ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান – নাছিৰ আহমেদ

ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বা চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ।এই চিপাহী বিদ্ৰোহত ( ১৮৫৭ চন) অসংখ্য মুছলিম চিপাহীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও অযোধ্যাৰ নৱাবৰ পত্নী বেগম হজৰত মহল‌ ,  আলী ভ্ৰাতৃদ্বয়ৰ ( খিলাফত আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা) মাতৃ আবাদী বানু বেগম, আমজাদি বেগম, আছঘাৰী বেগম (যাক মহাত্মা গান্ধীয়ে সাহসী তিৰোতা বুলি ঘোষণা কৰিছিল) আদিকে কৰি ২২৫ গৰাকী মুছলিম তিৰোতাই চিপাহী বিদ্ৰোহত যোগ দি প্ৰাণ আহুতি দিছিল। অসমৰ বাহাদুৰ গাঁওবুঢ়া আৰু ফৰ্মুদ আলীয়ে অসংখ্য মুছলিম অনুগামীৰে সৈতে  মণিৰাম দেৱানৰ আহ্বানত চিপাহী বিদ্ৰোহত যোগ দিয়াৰ বাবে ব্ৰিটিছ শাসকে দুয়ো গৰাকী বিদ্ৰোহী নেতাক কলীয়াপানীত ( বৰ্তমান আন্দামান নিকোবৰ দ্বীপপুঞ্জ) যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল আৰু তেওঁলোকৰ সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰিছিল। চিপাহী বিদ্ৰোহৰ শক্তিশালী নেতৃ আবাদী বানু বেগমে কেৱল চিপাহী বিদ্ৰোহত অংশ গ্ৰহণ কৰা নাছিল, তেওঁ জাতীয় সংগ্ৰাম যুদ্ধ (National Freedom Struggle)  খিলাফত আন্দোলন (Khilafat Movement) আৰু হিন্দু -মুছলিম ঐক্যত  ( Hindu-Muslim Unity) অতি পাৰদৰ্শিতাৰে অংশ গ্ৰহণ কৰি দেশৰ স্বাধীনতা আন্দোলনক  প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। ১৯০৬ চনত  সন্ত্ৰাসবাদী আন্দোলন পূব ভাৰত ৰেলৱে ষ্ট্ৰাইকৰ ( কলিকতা) নেতৃত্ব দিছিল আবুল হোছেইন আৰু লিয়াকত আলীয়ে।১৯২১ চনৰ এলাহাবাদ ছেছনত স্বদেশী আন্দোলনৰ নেতা মৌলানা হজৰত আলী আলী আৰু কমিউনিষ্ট পাৰ্টিৰ নেতা স্বামী কুমাৰানন্দই ” পূৰ্ণ স্বৰাজ” ঘোষণা কৰি কাৰাবাস খাটিছিল।জাতিৰ পিতা মহাত্মা গান্ধীয়ে ১৯২১ চনত ঘোষণা কৰা ” অসহযোগ আন্দোলন”ৰ  কাৰ্যসূচী হাতত লোৱাৰ আগতেই দেওবন্দ বিশ্ববিদ্যালয়ৰ দেওবন্দী নেতা মৌলানা মহম্মদ হাছান আৰু মৌলানা উবায়দৌল্লাই ৰেচমী টেহেৰেক১৯১৩-১৯২০ (Silk letter Movement)ৰ জৰিয়তে  বিপ্লৱী বাণী ৰেচমী ৰুমালৰ দ্বাৰা এই বিপ্লৱী আন্দোলনৰ সমৰ্থক সকলক গোপনে প্ৰচাৰ কৰি বৃটিছৰ শাসন ওফৰাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু শাসকীয় দলৰ চোৰাংচোৱাৰ হাতত এই গোপন তথ্য ফাদিল হোৱাত দুয়ো গৰাকী নেতাক মাল্টা দ্বীপলৈ আজীৱন নিৰ্বাসন দণ্ড দিছিল আৰু এই আন্দোলনৰ অসংখ্য সমৰ্থকক কোনো বিচাৰ নকৰাকৈ কেইবামাহো জেলত বন্দী কৰি ৰাখিছিল।সন্ত্ৰাসবাদী সংগঠন  Hindu Republican Association দলত সক্ৰিয় অংশগ্ৰহণ কৰি কুটাঘাত-মূলক কাৰ্যত জড়িত হোৱাৰ অপৰাধত ছাহিদ আছাফাকুল্লাই মাত্ৰ ২৭ বছৰ বয়সত ১৯২৭চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনত ফাঁচিকাঠত ওলমি প্ৰথম শ্বহীদ বৰণ কৰিছিল।ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰথম মুছলিম ন্যায়াধীশ আব্বাছ তৈয়বজীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ১৯৩০ চনৰ আইন অমান্য আন্দোলনত জঁপিয়াই পৰি গ্ৰেপ্তাৰ হৈছিল।১৯২৩ চনত মাত্ৰ ৩৫ বছৰ বয়সত মৌলানা আবুল কালাম আজাদে ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰেছিডেন্ট হৈ দেশে স্বাধীনতা লাভ কৰা লৈকে মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা সকলো আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি বহুবাৰ কাৰাবৰণ খাটিবলগীয়া হৈছিল।তেওঁৰ লগত অংশ গ্ৰহণ কৰিছিল মহম্মদ আলী জৌহৰ, ছৌকত আলী, ডঃ জাকিৰ হুছেইন, ডঃ মুখতাৰ হুছেইন, হাকিম আজমল খান, মৌলানা মহম্মদ হাছান, অসমৰ ফখৰুদ্দিন আলি আহমেদ, তৈয়বুল্লা,ছাৰ চৈয়দ ছাদুল্লা আদিয়ে দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল।সীমান্ত গান্ধী আব্দুল গফুৰ খানে (Abdul Gaffar Khan) খোদাই খিদমতদাৰ দল গঠন কৰি মহাত্মা গান্ধীৰ অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈ ব্ৰিটিছ শাসকক ওফৰাই দিবলৈ চেষ্টা চলাইছিল।দেশাত্মবোধক শ্লোগান” জয় হিন্দ” ক (Victory of India)  প্ৰথমতে মুছলিম নেতা জৈন-উল- আবেদীনে ধাৰণা দিছিল ভাৰতৰ জাতীয় পতাকাক যদিও পিংগালি ভেঙ্কাইয়াই ৰূপ দিছিল মুছলিম তিৰোতা ছুৰাইয়া ট তৈয়বজীয়ে বৰ্তমান স্বাধীন ভাৰতৰ পতাকাখনক সম্পূৰ্ণ ৰূপে সৃষ্টি কৰিছিল।সেয়ে বিখ্যাত চিন্তাশীল লেখক খুশৱন্ত সিঙে এখন গ্ৰন্থত লিখিছে যে -” Indian Freedom is Written in Muslim blood”.ভাৰতৰ স্বাধীনতা আন্দোলনত সৰ্বমুঠ মুছলমানৰ শতকৰা ৬৫ ভাগেই অংশ গ্ৰহণ কৰি ফাঁচিকাঠত ওলমিছিল, কাৰাবাস খাটিছিল, পুলিচৰ গুলীত শ্বহীদ হৈছিল বা নানা নিৰ্যাতনৰ সন্মুখীন হৈছিল। এনেকি ভাৰতীয় মুছলিম লিগৰ বাহিৰে জামায়েত- উলেমা -হিন্দ, জামায়েত- উলেমা- ইছলাম আদিকে কৰি বহুত উদাৰপন্থী মুছলিম সংগঠনে ভাৰত-পাকিস্তান বিভাজনৰ বিৰোধিতা কৰিছিল।বৰ্তমান ভাৰতৰ ইতিহাসবিদসকলে তথা দেশৰ সংসদে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুছলিম সকলৰ ত্যাগৰ কথা বা দেশৰ স্বাধীনতা আন্দোলনত শ্বাহাদত ( শ্বহীদ ) বৰণ কৰা বিপ্লৱী সকলৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা অতি পৰিতাপৰ বিষয়।ভৱিষ্যতে এই বিষয়ে কেন্দ্ৰীয় বা ৰাজ্য চৰকৰে কাৰ্যপন্থা হাতত লৈ দেশৰ স্বাধীনতা আন্দোলনত ত্যাগ স্বীকাৰ কৰা বা শ্বহীদ বৰণ কৰা  মুছলিম শ্বহীদ সকলক স্মৰণ কৰি সিহঁতক প্ৰকৃত মৰ্য্যাদা দান কৰিব বুলি আশা ৰাখিলোঁ।