ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব ট্রাম্পে

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থকাৰ বাবে মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অধিক উচ্চ হাৰত পুনৰ শুল্কৰ বোজা জাপি দিবলৈ আগবাঢ়িছে। ৰাছিয়াৰ ওপৰত পোটক তুলিবলৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ সৈতে বাণিজ্যিক লেনদেন কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। সম্প্রতি ৰাছিয়াৰ পৰা তেল আৰু ইউৰেনিয়াম ক্ৰয় কৰি থকা দেশসমূহক লক্ষ্য কৰি প্ৰস্তুত কৰা ‘ছেংকশ্বনিং ৰাছিয়া এক্ট ২০২৫’ নামৰ এখন দ্বিপাক্ষিক বিধেয়কত ট্ৰাম্পে অনুমোদন জনাইছে। বিধেয়কখন গৃহীত হ’লেই বিশেষকৈ ভাৰত আৰু চীনৰ বাণিজ্যৰ ওপৰত এটা বৃহৎ চাপ পৰিব বুলি ধাৰণা কৰা হৈছে। কাৰণ নিজ নিজ দেশৰ তেলৰ চাহিদা পূৰণ কৰাৰ বাবে দেশ দুখনে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল ক্রয় কৰে। ৰিপাব্লিকান চিনেটৰ লিণ্ডছে গ্রাহামে জনোৱা মতে, যোৱা কেইবামাহ ধৰি বিলখনক লৈ আলোচনা-বিলোচনা চলি আছিল। বুধবাৰে ইয়াকে লৈ ৰাষ্ট্ৰপতিৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ৰাষ্ট্ৰপতি ট্রাম্পে বিলখন গৃহীতকৰণত অনুমোদন জনায়। তেওঁ মন্তব্য কৰে যে বিলখন গৃহীত কৰাৰ এইটোৱেই উপযুক্ত সময়। ইউক্রেইন সম্প্ৰতি শান্তি চুক্তিৰ পক্ষত। কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মুখেৰে যুদ্ধবিৰতিৰ কথা প্রকাশ কৰিলেও তেওঁ নিৰীহৰ হত্যা চলায়ে আছে। এনে পৰিস্থিতিত ৰাছিয়াৰ পৰা বহু দেশে কম দামত তেল কিনি পুটিনৰ যুদ্ধৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। এই বিধেয়কখন গৃহীত হ’লে তেনে দেশসমূহে শাস্তিৰ সন্মুখীন হ’ব লাগিব। অহা সপ্তাহতে মার্কিন চিনেটত বিলখনক লৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব পাৰে বুলি তেওঁ জনায়। উল্লেখ্য যে ভাৰত আৰু চীনৰ উপৰি ৰাছিয়াৰ তেল আৰু গেছৰ বৃহৎ গ্রাহক ব্রাজিলকে ধৰি আন কেইবাখনো দেশ আছে। মার্কিন নেতাসকলে ধাৰণা কৰে যে ভাৰত আৰু চীনে এনেদৰে তেল কিনাৰ জৰিয়তে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধখনত পুটিনৰ ‘বেকবোন’ হিচাপে কাম কৰিছে। ফলত ইউক্রেইনৰ পক্ষত থিয় হ’বলৈ গৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে। উল্লেখ্য যে আমেৰিকাৰ ক্ষমতা দখলৰ পিছতে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ বন্ধ কৰিবলৈ তৎপৰ হৈছিল মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। পুটিনৰ সৈতে এই সন্দর্ভত আলোচনাৰ চেষ্টা চলিলেও খুব এটা সফলতা লাভ নকৰিলে আমেৰিকাই।