ভাৰতৰ আকাশমার্গত নিষিদ্ধ পাকিস্তানৰ বিমান উৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত নৰসংহাৰ চলোৱাৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে ভাৰতে। পাকিস্তানে ভাৰতীয় বিমানৰ উৰণ নিষিদ্ধ কৰাৰ পিছত নতুন দিল্লীয়েও পাকিস্তানৰ সকলো বিমানৰ উৰণ ভাৰতীয় আকাশমাৰ্গত নিষিদ্ধ কৰিছে।স্থল-জল আৰু আকাশত সেনাই সদাসষ্টম হৈ থকাৰ মাজতে ভাৰতীয় নৌবাহিনীয়ে আৰব সাগৰত অনুশীলন চলাইছে। ৩০ এপ্ৰিলৰ পৰা ৩ মে’লৈ গুজৰাটৰ উপকূলত সাগৰীয় সীমাত নৌবাহিনীয়ে অনুশীলন চলাই আছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানেও নিজৰ সাগৰীয় সীমাত ৩০ এপ্ৰিলৰ পৰা ২ মে’লৈকে নৌসেনাৰ অনুশীলন আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তথ্য মতে, এই অনুশীলন নিয়মীয়া বুলি প্রকাশ কৰা হৈছে যদিও পেহেলগাম নৰসংহাৰৰ পিছত দুই দেশৰ এই অনুশীলনে এখন যুদ্ধৰ ইংগিত দিছে। মন কৰিবলগীয়া যে যোৱা ২৭ এপ্ৰিলত ভাৰতীয় নৌসেনাই যুদ্ধ জাহাজৰ পৰা দীর্ঘ দূৰত্বৰ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল। পেহেলগামৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে প্রতিশোধৰ লক্ষ্যৰে ইতিমধ্যে নতুন দিল্লীয়ে ৰণনীতি প্রস্তুত কৰি তুলিছে। বুধবাৰে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্রালয়ে ভাৰতৰ আকাশমার্গত পাকিস্তানৰ সামৰিক আৰু অসামৰিক বিমানৰ উৰণ নিষিদ্ধ ঘোষণা কৰিছে। ২৩ মে’লৈ এই নির্দেশনা জাৰি থাকিব।
