ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট পাৰ্টিৰ অৱদান
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট পাৰ্টিৰ যথেষ্ট অৱদান আছে বুলি ন দি কব পাৰি। এই ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ উদ্ভৱ হোৱাৰ আগতে অৰ্থাৎ ১৯০৪ চনৰ পৰা বা সমসাময়িক সময়লৈকে সাম্ৰাজ্যবাদী- ঔপনিৱেশিক বৃটিছ শাসকক ওফৰাই পূৰ্ণ স্বাধীন ভাৰত গঢ়িবলৈ আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বা বিদেশৰ মাটিত অসংখ্য বিপ্লৱী সংগঠনে সশস্ত্ৰ সংগ্ৰাম চলাই যাওতে ব্ৰিটিছ শাসকৰ দ্বাৰা বিভিন্ন ধৰণে নিৰ্যাতিত-নিপীড়িত হৈছিল। ব্ৰিটিছ ভাৰতৰ শাসকে এই সশস্ত্ৰ সংগ্ৰামী দলসমূহৰ স্বাধীনতা আন্দোলন মষিমূৰ কৰিবলৈ লাঠি চাৰ্জ, টিয়েৰ গেছ বা গুলী বৰ্ষণ কৰি হাজাৰ হাজাৰ বিপ্লৱীক আহত বা নিহত কৰিছিল। মোকৰ্দমা তৰি বহুতকে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড বিহিছিল। এই দমনমূলক নীতি চলোৱা সত্ত্বেও ব্ৰিটিছ শাসকে তথাপি এই বিপ্লৱী সংগঠনসমূহৰ সশস্ত্ৰ সংগ্ৰামী ধাৰাক কোনোমতে ৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টি গঠন হোৱাৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন প্ৰান্তত এই সশস্ত্ৰ সংগ্ৰামী দলসমূহৰ কাৰ্যকলাপসমূহে যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল।
তাৰ উপৰিও,ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত ১৯১৭ চনত কেৱল ৰাছিয়াৰ সমাজতান্ত্ৰিক বিপ্লৱ সফল হোৱা নাছিল, ঔপনিৱেশিক দেশবোৰৰ জাতীয় মুক্তি আন্দোলন শক্তিশালী কৰাৰ উদ্দেশ্যে দেশে দেশে কমিউনিষ্ট পাৰ্টি গঠন কৰাৰ বাবে লেনিনৰ উদ্যোগত ১৯১৯ চনত কমিউনিষ্ট আন্তৰ্জাতিক ( কমিনটাৰ্ন) স্থাপিত হয়। এই পটভূমিকাত ১৯২০ চনৰ ১৭ অক্টোবৰত মানবেন্দ্ৰ ৰায়ৰ ( নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য) সক্ৰিয়তাত ছোভিয়েট ইউনিয়নৰ তাছখণ্ড চহৰত ভাৰতৰ কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠিত হয়। ইয়াৰ উপৰিও, বলছেভিক বিপ্লৱৰ জনপ্ৰিয়তাৰ জৰিয়তে ভাৰতীয় বুদ্ধিজীবীসকলৰ মাজতো কমিউনিষ্ট আদৰ্শৰ প্ৰতি অনুৰাগ বাঢ়িবলৈ ধৰিলে। তাৰ ভিতৰত বিপিন চন্দ্ৰ পাল,বাল গঙ্গাধৰ তিলক আৰু লালা লাজপত ৰায় সংক্ষেপে লাল-বাল-পাল আছিল ভ্লাদিমিৰ লেনিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা বিশিষ্ট ভাৰতীয় সংগ্ৰামীৰ ভিতৰত অন্যতম। ১৯২১ চনত এছ এ ডাঙ্গে ‘গান্ধী বনাম লেনিন ‘ নামে এটি পুস্তিকা প্ৰকাশ কৰাৰ লগে লগে গান্ধীবাদ দৰ্শনৰ বিৰুদ্ধে কমিউনিষ্টসকলে দেশজুৰি তীব্ৰ সমালোচনা আৰম্ভ কৰে আৰু ১৯৩৪ চনতো কলিকতাত ভাৰতৰ ভূগৰ্ভস্থ কমিউনিষ্ট পাৰ্টিৰ এটি সংগঠন হিচাপে প্ৰতিষ্ঠা লাভ কৰে।
যি কি নহওক, লেনিনৰ উদ্যোগত ১৯১৯ চনত প্ৰতিষ্ঠাৰ সময়ত এই ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ( চি পি আই) সভ্যৰ সংখ্যা আছিল মুঠ সাতজন। তেওঁলোক হ’ল ক্ৰমে– মানবেন্দ্ৰ ৰায়, এভেলিন ট্ৰেন্ট ৰায়, অবনী মুখাৰ্জী, ৰোজা ফিটিংহফ, মহম্মদ আলী ( আহমেদ হাছান) , মহম্মদ ছফিক চিদ্দিকি ( পাৰ্টিৰ সম্পাদক) আৰু এম বি টি আচাৰ্য বা এম প্ৰতিবাদী আচাৰ্য।
১৯২১-২২ চনৰ পৰা আমাৰ দেশৰ কলকাতা, বোম্বাই ( বৰ্তমান মুম্বাই) লাহোৰ, কানপুৰ আদি চহৰক কেন্দ্ৰ কৰি পাৰ্টি গঠন কৰাৰ সম্পূৰ্ণ দায়িত্ব লয় মুজফফৰ আহমেদ,এছ এ ডাঙ্গে,ছিঙ্গাৰাভেলু চেত্তিয়াৰ,গোলাম হুছেইন প্ৰমুখ্যে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল ধাৰা (১) অসহযোগ সত্যাগ্ৰহ আন্দোলনৰ ধাৰা (২) জাতীয় বিপ্লৱবাদী ধাৰাৰ উপৰিও কমিউনিষ্ট আন্দোলনৰ ধাৰা হিচাপে তৃতীয়টি মূল ধাৰা হিচাপে সৃষ্টি হয়।
প্ৰতিষ্ঠাৰ পিছৰে পৰা এই কমিউনিষ্ট আন্দোলনৰ ধাৰাটিয়ে ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ দাবী কৰি আহিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৩৬তম অধিৱেশন ১৯২১ চনত আহমেদাবাদত অনুষ্ঠিত হৈছিল ; য’ত পূৰ্ণ স্বাধীনতাৰ বাবে ইস্তেহাৰ উত্থাপন কৰিছিল মৌলানা হজৰত মোহানি ; যিজনে ১৯২৫ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কানপুৰ সন্মিলনৰ অভ্যৰ্থনা কমিটীৰ সভাপতি আছিল আৰু ১৯২২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৩৭তম অধিৱেশন অনুষ্ঠিত হৈছিল গোৱাত ; য’ত ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ দাবী তোলে এম ছিঙ্গাৰাভেলু চেত্তিয়াৰে ; যিজনে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কানপুৰ সন্মিলনত সভাপতিত্ব কৰিছিল।
উল্লেখযোগ্য যে, ১৯২৩ চনৰ ১ মে’ত মাদ্ৰাজৰ ( বৰ্তমান চেন্নাই) সাগৰৰ তীৰৱৰ্তী অঞ্চলত ছিঙ্গাৰাভেলু চেত্তিয়াৰৰ সভাপতিত্বত তেওঁৰ জীয়েকৰ ৰঙা শাৰীক ৰঙা পতাকা হিচাপে লৈ উত্তোলন কৰি প্ৰথম বাৰৰ বাবে মে’ দিৱস উদযাপন কৰা হৈছিল।
ভাৰতৰ কমিউনিষ্ট পাৰ্টি গঠন হোৱাৰ পিছৰে পৰাই ব্ৰিটিছ শাসকৰ বাবে ই বিপজ্জনক হৈ পৰিছিল। যাৰ ফলত, ১৯২১ চনৰ পৰাই এই পাৰ্টিৰ ওপৰত বৃটিছ শাসকে নানা নিৰ্যাতন চলাই আহিছিল। বৃটিছ ভাৰত চৰকাৰে ১৯২১-২৭ চনত পাঁচটা পেছোৱাৰ ষড়যন্ত্ৰ মামলা, ১৯২৩-২৪ চনত কানপুৰ বলছেভিক ষড়যন্ত্ৰ মামলা, ১৯২৯-৩৩ চনত মিৰাট কমিউনিষ্ট ষড়যন্ত্ৰ মামলাৰ জৰিয়তে প্ৰায় ভিত্তিহীন কিছুমান অভিযোগ উত্থাপিত কৰি কমিউনিষ্ট পাৰ্টিৰ নেতা আৰু কৰ্মীসকলৰ ওপৰত যাৱজ্জীৱন কাৰাদণ্ডকে আদি কৰি নানা অন্যায়, অবিচাৰ, অত্যাচাৰ শোষণ আৰু নিৰ্যাতন চলাই গৈছিল। এনেকি কমিউনিষ্ট আন্দোলনক সম্পূৰ্ণ ৰূপে ভাৰতৰ মাটিৰ পৰা উৎখাত কৰিবলৈ অত্যাচাৰী বৃটিছ শাসকে ১৯৩৪-৪২ আৰু ভাৰতৰ স্বাধীন চৰকাৰে ১৯৪৮-৫২ চনলৈকে এই দলটিক নিষিদ্ধ ঘোষণা কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যথেষ্ট
অৱদান থকা সত্ত্বেও তলত উল্লিখিত সময়ে সময়ে কেইবাটাও মাৰাত্মক ভুল কৰাৰ বাবে এই বামপন্থী চিন্তাধাৰাৰ ধাৰক-বাহক এই ভাৰতীয় কমিউনিষ্ট পাৰ্টিটি ( Communist party of India) ভাৰতৰ জনগণৰ চকুত কেতিয়াবা কেতিয়াবা হেয় প্ৰতিপন্ন হৈছিল। সেইবোৰ হ’ল–কালক্ৰমত এই পাৰ্টি ক্ৰমশঃ মাৰ্ক্সবাদ-লেনিনবাদৰ পৰা বিচ্যুতি ঘটি জাতীয় বুৰ্জোৱা পাৰ্টিলৈ অধঃনমিত হৈছিল ; অৱশ্যে অতি শীঘ্ৰে এই ত্ৰুটি-বিচ্যুতিৰ সংশোধন ঘটাই ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে কমিউনিষ্ট আন্দোলনৰ দ্বাৰা পৰিচালিত হ’বলৈ চেষ্টা অব্যাহত ৰাখে।
“চি পি আই” য়ে সুভাষ চন্দ্ৰ বসু সম্পৰ্কে নিন্দাসূচক মন্তব্য আগবঢ়ায়ো এটি মাৰাত্মক ভুল কৰিছিল ; যাৰ ফলত , এই দলৰ প্ৰতি জনসাধাৰণৰ মনত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ ঘটিছিল ; অৱশ্যে পাৰ্টিয়ে এই ভুল শুধৰাই লৈ ১৯৪১ চনত আচ্ছাৰ সিং চীন আৰু ভগৎ ৰাম তলোৱাৰ প্ৰমুখ্যে কমিউনিষ্ট নেতাই সুভাষচন্দ্ৰ বসুক গোপনে দেশৰ বাহিৰলৈ পলাই যোৱাত সুবিধা আগবঢ়াইছিল আৰু ১৯৪৫- ৪৬ চনত ব্ৰিটিছ শাসকে আজাদ-হিন্দ-ফৌজৰ( I N A) সেনাসকলক বন্দী কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়তো ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে সমৰ্থন বা সহযোগিতা আগবঢ়োৱাৰ পৰিৱৰ্তে বৈপৰীত্য ৰাজনৈতিক মতাদৰ্শৰ বাবে বিৰুদ্ধাচৰণ কৰি দেশৰ বুদ্ধিজীৱী বা জনসাধাৰণৰ দ্বাৰা সমালোচনাৰ সম্মুখীন হৈছিল।
একেদৰে ১৯৪৭ চনত যি দ্বি-জাতীয় তত্ত্বৰ ভিত্তিত জাতীয় কংগ্ৰেছ দল, মুছলিম লীগ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাজত অখণ্ড ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামে দ্বিখণ্ডিত কৰাৰ বাবে যি ভাগ-বটোৱাৰা চলি আছিল, সেই সময়তো ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে এই বিভাজনকামী নীতিক সমৰ্থন কৰা নাছিল যদিও দেশৰ জনগণৰ আগত ইয়াৰ প্ৰকৃত স্বৰূপ উদঙাই দাঙি ধৰাত সমৰ্থ হোৱা নাছিল।
এইদৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বিভিন্ন নঞৰ্থক ভূমিকা থকা সত্ত্বেও দেশৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট পাৰ্টিয়ে সাম্ৰাজ্যবাদী – ঔপনিৱেশিক বৃটিছ শাসকৰ বিৰুদ্ধে দেশৰ বুকুত বিদ্ৰোহৰ জুইকুৰা দপদপকৈ জ্বলাই দি দেশৰ স্বাধীনতা ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছিল। এয়েই আছিল এই কমিউনিষ্ট আন্দোলনৰ মুখ্য কৃতিত্ব।