ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়াৰ অৱদান – নাছিৰ আহমেদ

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়াৰ অৱদান
নাছিৰ আহমেদ, গোৱালপাৰা
১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বা চিপাহী বিদ্ৰোহ বিফল হৈছিল যদিও প্ৰতি গৰাকী ভাৰতীয়ৰ বুকুত ব্ৰিটিছ সাম্ৰাজ্য-বাদী শাসকৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছিল।জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০-২১চনত আন্দোলনৰ কাৰ্যসূচী ” অসহযোগ আন্দোলনত (Non-co-operation Movement) ভাৰতৰ জনগণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। অতীজৰে পৰা অসমীয়া জাতি-সত্তাত সুপ্ত হৈ থকা শৌৰ্য-বীৰ্য আৰু দেশপ্ৰেম জাগ্ৰত হৈ দেশৰ স্বাধীনতা আন্দোলনত প্ৰতি গৰাকী অসমীয়াই জঁপিয়াই পৰিল।১৯২১ চনৰ জুন মাহত গঠিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কুলধৰ শইকীয়া আৰু নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী প্ৰচাৰ আৰু প্ৰসাৰ হ’বলৈ ধৰিলে। তেওঁলোকৰ আহ্বানত সহাঁৰি জনাই চন্দ্ৰ নাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা,অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱ-চামেও শিক্ষানুষ্ঠান বৰ্জন কৰি এই আন্দোলনত জঁপিয়াই পৰিল। তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনী কান্ত হাতীবৰুৱা, বিমলা কান্ত বৰুৱা,কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা,তিলক শৰ্মা আদি এই অসহযোগ আন্দোলনৰ বাটকটীয়া আছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ চলিহা, বিষ্ণু ৰাম মেধি আদি কংগ্ৰেছ নেতাসকলে ওকালতি ত্যাগ কৰি আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল।চন্দ্ৰ প্ৰভা শইকীয়ানীয়ে স্কুলৰ শিক্ষকতা ত্যাগ কৰি ১৯২৬ চনতে অসম প্ৰদেশ মহিলা সমিতি গঠন কৰি বিলাতী বস্ত্ৰ বৰ্জন, নিজ হাতে স্বদেশী বস্ত্ৰ তৈয়াৰ,কানি আৰু মদ নিবাৰণৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পিকেটিং,বন্ধ কাৰ্যসূচী হাতত লৈছিল। মহাত্মা গান্ধীয়ে অসমত অহাৰ সময়ত ১৯২১ চনত তেওঁৰ নেতৃত্বত ” বিদেশী বস্ত্ৰ নিধন” কাৰ্যসূচী হাতত লৈ হাজাৰ হাজাৰ বিলাতী বস্ত্ৰ ধ্বংস কৰিছিল।১৯২১ চনত  মালতী মেমে চাহ বাগিচাত মদ নিবাৰণৰ কাৰ্যসূচীত কংগ্ৰেছ স্বেচ্ছাসেৱকক সহায় কৰাৰ অপৰাধত পুলিচৰ গুলীত প্ৰথম শ্বহীদ হৈছিল। এনেদৰে অসহযোগ আন্দোলনত অসমীয়াই সক্ৰিয় অংশগ্ৰহণ কৰি পুলিচৰ হাতত নিহত বা নিৰ্যাতনৰ চিকাৰ হৈছিল।তাৰপিছত মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৩০-৩১ চনত আৰম্ভ হ’ল আইন অমান্য আন্দোলন ( The Civil Dis-obedience Movement)   এজন ইতিহাসবিদে কৈছিল যে, এই আন্দোলন মূলতঃ মহিলাৰ আন্দোলন। ভাৰতৰ সকলো প্ৰান্তৰ লাখ লাখ মহিলাই এই আন্দোলনত জঁপিয়াই পৰাৰ দৰে অসমৰ ছাত্ৰীৰ ভিতৰত পুষ্পলতা দাস, সৰলা চাস্কেনা আৰু জোৎস্না মজুমদাৰে  আইন অমান্য আন্দোলনৰ ” মুক্তি সংঘ”ত  যোগদান কৰা বাবে ইয়াৰ নেতৃ পুষ্পলতা দাসক স্কুলৰ পৰা বহিষ্কাৰ কৰিছিল। ১৯২৯ চনত লাহোৰৰ সদৌ ভাৰত কংগ্ৰেছ অধিবেশনত  প্ৰস্তাৱ-মৰ্মে লোৱা ” পূৰ্ণ স্বৰাজ” ৰ প্ৰতি সহাঁৰি জনাই অসমৰ গুণেশ্বৰী দেৱী,দৰবাই মেচ, মোহিনী গোহাঁই আৰু কিৰণ বালা বৰাৰ নেতৃত্বত চাৰিশ মহিলাই নগাঁৱৰ সদৰত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ ব্ৰিটিছ শাসকৰ পুলিচ -মিলিটাৰীৰ হাতত নিৰ্যাতিত হৈছিল।১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো ৰাষ্ট্ৰীয় কংগ্ৰেছৰ উদ্যোগত গোপীনাথ বৰদলৈ, ছাৰ চৈয়দ ছাদুল্লা, বিষ্ণু ৰাম মেধি, অমিয় কুমাৰ দাস, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, হেম বৰুৱা, বিজয় চন্দ্ৰ ভাগৱতী, ফখৰ উদ্দিন আলী আহমেদ,তৈয়বুল্লা আদিয়ে জঁপিয়াই পৰি কাৰাবাস খাটিছিল।জয়প্ৰকাশ নাৰায়ণৰ সমাজবাদী পাৰ্টীৰ অনুগামী অসমীয়াসকলে বিপ্লৱী কাৰ্যকলাপত জড়িত হৈ সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈ নানা কুটাঘাত-মূলক কাৰ্য সংঘটিত কৰিছিল। সমান্তৰাল ভাবে সমাজবাদী বিপ্লৱী নেতা শংকৰ বৰুৱাৰ ” মৃত্যু বাহিনী” ত যোগদান কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী গীত গাই গাই বিদ্ৰোহৰ সূচনা কৰিছিল।যাৰ ফলত সৰুপথাৰৰ ৰে’ল ষ্টেচনৰ ওচৰৰ চাংপুলত ৰে’ল বগোৰোৱাৰ অপৰাধত কুশল কোঁৱৰে ফাঁচিকাঠত ওলমি স্বহীদ হৈছিল আৰু গহপুৰ থানাত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ শাসকৰ পুলিচৰ গুলীত কনকলতা নিহত হৈছিল।এনেকৈ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰি কুশল কোঁৱৰ, তিলক ডেকা , কনকলতা বৰুৱা, মুকুন্দ চলিহা, ভোগেশ্বৰী ফুকননী, মণ্ডল কুৰ্মী, মণিৰাম কছাৰী, হোমাৰাম পাটৰ, গুণাতি বৰদলৈ,লেৰেলা বড়ো ,ৰতনকাৰী,পখি হাজৰিকা,ঠগী হাজৰিকা,বলোৰাম ছুট, মদন বৰ্মন,নিধানু ৰাজবংশী আদিয়ে ফাঁচী, নিহত , আহত বা কাৰাবাস খাটিছিল।এইদৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত সাম্ৰাজ্যবাদী বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতত গণ সংগ্ৰাম গঢ়ি উঠাৰ সময়ত অসমতো হাজাৰ হাজাৰ জনতাই এই অহিংস আৰু সহিংস আন্দোলনত জঁপিয়াই পৰি বহুতে নিহত হৈছিল। বহুতে আকৌ গোটেই জীৱন পঙ্গুত্ব লৈ কলধপ কলধপ কৈ জীয়াই থাকিব লগা হৈছিল।ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়াৰ অৱদান ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব।