ভাৰতৰ স্বাধীনতা আন্দোলন : এটি আলোকপাত – নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা

PC - The Collector
ভাৰতৰ স্বাধীনতা আন্দোলন : এটি আলোকপাত
নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা
ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰধান দুটা ধাৰাই নেতৃত্ব প্ৰদান কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা আপোচ-কামী জাতীয়তাবাদী ভাৱধাৰা। তেওঁৰ লগত যোদ্ধা হিচাপে আছিল পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ,ডঃ জাকিৰ হুছেইন আৰু বহুতো।দ্বিতীয় ধাৰাটো  লাল-বাল -পাল(লালা লাজপত ৰায়,বাল গঙ্গাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল) আৰু পৰৱৰ্তী আজাদ হিন্দ ফৌজৰ নেতা বিপ্লৱী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঢ়ি উঠা আপোচ-বিৰোধী  সশস্ত্ৰ সংগ্ৰামী ধাৰা । তেওঁৰ চিন্তাধাৰাৰে প্ৰভাৱান্বিত হৈ ভগৎ সিং, কুশল কোঁৱৰ আদি বিপ্লৱী সেনাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ফাঁচিকাঠত ওলমি শ্বহীদ হৈছিল। এই বিপ্লৱী ধাৰাক বিপ্লৱী কবিতা,গান আৰু ৰাজনীতিত যোগদান কৰি বিদ্ৰোহী কবি কাজি নজৰুল ইছলাম, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাই কাৰাবাস খাটিছিল।দুয়োটা ধাৰাৰে কিছু বিয়োগাত্মক দিশ থকা সত্বেও এই অহিংস আৰু সহিংস আন্দোলন তীব্ৰতৰ কৰি প্ৰচণ্ড ক্ষমতাৰ অধিকাৰী সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ শাসন ওফৰাই ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ সক্ষম হৈছিল।নিঃসন্দেহে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত প্ৰত্যেকজন ভাৰতীয় জনতাৰ জন-মানসত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বৰ প্ৰতি অসীম শ্ৰদ্ধা চিৰস্মৰণীয় হৈ থাকিব যদিও দেশে স্বাধীনতা লাভ কৰিলে কিন্তু তেওঁৰ সপোনৰ ৰামৰাজ্য প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম নহ’ল  ; ব্ৰিটিছ শাসকৰ ডিভাইড আৰু ৰুল পলিচিৰ দ্বাৰা ভাৰতীয়ৰ বুকুত শেষবাৰৰ বাবে এটি মৰ কামোৰ মাৰি ভাৰত আৰু পাকিস্তান নামেৰে দ্বিখণ্ডিত কৰি আমাৰ দেশ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিলে।দেশ দ্বিখণ্ডিত হোৱাৰ বাবে ব্ৰিটিছ শাসকৰ এই ধ্বংসাত্মক পলিচিক ( আইন) সাৰপানী দিছিল ভাৰতীয় মুছলিম লিগ, জনসংঘ , বিশ্ব হিন্দু পৰিষদকে আদি কৰি ধৰ্মীয় সংগঠনসমূহে। লগতে ৰাজনৈতিক উচ্চ আকাঙ্খা  পূৰণাৰ্থে কায়দে আজম মহম্মদ আলী জিন্না আৰু চৰ্দাৰ বল্লভভাই পেটেলে এই ভাৰত -পাকিস্তান দ্বিখণ্ডিত কৰা নীতিক সমৰ্থন জনাইছিল।জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতীয় কংগ্ৰেছ দলৰ ভিতৰত আৰু বাহিৰত সাম্প্ৰদায়িক দলসমূহৰ বিৰুদ্ধে যুঁজ দি হলেও ভাৰতবৰ্ষক এখন ধৰ্ম-নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ( যদিও এই ধৰ্ম-নিৰপেক্ষতা বৈষ্ণৱ ধৰ্মৰ আধাৰত ৰচিত, আন্তৰ্জাতিক মানৱতাবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত নহয় ) প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ; যাৰ বাবে তেওঁ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত এটি মন্দিৰত প্ৰাৰ্থনা কৰি থকাৰ সময়ত উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক দল জনসংঘৰ নেতা নাথুৰাম গডছেৰ গুলিৰ‌ আঘাতত  প্ৰাণ আহুতি দিব লগা হৈছিল।