ভাৰতৰ ওপৰত আমেৰিকাৰ অধিক শুল্ক আৰোপৰ তীব্র বিৰোধিতা চীনৰ

ভাৰতৰ ওপৰত আমেৰিকাৰ অধিক শুল্ক আৰোপৰ তীব্র বিৰোধিতা চীনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবেই আমেৰিকাই ভাৰতৰ ওপৰত জৰিমনাসহ অতিৰিক্ত শুল্ক আৰোপ কৰাক লৈ তীব্র বিৰোধিতা কৰিছে চীনে। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ কৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি গৰিহণা জনাই নতুন দিল্লীস্থিত চীনৰ ৰাষ্ট্ৰদূত চ্যু ফেইহঙে কয় যে চীনে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। তেনে প্রক্রিয়াই আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাটোত ব্যাঘাত জন্মাব। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাষ্ট্রদূত ফেইহঙে কয়- আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আৰু অধিক বৃদ্ধিৰ ভাবুকি দিছে। চীনে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। নীৰৱতাই কেৱল সুযোগহে দিয়ে। চীন ভাৰতৰ সৈতে সম্পূর্ণভাৱে থিয় দিব। ট্রাম্পৰ শুল্ক বোমাই আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাটোত ব্যাঘাত জন্মোৱাৰ অভিযোগ উত্থাপন কৰি চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে নতুন দিল্লী আৰু ভাৰতৰ মাজত বিশ্বাস আৰু সমন্বয়ৰ পৰিৱেশ আৰম্ভ হৈছে। দুয়ো দেশে প্রতিদ্বন্দ্বিতাৰ পৰিৱৰ্তে একেলগে কাম কৰা উচিত। চীন আৰু ভাৰতে কৌশলগত বুজাবুজিক আগবঢ়াই নি সন্দেহৰ বাৰ্তাটো আঁতৰ কৰিব লাগে বুলিও কয় ৰাষ্ট্ৰদূতগৰাকীয়ে। ভাৰত আৰু চীনৰ সম্পৰ্কৰ গুৰুত্বক বহলাই ব্যাখ্যা কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয়- দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ আকাৰ, ঐক্য আৰু সমন্বয়েহে উমৈহতীয়া উন্নয়নৰ পথেৰে আগুৱাই নিব পাৰে। চীন আৰু ভাৰতৰ বন্ধুত্বই এছিয়াক লাভৱান্বিত কৰিব। এছিয়াৰ উন্নয়নৰ ডাল ইঞ্জিন ভাৰত আৰু চীন। দুয়ো দেশে একেলগে কাম কৰিলে সমগ্র বিশ্বই লাভৱান্বিত হ’ব। উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ টানজিনত আয়োজিত এছচিঅ’ সন্মিলনত অংশ ল’বৰ বাবে দেশখনলৈ ভ্ৰমণলৈ যোৱাটো দুই দেশৰ বাবেই ইতিবাচক। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে চীন আৰু ভাৰতৰ সম্পর্কত নতুন গতি দিব বুলিও আশা প্রকাশ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে।