ভাৰতৰ গʼলফ খেলুৱৈ অদিতি অশোক বৰ্তমানেও দ্বিতীয় স্থানত দখল কৰি আছে
অনলাইন বাৰ্ত্তাসেৱা– টকিঅʼ অলিম্পিকত ভাৰতৰ মহিলা গʼলফ খেলুৱৈ অদিতি অশোক আজি অনুষ্ঠিত হোৱা দ্বিতীয় ৰাউণ্ডতো পূৰ্বৰ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বুধবাৰে অনুষ্ঠিত গʼলফৰ প্ৰথম ৰাউণ্ডতো অদিতি অশোকে চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল। গʼলফৰ প্ৰথম ৰাউম্ডৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেলীৰ সৈতে দ্বিতীয় স্থানত উপৱিষ্ট হৈছিল ভাৰতৰ অদিতি অশোক।
(R.T)
