ভাৰতৰ নৃপতি বৰ্গৰ দৃষ্টিত নাৰী
অসমৰ সৰস্বতী খ্যাত ড০ নিৰ্মল প্ৰভা বৰদলৈয়ে বহু পণ্ডিতে ভাৱিবলৈকে সাহস কৰিব নোৱাৰা তিনিটা ভিন্ন বিষয়ৰ সম্পৰ্কত তিনিখন গৱেষণা গ্ৰন্থ প্ৰণয়ন কৰিছিল । এই গ্ৰন্থ তিনিখনক আমি একেলগে “গ্ৰন্থৰত্নত্ৰয়ী” বুলি আখ্যা দিব পাৰো । সেইকেইখন হ’ল দেৱী (ডিচেম্বৰ ১৯৮৬),শিৱ ( ডিচেম্বৰ ১৯৯৭), আৰু সূৰ্য্য (ডিচেম্বৰ২০০০) । এই তিনিখন গ্ৰন্থই ড০ বৰদলৈক পাণ্ডিত্যৰ যিটো স্থানত উপনীত কৰালে সেই স্থানত কোনোবা অসমীয়া পণ্ডিত যে সহজে উপনীত নহয় সেইটো নিশ্চিত । অসমৰ সৰস্বতী গৰাকীয়ে প্ৰথমে “দেৱী” গ্ৰন্থখন সমাপ্ত কৰি তাৰ পাছতহে “শিৱ” আৰু “সূৰ্য্য” নামৰ গৱেষণা গ্ৰন্থ দুখন ৰচনাত মনোনিবেশ কৰিছিল আৰু লেখিকাৰ এই কাৰ্য্যক ” নাৰীক অগ্ৰাধিকাৰ দিয়াৰ ভাৰতীয় পৰম্পৰাৰ পৰাকাষ্ঠা ” বুলি সঠিক ভাবেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত ড০ মুকুন্দ মাধৱ শৰ্মাই মন্তব্য কৰিছে। “দেৱী” গ্ৰন্থত সমগ্ৰ ভাৰতবৰ্ষতে আৰাধনা কৰা বিভিন্ন দেৱীৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ মাজত প্ৰচলিত বিভিন্ন দেৱীৰ উৎস আৰু পূজা সম্পৰ্কত বিস্তৃত ভাৱে আলোচনা কৰা হৈছে । ভাৰতবৰ্ষৰ কিছুমান দেৱীৰ নাম যে ৰোমান দেৱীৰ পৰা অহাৰ যুক্তি আছে সেই কথাও তেখেতে ড০ সুকুমাৰ সেনৰ Great Goddess in Indian Tradition গ্ৰন্থৰ উদ্ধৃতিৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ।
যি দেশত দেৱীক সৰ্বত্ৰে পূজা কৰা হয় সেই দেশত নাৰী সদা-সৰ্বদা উচ্চ আসনত অধিষ্ঠিত হৈ আহিছে বুলি সাধাৰণতে কোৱা হয়। অধিকাংশ ইতিহাসকাৰেও এই কথা সততে কৈ আহিছে। কিন্তু দুই-এক বিৰল ব্যতিক্ৰম বাদ দি ভাৰতৰ নৃপতি বৰ্গই নাৰীক সদায়েই পণ্য সামগ্ৰীৰ সৈতেহে তুলনা কৰি আহিছে।নাৰীৰ ব্যক্তিগত আশা আকাংক্ষা, ইচ্ছা-অনিচ্ছাক প্ৰায় বিলাক নৃপতিয়েই গুৰুত্ব দিয়া নাছিল।
খ্ৰীষ্টপূৰ্ব সপ্তম আৰু ষষ্ঠ শতাব্দীত উত্তৰ ভাৰতত ষোল্ল খন জনপদ অৰ্থাৎ ৰাজ্য আছিল বুলি বিভিন্ন উৎসৰ পৰা আমি জানিব পাৰো । ইয়াৰে কিছুমান আছিল ৰাজতন্ত্ৰ আৰু কিছুমান আছিল প্ৰজাতন্ত্ৰ। ৰাজতন্ত্ৰ প্ৰচলিত থকা ৰাজ্য সমূহৰ ভিতৰত কাশী,কোশল,অংগ,মগধ, ছেদী,বৎস, আৰু অৱন্তী আছিল উল্লেখযোগ্য। বৰ্তমানৰ এলাহাবাদ অঞ্চলত অৱস্থিত বৎস ৰাজ্যৰ সৈতে মগধ আৰু অৱন্তী ৰাজ্যৰ দীৰ্ঘকালীন সংঘৰ্ষ চলি আছিল আৰু এই সংঘৰ্ষৰ যৱনিকা পেলাইছিল বৎস ৰাজ্যৰ শাসনকৰ্তা উদয়নে সেই দুই ৰাজ্যৰ কন্যাৰ পাণি গ্ৰহণ কৰি । অৰ্থাৎ মগধ ৰাজকন্যা আৰু অৱন্তী ৰাজকুমাৰীৰ নিজস্ব আশা-আকাংক্ষা , হৰ্ষ- বিষাদলৈ কৰ্ণপাত নকৰি এখন শত্ৰু ৰাজ্যৰ শাসনকৰ্তাৰ হাতত তেওঁলোক ক তুলি দিছিল ৰাজ্য দুখনৰ শান্তি অব্যাহত ৰখাৰ স্বাৰ্থত! মহাকাব্যত বৰ্ণিত কাহিনী বাদ দিলে ওপৰত উল্লেখ কৰা কাহিনীটোৱেই প্ৰথম ঐতিহাসিক ঘটনা য’ত দুগৰাকী ৰাজকন্যাক পৰ্যবসিত কৰা হৈছে পণ্য সামগ্ৰীলৈ । ভাৰতবৰ্ষত দেৱী পূজা কৰাৰ সমান্তৰাল ভাৱে, মাতৃ পূজা, কুমাৰী পূজা কৰাৰ সমান্তৰাল ভাৱে যে নাৰীক পণ্য সামগ্ৰীৰ সৈতেও তুলনা কৰা হয় তাৰ উদাহৰণ দি অন্ত কৰিব নোৱাৰি । আমাৰ অসম দেশতো অতীজৰে পৰা দেৱীক পূজা কৰাৰ সমান্তৰাল ভাৱে নাৰীক পণ্য সামগ্ৰী হিচাপেও যে ব্যৱহাৰ কৰি আহিছে তাৰ উদাহৰণ আছে অজস্ৰ ।এজনী ছবছৰীয়া অকণমানি ছোৱালী; মাকৰ আঁচলত ধৰি দিনটো মাকৰ ছাঁ টো হৈ ঘূৰি ফুৰে । মাকৰ বুকুৰ উম লৈ টোপনি যোৱা,মাকে খুৱাই দিলেহে খাব খোজা সেই অকণমানি মৰম লগা ছোৱালীজনীও হঠাতে পণ্য সামগ্ৰীলৈ পৰ্যবসিত হ’ব পাৰে ! মাকৰ আঁচলত মুখ লুকুওৱাৰ পৰিবৰ্তে, দেউতাকৰ কোলাত বহি আকাশৰ জোন তৰা চোৱাৰ পৰিবৰ্তে চিৰ জীৱনৰ বাবে নিজ মাতৃভূমি ত্যাগ কৰি এখন অচিনা অজানা দেশলৈ গুচি যাব লগা হ’ব পাৰে! অকণমানি ছোৱালীজনী কান্দি কান্দি ভাগৰি গলেও নিচুকাবলৈ কাষত কোনো নাথাকে। এনে এক পৰিবেশ আপুনি কল্পনা কৰিব পাৰেনে ? কিন্তু এইয়াই যে বাস্তৱ ! ঘটনাটো এইখন অসমৰে ।
তেতিয়া আহোমৰ ৰাজসিংহাসনত চুতাম্লা জয়ধ্বজ সিংহ । তেওঁ আছিল উচ্চাকাংক্ষী। মোগলৰ ৰাজধানী দিল্লীত চলি থকা অৰাজকতাৰ সুযোগ লৈ আহোম – মোগলৰ মাজত স্বাক্ষৰিত ১৬৩৯ চনৰ চুক্তি ভংগ কৰি জয়ধ্বজ সিংহই গুৱাহাটী পূনৰ দখল কৰি আহোম ৰাজ্যৰ পশ্চিম সীমা মানাহ নিৰ্ধাৰণ কৰিলে। ইতিমধ্যে দিল্লীৰ মচনদ দখলৰ যুঁজত ঔৰংগজেৱ জয়ী হ’ল আৰু তেওঁৰ ৰাজপাট আৰোহনত উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰা মীৰজুমলাক আসন আক্ৰমণ কৰিবলৈ পঠিয়ালে । মীৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহিছিল বুলি কোৱা হলেও আচলতে ঔ’ৰংগজেৱে দক্ষিণ পূব এচিয়াত নিজৰ আধিপত্য বিস্তাৰৰ অংশ স্বৰেপেহে এই অভিযানৰ পাতনি মেলিছিল। সম্ৰাট ছাহজাহানে ইতিমধ্যে তিনিবাৰকৈ সামৰিক অভিযান চলায়ো উত্তৰ পছিম সীমান্তৰ কান্দাহাৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব নোৱাৰিলে । পৰিবৰ্তে ৰাজকোষৰ ১২ কোটি টকা আৰু অলেখ অস্ত্ৰ- শস্ত্ৰ লোকচান হ’ল । মধ্য এছিয়া নীতিতো ছাহজাহান বিফল হৈছিল আৰু ৰাজকোষৰ ৪ কোটি টকা ব্যয় হৈছিল । সেয়েহে ঔ’ৰংগজেৱে দক্ষিণ পূব এচিয়াত সাম্ৰাজ্য প্ৰসাৰণৰ বাবে মন বান্ধিছিল । এই কথা নিশ্চিত, দিল্লীৰ পৰা ইমান দূৰৈত অৱস্থিত, ভৌগোলিক প্ৰতিকুলতাৰ মাজত অসমখন মোগল সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰাৰ আঁচনি ঔ’ৰংগজেৱ বা আন মোগল সম্ৰাটৰো নাছিল , অসমক আচলতে এক কৰিডৰ হিচাপেহে ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল। আহোম ৰাজ্যখন ঐশ্বৰ্য্যশালী ও নাছিল কেতিয়াও। অসমত তাম্ৰেশ্বৰী মন্দিৰ থকা মানেই তামৰ খনি থকা কথাটো যি দৰে নুবুজাই, কোনোবা কল্পনা পিয়াসী কবিয়ে ” সোণৰ অসম ই যে , হীৰা মণি মৰকত ধূলিত বাগৰে । মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে।।” বুলি ক’লেও অসমত সোণ ৰূপ উভৈনদী নাছিল। আহোম ৰাজ্যখন ঐশ্বৰ্য্যশালী হোৱা হ’লে ঘিলাধাৰী ঘাটৰ সন্ধি মতে যুদ্ধৰ ক্ষতিপুৰণ হিচাপে মোগলক দিব লগা তিনিলাখ টকা তৎক্ষণাৎ দিলে হেঁতেন । পৰবৰ্তী কালত আহোম ৰজাই টকাৰ পৰিবৰ্তে হাতী দিছিল আৰু এটা হাতীৰ মূল্য নিৰ্ধাৰণ কৰিছিল দুহেজাৰ টকাকৈ। কেৱল সিমানেই নহয় এখন মাত্ৰ যুদ্ধতেই আহোমৰ অস্ত্ৰ ভাণ্ডাৰো নিঃশেষ হৈ পৰিছিল। সেয়েহে কৈছো, অসম এতিয়াৰ দৰে আগতেও ঐশ্বৰ্য্যশালী নাছিল।
সি যিকি নহওক, মীৰজুমলাৰ নেতৃত্বৰ মোগল বাহিনীক আহোম সেনাই প্ৰতিহত কৰিবলৈ বেছি কষ্ট কৰিবলগীয়া নহলহেঁতেন। পিছে স্বৰ্গদেউ জয়ধ্বজ সিংহই মনথিৰ ভড়ালী বৰুৱা নামৰ ৰাজকোষৰ তত্ত্বাৱধানত থকা এজন তলখাপৰ বিষয়াক বৰফুকনৰো ওপৰত মূখ্য সেনাপতিৰ দায়িত্ব অৰ্পণ কৰি মীৰজুমলাৰ বিপক্ষে পঠালে । ই আছিল আহোম শাসনৰ ৪৩৪ বছৰীয়া ইতিহাসৰ নোহোৱা নোপজা ঘটনা। ফলস্বৰূপে প্ৰায় বিলাক আহোম বা- বিষয়া অসন্তুষ্ট হৈ যুদ্ধলৈ পিঠি দিলে আৰু শিমলুগড়ৰ নিচিনা দুৰ্ভেদ্য গড়ো মোগলে অনায়াসে দখল কৰিলে । ইমানেই নহয়, ৰজা হোৱাৰ হাবিয়াস কৰি বাদুলী ফুকনে গড়গাঁৱলৈ শত্ৰু সৈন্যক বাট দেখুৱাই দিলে । জয়ধ্বজ সিংহ নামৰূপলৈ পলাই গ’ল আৰু অৱশেষত মীৰজুমলাৰ সৈতে অপমান জনক ঘিলাঝাৰী ঘাটৰ সন্ধি কৰিবলৈ বাধ্য হ’ল। চুক্তিৰ এটা চৰ্ত মতে স্বৰ্গদেউৰ ছবছৰীয়া জীয়েক ৰমণী গাভৰু আৰু তিপাম ৰজাৰ এগৰাকী জীয়েকক মোগল ৰাজ-দৰবাৰলৈ লৈ পঠাব লগা হ’ল ।
ছবছৰীয়া এগৰাকী ৰাজকন্যা,যাৰ দিনান্ত অতিবাহিত হয় লিগিৰীৰ আলপৈচানত, ৰাতি নিৰ্বিঘ্নে টোপনি যায় মাতৃৰ বুকুৰ মাজত– সেই গৰাকী কণমানি কে পঠাব লগা হ’ল ৰাজপ্ৰাসাদৰ পৰা ২৩০০ কিলোমিটাৰ দূৰৈৰ এখন অচিনা ঠাইলৈ । সেই ঠাইৰ মানুহ – গছ- লতা সকলো অচিনাকি। অচিনাকি ভাষা- ধৰ্ম – সংস্কৃতি । তথাপি কাৰোবাৰ হাবিয়াস পূৰণ কৰিবলৈ, সেই কণমানি জনীয়ে নিজ মাতৃভূমি ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ১৬৬৮ চনত এঘাৰ বছৰ বয়সত ৰমণী গাভৰুৰ বিয়া হৈছিল মোগল সম্ৰাট ঔৰংগজেৱৰ পুত্ৰ আজমতৰাৰ সৈতে । আহোম ৰজাই এই বিয়াৰ যৌতুক হিচাপে এক লাখ আশী হাজাৰ টকা দিছিল। ৰমণী গাভৰু বাধ্যত পৰি মোগল সাম্ৰাজ্যলৈ গলেও তেওঁৰ শৰীৰটোহে তাত আছিল ; আত্মাটো আছিল নিজ মাতৃভূমিত। তেওঁৰ শৰীৰৰ প্ৰতি বিন্দু শোণিতত প্ৰবাহিত হৈছিল উদগ্ৰ দেশ প্ৰেম। তেওঁ আছিল মোমাই তামূলী বৰবৰুৱাৰ নাতিনীয়েক আৰু লাচিত বৰফুকনৰ ভাগিনীয়েক। লাচিত বৰফুকনৰ মৃত্যুৰ পিছত দেশত দেখা দিয়া ৰাজনৈতিক সংকটৰ সময়ত তেওঁৰ আন এজন মোমায়েক লালুকসোলাই চাৰিলাখ টকাৰ বিনিময়ত গুৱাহাটী খন মোগলৰ হাতত চমজাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল এই ৰমণী গাভৰুৱে । কিন্তু ক্ষমতাৰ লালসাত অন্ধ লালুকে তেওঁৰ কথাত গুৰুত্ব নিদিলে। যিখন গুৱাহাটী ৰক্ষাৰ বাবে লাচিতে মৰণত শৰণ দি মোগলৰ সৈতে তয়াময়া যুদ্ধ কৰিছিল, সেইখন গুৱাহাটীকে তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃয়ে হাঁহি হাঁহি মোগলৰ হাতত চমজাই দিলে । ইয়াতকৈ আৰু বিড়ম্বনাৰ কথা কিবা থাকিব পাৰেনে?
সি যিকি নহওক , ৰমণী গাভৰুক মোগল ৰাজ-দৰবাৰলৈ পঠোৱা আৰু বৎস ৰাজ্যৰ শাসনকৰ্তা উদয়নে মগধ আৰু অৱন্তী ৰাজ্যৰ ৰাজ কন্যাক বিয়া কৰোৱাৰ মাজত সময়ৰ পাৰ্থক্য ২৩০০ বছৰ। ইমান এটা দীঘলীয়া সময়ত পৃথিৱী খনৰ সীমাহীন পৰিবৰ্তন হ’ল মানুহৰ চিন্তা শক্তি,বুদ্ধি বৃত্তিৰো আমুল পৰিবৰ্তন হ’ল ; কিন্তু পৰিবৰ্তন নঘটিল নাৰীৰ প্ৰতি থকা মানসিকতাৰ । খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত নাৰীক যি দৰে পণ্য সামগ্ৰীৰ সৈতে তুলনা কৰি সাধাৰণ জীৱ-জন্তু বেচা কিনাৰ দৰে ব্যৱহাৰ কৰিছিল , এতিয়া ২৩০০ বছৰৰ পাছত সপ্তদশ শতাব্দীৰ মাজ ভাগতো তাৰ কোনো পৰিবৰ্তন নহ’ল। কেৱল সেয়াই নহয়, নাৰীৰ প্ৰতি নৃপতি বৰ্গৰ ধ্যান ধাৰণা পৰবৰ্তী শতিকা কেইটাতো একেই থাকিল । উনবিংশ শতাব্দীৰ প্ৰথম দশকত আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে চিংফৌ সকলৰ অত্যাচাৰৰ পৰা প্ৰজাক ৰক্ষা কৰিবলৈ চিংফৌ ৰজা বিচাঙলৈ ৰঙিলী নামৰ এগৰাকী সম্ভ্ৰান্ত আহোম কুঁৱৰী প্ৰেৰণ কৰিছিল ; বিচাঙে আকৌ তেওঁক প্ৰেৰণ কৰিলে মান ৰজা বদোয়াপাৰ সন্তুষ্টিৰ বাবে। ঠিক জীৱ-জন্তুৰ দৰে কিনা- বেচা ! এনেদৰেই শতিকাৰ পাছত শতিকা জুৰি নাৰীক শোষণ কৰি অহা হৈছে । নাৰীৰ চিন্তা কৰাৰ অধিকাৰ,মৰম- চেনেহ, প্ৰেম- ভালপোৱা –এইবিলাকৰ কোনো মূল্য নাছিল নৃপতি বৰ্গৰ সমুখত। কোনোবা পুৰুষৰ গুণ গান গালেও তেওঁ পাইছিল গাৰ নোম শিঁয়ৰি যোৱা শাস্তি । এবাৰ আহোম ৰজা চুপিমফাৰ গৰ্ভৱতী পত্নী এগৰাকীয়ে কৰ শোধাবলৈ অহা নগা লোক এজনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰা বাবেই চুপিমফাই তেওঁক নগা জনৰ হাতত সমৰ্পন কৰিছিল। পৰবৰ্তী পৰ্যায়ত সেই কুঁৱৰীৰ সন্তানটিকে চুহুংমুঙে “বৰপাত্ৰগোঁহাই” নামৰ এটি নতুন বিষয়- বাব সৃষ্টি কৰি সংস্থাপিত কৰিছিল।
এনে অনেক সৰু-বৰ কাহিনী ৰে অসম তথা ভাৰতবৰ্ষৰ বুৰঞ্জী ভাৰাক্ৰান্ত ।নাৰী সম্পৰ্কীয় এই কাহিনী বিলাকত কোনো পৰম্পৰাবাদী বুৰঞ্জীবিদে হয়তো কিবা ইতিবাচক দিশো বিচাৰি পাব পাৰে ; কিন্তু আমাৰ নিচিনা সাধাৰণ পাঠকৰ দৃষ্টিত এই কাহিনী বিলাক নাৰী শোষণৰ, নাৰী নিৰ্যাতনৰ, নাৰীক পশুৰ সৈতে তুলনা কৰাৰ নামান্তৰ মাথোন ।
ৰাতুল মহন্ত, তিতাবৰ