ভাৰতৰ সৈতে সীমা বিবাদ জটিল: চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র

ভাৰতৰ সৈতে সীমা বিবাদ জটিল: চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অলপতে চীনত অনুষ্ঠিত এছচিঅ’ সন্মিলনত অংশগ্রহণ কৰাৰ পিছত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হৈছিল।  এই বৈঠকত মিলিত হোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্রী সিঙে চীন আৰু ভাৰতে সীমা বিবাদ সমাধান কৰা উচিত বুলি মন্তব্য কৰে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রী সিঙৰ এই মন্তব্য সন্দর্ভত সংবাদ মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে ভাৰতৰ সৈতে সীমা বিবাদ জটিল। এই সীমা বিবাদ সমাধান কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। তেওঁ বিশ্বাস কৰে ভাৰত আৰু চীনে সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে আলোচনাত বহা উচিত। তেতিয়াহে শান্তি ৰক্ষা হ’ব। চীন এইক্ষেত্রত আগ্রহী বুলিও কয় মুখপাত্র নিঙে। সাংবাদিকৰ সৈতে বার্তালাপত মুখপাত্র নিঙে কয়- তেওঁ ক’ব পাৰে যে চীন আৰু ভাৰতে সীমান্তৰ বিবাদ সু-মীমাংসা কৰিবলৈ যি কৌশল অৱলম্বন কৰি আছে, সেয়া কিমানদূৰ আগবাঢ়ি যাব তাক ক’ব নোৱাৰি। তেনেদৰে সীমাৰ প্ৰশ্ন সমাধান কৰিবলৈ দুয়োখন দেশৰ মাজত বিশেষ প্রতিনিধি ব্যৱস্থাও গঠন কৰা হৈছে। ৰাজনৈতিক পৰিমাপ আৰু ভাৰত-চীন সীমাক লৈ নীতি-নির্দেশনাৰে এখন চুক্তি ৰূপায়ণ কৰিব লাগিব। তেতিয়াহে দুয়োখন দেশৰ মাজত দশক দশক ধৰি চলি থকা সীমা বিবাদ মীমাংসা হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে মুখপাত্ৰগৰাকীয়ে পুনৰ সীমা নির্ধাৰণৰ আলোচনাৰ বাবে চীন আগ্রহী বুলি কোৱা মন্তব্য অতিকৈ তাৎপর্যপূর্ণ।