ভাৰতৰ মিছাইল ‘প্ৰলে’ৰ প্ৰথম উৎক্ষেপণ সফলতাৰে সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে বুধবাৰে স্বদেশীভাৱে বিকশিত নতুন প্ৰজন্মৰ পৃষ্ঠৰ পৰা পৃষ্ঠলৈ মিছাইল ‘প্ৰলে’ৰ প্ৰথম উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে। মিছাইলটোৰ পৰিসৰ ১৫০-৫০০ কিলোমিটাৰ আৰু ইয়াক ম’বাইল লঞ্চাৰৰ পৰা উৎক্ষেপণ কৰিব পাৰি। এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, “নতুন মিছাইলটো উচ্চ ডিগ্ৰী শুদ্ধতাৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল, যি নিয়ন্ত্ৰণ, নিৰ্দেশনা আৰু মিছন এলগৰিথমক বৈধতা প্ৰদান কৰিছিল।”