ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা হাবত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব গুগলে 

ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা হাবত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব গুগলে 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰলৈ আমেৰিকাৰ বাহিৰত সৰ্ববৃহৎ ডাটা চেণ্টাৰ তথা কৃত্রিম বুদ্ধিমত্তা বেছ স্থাপনৰ বাবে বিখ্যাত প্রযুক্তি প্রতিষ্ঠান গুগলে ভাৰতক বাছনি কৰিছে । এই সন্দৰ্ভত গুগলৰ মুৰব্বী সুন্দৰ পিছায়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে অন্ধ্র প্রদেশৰ বিশাখাপট্টনমত থকা কৃত্রিম বুদ্ধিমত্তা হাবৰ বাবে ৫ বছৰৰ ভিতৰত ১৫ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগৰ পৰিকল্পনা তথ্য সদৰি কৰে। এই পৰিকল্পনাক ঐতিহাসিক আখ্যা দি ভাৰতীয় মূলৰ সুন্দৰ পিছায়ে কয় যে এই হাবে ডাটাৰ পৰিসৰৰ গণনা ক্ষমতা, নতুন আন্তঃৰাষ্ট্ৰীয় গেটৱে আৰু বৃহৎ পৰিসৰৰ শক্তি আন্তঃগাঁথনি গঢ়ি তুলিব। গুগলৰ অন্ধ্রপ্রদেশৰ চৰকাৰৰ মাজত স্বাক্ষৰিত চুক্তিৰ কথা ছ’চিয়েল মিডিয়াত সদৰি কৰি গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে গুগলে তেওঁলোকৰ উদ্যোগৰ অগ্ৰণী প্রযুক্তি ভাৰতৰ উদ্যোগী আৰু ব্যৱহাৰ কাৰীসকলৰ লগত লৈ আহিব। তদুপৰি এই প্রচেষ্টাই উদ্ভাৱনা ত্বৰান্বিত কৰাৰ লগতে সমগ্ৰ দেশত বিকাশৰ দিশত অগ্ৰসৰ হ’ব। প্রধানমন্ত্রী মোদীয়ে গুগলৰ বিনিয়োগক আদৰণি জনাই কয় যে গুগলৰ এই হাব গিগাৱাট স্কেলৰ ডাটা চেণ্টাৰ অন্তর্ভুক্ত কৰা বহুমুখী বিনিয়োগ আৰু বিকশিত ভাৰত নিৰ্মাণৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। এই কেন্দ্রটো প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণৰ ক্ষেত্ৰত এক শক্তিশালী ইন্ধন হ’ব। তদুপৰি এই সকলোৰে বাবে এ আই নিশ্চিত কৰিব। আমাৰ নাগৰিকসকলক অত্যাধুনিক সজুলি প্ৰদান কৰাৰ লগতে ডিজিটেল অর্থনীতিৰ বিকাশ সাধন আৰু ভাৰতক বিশ্বৰ প্রযুক্তি অগ্রণী দেশ হিচাপে ইয়াৰ স্থান সলনি কৰিব।