ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰৰ মাতৃৰ চিকিৎসাৰ বাবে বিৰাট কোহলীয়ে দান কৰে ৬.৭৭ লাখ টকা

বাৰ্ত্তাসেৱা – ভাৰতৰ অধিনায়কে, ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ কে এছ শ্ৰাভান্থি নাইডুক কোভিড-১৯ পজিটিভ মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। বিৰাটৰ কোহলীৰ এই মহানুভৱতাক প্ৰশংসা কৰে BCCIৰ প্ৰাক্তন দক্ষিণ মণ্ডলৰ আহ্বায়ক এন. বিদ্যা যাদৱে।

       কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত দেশক সহায় কৰিবলৈ অভিযান আৰম্ভ কৰা বিৰাট কোহলীয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কে এছ শ্ৰাভান্থি নাইডুক ৬.৭৭ লাখ টকা দান কৰি তেওঁৰ মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ আগবাঢ়ি আহে। শ্ৰাভান্থি নাইডুৰ মাতৃয়ে কোভিডৰ বাবে কৰা পৰীক্ষাৰ ফলাফল  পজিটিভ আছিল আৰু এচ ডাবল্ছ বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টাই টুইট কৰি ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰৰ বাবে আৰ্থিক সাহায্য বিচাৰিছিল যিয়ে তেওঁৰ পিতৃ-মাতৃৰ চিকিৎসাৰ বাবে ১৬ লাখ টকা খৰচ কৰিছে বুলি জানিব পৰা গৈছে।