ভাৰতৰ ওপৰত পুনৰ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ ৰাষ্ট্ৰপতি ট্রাম্পৰ

ভাৰতৰ ওপৰত পুনৰ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ ৰাষ্ট্ৰপতি  ট্রাম্পৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাছিয়াৰ তেল ক্রয়ক লৈ ভাৰতৰ বিৰুদ্ধে ক্ষুণ্ণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত পুনৰ ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। ইয়াকে লৈ ভাৰতৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পালে। ৰাছিয়াৰ পৰা তেল আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰা ভাৰতৰ বিৰুদ্ধে ক্ষুণ্ণ মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কিছুদিন পূর্বে নতুন দিল্লীৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক ২৫ শতাংশ আৰোপ কৰিছিল। ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা শুল্কক লৈ ভাৰতে বিশেষ গুৰুত্ব নিদি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে ক্ষুণ্ণ ট্রাম্পে কালি ২৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ বিৰুদ্ধে পুনৰ ২৫ শতাংশ শুল্ক আৰোপৰ হুংকাৰ দিয়ে। ২৪ ঘণ্টাৰ মূৰকত ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ট্রাম্পে স্বাক্ষৰ কৰা নিৰ্দেশত নতুন দিল্লীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা বুলি উল্লেখ কৰা হৈছে যদিও এই সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়োৱা নাই।  মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ পাছতে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে নতুন দিল্লীয়ে। আমেৰিকাই আৰোপ কৰা এই অতিৰিক্ত শুল্ক অন্যায় আৰু অযুক্তিকৰ বুলি আখ্যা দি নতুন দিল্লীয়ে দেশৰ স্বাৰ্থত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও বিবৃতিত উল্লেখ কৰিছে।