA.

১৯২৮ চনৰ ১৭ ডিচেম্বৰত  ভগত সিং,আজাদ আৰু ৰাজগুৰু লালাই লালা লাজপত ৰায়ৰ ওপৰত মাৰাত্মক লাঠি চাৰ্জৰ জড়িত ব্ৰিটিছ শাসকৰ পুলিচ প্ৰশাসনৰ কৰ্মকৰ্তা সন্ডাৰ্সক সুযোগৰ সদ্ব্যৱহাৰ কৰি লাহোৰত হত্যা কৰে। কিছুদিন আত্মগোপন কৰি থকাৰ পিছত আকৌ ভগৎ সিং আৰু বটুকেশ্বৰে দিল্লীৰ কেন্দ্ৰীয় আইন সভাৰ ভিতৰত সোমাই ইংৰাজ শাসকৰ ক’লা আইনৰ বিৰুদ্ধাচৰণ কৰি বোমা নিক্ষেপ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত “চেন্ট্ৰাল এছেম্বেলী বোমা বিস্ফোৰণ মামলা”ত ১৯৩১ চনৰ ২৩ মাৰ্চত ভগত সিং,সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুক  ফাঁচি দিয়া হয়।

ইয়াৰ উপৰিও, ভাৰতৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা অসংখ্য বিপ্লৱী সংগঠনসমূহৰ কুটাঘাতমূলক কাৰ্যকলাপক ব্ৰিটিছ শাসকে কঠোৰ হাতেৰে নানা ধৰণৰ নিৰ্যাতন চলাই, যেনে — যাৱজ্জীৱন কাৰাদণ্ড, লাঠি চাৰ্জ টিয়েৰ গেছ বা গুলী বৰ্ষণ কৰি বিপ্লৱী সকলক আহত বা নিহত কৰি সশস্ত্ৰ সংগ্ৰামক নিৰ্মূল কৰিবলৈ উঠি পৰি লাগিছিল।

আমাৰ অসমতো ব্ৰিটিছ শাসকৰ বিৰুদ্ধে অসংখ্য সশস্ত্ৰ বিপ্লৱী সংগঠন সংগঠিত হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঢ়ি উঠা “মৃত্যু বাহিনী”ত কনকলতা বৰুৱাই অংশ গ্ৰহণ কৰি ‘ ভাৰত ত্যাগ’ আন্দোলনৰ সময়ত ১৯৪২ চনৰ ২০ চেপ্তেম্বৰত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ  পুলিচৰ গুলীত শ্বহীদ বৰণ কৰিছিল। ইয়াৰ পিছত কুশল কোঁৱৰকো ৰে’ল বগোৰোৱাৰ দৰে কুটাঘাতমূলক কাৰ্যত জড়িত বুলি সন্দেহ কৰি ব্ৰিটিছ শাসকে ১৯৪৩ চনৰ ১৫ জুনত ফাঁচি দিছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় সশস্ত্ৰ সংগ্ৰামী নেতা আছিল সুভাষচন্দ্ৰ বসু । এই সশস্ত্ৰ সংগ্ৰামত তেওঁ গোটেই জীৱন উৎসৰ্গ কৰাৰ বাবে তেওঁক ” নেতাজী” নামেৰে পৰিচিত আছিল। তেওঁৰ উদাত্ত বাণী আছিল ” Give me blood,I give you freedom.” তোমালোকে মোক ৰক্ত দিয়া, মই তোমালোকক স্বাধীনতা দিম।” তেওঁৰ নেতৃত্বত১৯৪৩ চনত আজাদ হিন্দ ফৌজ” (Indian National Army) পুনৰ্গঠিত হৈ বিদেশৰ মাটিত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ প্ৰতিষ্ঠা হৈছিল আৰু তাৰ পিছত ব্ৰহ্মদেশ, ইম্ফল ও কোহিমাত সাম্ৰাজ্যবাদী জাপানী সেনাবাহিনীৰ সহযোগিতাত ‘ ব্ৰিটিছ ভাৰতৰ শাসক আৰু কমনৱেলথ বাহিনীৰ বিৰুদ্ধে “দিল্লী চলো” অভিযান কৰি ব্যৰ্থ হৈছিল। ইয়াৰ পিছত পৰাজিত হৈ সুভাষচন্দ্ৰ বসুয়ে দক্ষিণ-পূব এছিয়াৰ পৰা পলায়ন কৰাৰ সময়ত ১৯৪৫ চনৰ ১৮ আগষ্টত বিমান দুৰ্ঘটনাৰ ফলত তাইওৱানৰ এখন জাপানী হাস্পতালত মৃত্যুমুখত পৰে বুলি জনা যায়। এইদৰে এজন বলিষ্ঠ সশস্ত্ৰ সংগ্ৰামীৰ জীৱনৰ সামৰণি পৰে।

থুলমূল ভাৱে ভাৰতৰ স্বাধীনতা আন্দোলনত সশস্ত্ৰ সংগ্ৰামী দলসমূহৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হ’ল।