ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা আৰু IMF মুৰব্বীৰ মন্তব্য-  দেবর্ষি গৌতম

Pc Reuters

ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা আৰু IMF মুৰব্বীৰ মন্তব্য

ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশ ২০২৪ চনৰ ভিতৰত প্ৰায় ১৫% বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান বিশ্বৰ আগশাৰীৰ বহু দেশে বিত্তীয় সংকটৰ মাজেৰে পৰিচালিত হব লগা হোৱাৰ বিপৰীতে ভাৰতবৰ্ষই কিন্তু এই ক্ষেত্ৰত এক সবল স্থিতিত অৱতীৰ্ণ হবলৈ সক্ষম হৈছে। এই সকলোবোৰ তথ্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে ভাৰতৰ অৰ্থনৈতিক নীতিসমূহ সঠিকভাৱে পৰিচালিত হৈ আছে। International Monitary Fund চমুকৈ IMF ৰ মুৰব্বী Kristalina Georgieva ই ২২-০২-২০২৩ তাৰিখে কৰা মন্তব্য মতে ভাৰতে কোভিডকালীন পৰিস্থিতিৰ পৰা যি শিক্ষা লাভ কৰিলে সেই অভিজ্ঞতাই ভাৰতক অৰ্থনৈতিক ভাৱে সবল হোৱাত সহায় কৰিছে। কোভিডকালীন পৰিস্থিতিত সমগ্ৰ বিশ্বৰ প্ৰায় প্ৰতিখন দেশে অৰ্থনৈতিক ভাৱে দুৰ্বল হৈ পৰিছিল কিন্তু কোভিডকালীন পৰিস্থিতি সমাপ্ত হোৱাৰ পিছত নিজৰ দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰাত ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে সক্ষম হৈছে। কোভিডকালীন পৰিস্থিতিৰ পিছৰ পৰা ভাৰতবৰ্ষত ডিজিটেল মাধ্যমৰ প্ৰসাৰ ক্ষিপ্ৰতাৰে বৃদ্ধি হৈছে। এই ডিজিটেল মাধ্যমৰ প্ৰসাৰে ভাৰতক অৰ্থনৈতিকভাবে স্বচ্ছল হোৱাত অধিক অৰিহণা যোগাইছে। ভাৰতে যিদৰে দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি  Fiscal Policy অৰ্থাৎ বিত্তীয় নীতি আৰু Capital Expenditure অৰ্থাৎ মূলধন বিনিয়োগৰ ওপৰত নীতি প্ৰয়োগ কৰিছে সেয়া দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে সুখবৰ হিচাপে পৰিগণিত হৈছে। IMF ৰ মুৰব্বী গৰাকীৰ মতে ভাৰতে যিদৰে Oil Energy অৰ্থাৎ তৈল শক্তিৰ পৰা Renewable Energy অৰ্থাৎ নবীকৰণযুক্ত শক্তিৰ ফালে গতি কৰিছে তাৰফলত দেশত Clean Energy অৰ্থাৎ প্ৰদূষণমুক্ত শক্তি লাভ কৰিবলৈ সক্ষম হৈছে যাৰ ফলত ভাৰতবৰ্ষ বিকাশৰ দিশত আগবাঢ়ি যোৱাত সহায়ক হৈছে। ইয়াৰ উপৰিও ভাৰতত যুৱ জনসংখ্যাৰ মাত্ৰা সমগ্ৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। প্রতি বছৰে ১.৫ কৌটি যুৱ শ্ৰমিক দেশৰ বিকাশৰ বাবে যি যাত্ৰা সেই যাত্ৰাৰ সৈতে জড়িত হৈ গৈ আছে। দেশৰ অৰ্থনৈতিক স্থিতি সবল হোৱা বাবে বিনিয়োগৰ ক্ষেত্ৰতো বহুতো সম্ভাৱনাই গা কৰি উঠিছে। যাৰ ফলত দেশত প্ৰতিবছৰে বহু সংখ্যক চাকৰি সৃষ্টি হৈছে। এনেকুৱা পৰিস্থিতিত দেশৰ উন্নতি আৰু প্ৰগতিত মহিলা শ্রমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্ত্রীয় চৰকাৰে মহিলা সৱলীকৰণৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া নিশ্চিতভাৱে আদৰণীয়। IMF International Monitary Fund হৈছে বিশ্বৰ ১৯০ খন দেশৰ সংস্থা যিয়ে এই সংস্থাৰ অধীনত থকা দেশসমূহক বিত্তীয় সুৰক্ষা, অৰ্থনৈতিক বিকাশ, দৰিদ্ৰতা নিৰ্মূল কৰাৰ ওপৰত কাম কৰিবলৈ আৰ্থিক সকাহ প্ৰদান কৰে। এনে এটা সংস্থাৰ মুৰব্বী গৰাকীয়ে মুকলিভাৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক স্থিতিৰ বিষয়ে প্ৰদান কৰা যোগাত্মক মন্তব্যই বিশ্বৰ সন্মুখত ভাৰতবৰ্ষৰ প্ৰভুত্ব বিস্তাৰ কৰাত অধিক সহায় কৰিব।

                       দেবর্ষি গৌতম
বনগাঁও