ভাৰতৰ ওপৰত আক্ৰমণৰ হুংকাৰ পাক প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আক্ৰমণৰ হুংকাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ। আমেৰিকাৰ ভূমিৰ পৰা পাক সেনাপ্রধান ফিল্ড মাছাল অছিম মুনিৰে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ পাছত চিৰবৈৰী ৰাষ্ট্ৰখনৰ ভূমিৰ পৰা ভাৰতক আক্ৰমণৰ হুংকাৰ পাক প্রধানমন্ত্রী শ্বৰীফৰ। ইছলামাবাদত এক কাৰ্যসূচীত অংশগ্রহণ কৰি পাক প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে ভাৰতে সিন্ধু চুক্তি স্থগিতকৰণ কৰাৰ বিষয়টো উত্থাপন কৰি পাকিস্তানৰ এটোপাল পানী কাঢ়ি নিলেই ভাৰতৰ ওপৰত আক্ৰমণ চলোৱা হ’ব বুলি হুংকাৰ দিয়ে। প্রধানমন্ত্রী শ্বৰীফে কয়-মই শত্রুক আজি ক’ব বিচাৰিছোঁ যে যদি আপোনালোকে আমাৰ পানী বন্ধ কৰি ৰখাৰ ভাবুকি দিয়ে, তেন্তে মনত ৰাখিব এটোপাল পাকিস্তানৰ পানী কাঢ়ি নিলেই আক্রমণ কৰা হ’ব। যদি ভাৰতে পানী কাঢ়ি নিয়াৰ ব্যৱস্থা গ্রহণ কৰে তেতিয়াহ’লে দেশখনক এনে শিকনি দিম, কাহানিও তাক পাহৰিব নোৱাৰিব। উল্লেখ্য যে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্রী বিলাৱাল ভুট্টো জাৰ্ডাৰীয়ে সিন্ধু জলচুক্তি স্থগিতকৰণ কৰি ৰখা নতুন দিল্লীয়ে যদি সিন্ধু নদীৰ সভ্যতাক আক্রমণ কৰে তেতিয়াহ’লে নতুন দিল্লীয়ে যুদ্ধৰ বাবে উচটনি দিয়া হ’ব। ইপিনে পাক প্রধানমন্ত্রী শ্বৰীফে ভাৰতক আক্ৰমণৰ হুংকাৰ দিয়াৰ প্ৰত্যুত্তৰ দিছে এ আই এম আই এম ৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন অ’ৱেছিয়ে। হায়দৰাবাদৰ সাংসদগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক মূর্খৰ দৰে মন্তব্য নিদিবলৈ সকীয়াই দি ব্রাহ্মোছ মিছাইলৰ প্ৰসংগ উল্লেখ কৰে। দীর্ঘ দূৰত্বৰ ছুপাৰছনিক মিছাইলৰ প্ৰসংগ উল্লেখ কৰি হায়দৰাবাদৰ সাংসদ অ’ৱেছিয়ে কয়- আমাৰ হাতত ব্রাহ্মোছ আছে। তদুপৰি অপাৰেচন সিন্দুৰৰ সময়ত ৯টা সেনাৰ ঘাটি ভাৰতে বিধ্বস্ত কৰাৰ সময়ত প্রধানমন্ত্রী শ্বৰীফে ছুইমিং কছটিউম পিন্ধি থকা বুলিও কটাক্ষ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে যেনেধৰণৰ মূর্খামিসূচক মন্তব্য আগবঢ়াইছে তেনে মন্তব্যই ভৰতৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলিও কয় সাংসদগৰাকীয়ে। তেওঁ পুনৰ কয়- চৰকাৰে সিন্ধু জল চুক্তি স্থগিত কৰি ৰাখিছে, পথ মুকলি কৰাৰ বিপৰীতে আপোনালোকে আমাক ভাবুকি দি আছে। এনেধৰণৰ ভাবুকি কোনো কামত নাহে, বহু বেছি হৈ গৈছে।