ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ কালমাদীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাদী আৰু নাই ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা প্ৰায় ৩:৩০ বজাত ৮১ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ কালমাদীয়ে । শাৰীৰিক অসুস্থতাৰ বাবে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কালমাদী ৷ প্ৰয়াত সুৰেশ কালমাদী ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰাক্তন অধ্যক্ষ হিচাবেও কাৰ্যনিৰ্বাস কৰিছিল ৷ পুনেৰ প্ৰাক্তন সংসদ তথা ৰে’ল বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী কালমাদীয়ে ইহ-সংসাৰত পত্নীৰ সহিতে বিবাহিত পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত কন্যা, জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায় । জানিব পৰা মতে, প্ৰয়াত সুৰেশ কালমাদীৰ নশ্বদেহ পুনেৰ এৰাণ্ডৱানেত থকা তেওঁৰ ঘৰ কালমাদী হাউচত দুপৰীয়া ২ বজালৈকে ৰখা হ’ব । পুনেৰ নৱী পেঠৰ বৈকুণ্ঠ স্মাৰকত ৩:৩০ বজাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব । উল্লেখ্য যে ১৯৪৪ চনৰ ১ মে’ত জন্মগ্রহণ কৰা সুৰেশ শামবাও কালমাডী তিনিবাৰকৈ পুনে লোকসভাৰ আসনৰ পৰা সাংসদ হিচাপে নির্বাচিত হৈছিল। কালমাডীয়ে ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্রী হিচাপেও কার্যনির্বাহ কৰা কালমাডী ৰাজনীতিৰ উপৰি ক্রীড়া প্ৰশাসনৰ বাবেও পৰিচিত আছিল। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিৰ লগতে ২০১০ চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেল্থ গেছৰ আয়োজক সমিতিৰো অধ্যক্ষ আছিল নেতাগৰাকী। কালমাডীৰ ৰাজনৈতিক যাত্ৰাৰ পূৰ্বৰ জীৱনো আছিল অভিজ্ঞতাপুষ্ট। ১৯৬০ চনত নেশ্যনেল ডিফেঞ্চ একাডেমী (এন ডি এ)ত যোগদান কৰা কালমাডীয়ে পৰৱৰ্তী সময়ত ভাৰতীয় বায়ুসেনাত পাইলট হিচাপে কমিছন লাভ কবে। ১৯৬৪ চনৰ পৰা ১৯৭২ চনলৈকে পাইলট হিচাপে কার্যনির্বাহ কৰা কালমাডীয়ে ১৯৭২ চনৰ পৰা ১৯৭৪ চনলৈকে এন ডি এত বায়ুসেনাৰ প্ৰশিক্ষণ দলত প্রশিক্ষক হিচাপে কার্যনির্বাহ কৰিছিল আৰু বায়ুসেনাৰ পৰা স্কোৱাড্রন লিডাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ সৈতে ৰাজনৈতিক জীৱনৰ পাতনি মেলে।
