ভাৰতৰ অর্থনীতিকলৈ কটাক্ষ কৰা ড’নাল্ড ট্রাম্পক প্ৰত্যুত্তৰ মন্ত্ৰী পীযূষ গোৱেলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতক ‘মৃত অর্থনীতি’ৰ দেশ বুলি কটাক্ষ কৰা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক প্রত্যুত্তৰ দিয়ে বাণিজ্য মন্ত্ৰী পীযূষ গোৱেলে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত মন্ত্রী গোৱেলে কয়- ভাৰতে বিশ্বৰ অৰ্থনীতিৰ সৈতে যিকোনো বাণিজ্যিক চুক্তি গ্রহণ কৰিলেও সদায় নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখে। ভাৰতীয় অর্থনীতি অতি সোনকালেই জিডিপিৰ আকাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হ’ব। বর্তমান ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা বৃহৎ অর্থনীতিৰ দেশ। দেশখনে এক দশক নহওতেই ‘ভংগুৰ পাঁচ’ৰ পৰা বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি দেশ হিচাপে উন্নীতকৰণ হৈছে। চৰকাৰে কৃষক, শ্রমিক, ঔদ্যোগিক, ৰপ্তানিকাৰক, এমএছএমই আৰু উদ্যোগ খণ্ডৰ অংশীদাৰসকলক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। আমি আমাৰ জাতীয় স্বার্থ ৰক্ষাৰ বাবে সকলো প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইফালে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্য সম্পর্ক অব্যাহত থকাৰ বাবেই ভাৰতৰ ওপৰত ট্রাম্প প্রশাসনে ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। মার্কিন প্রশাসনে লগতে ৰাছিয়াৰ সৈতে তেল আৰু অস্ত্ৰৰ ব্যৱসায় অব্যাহত ৰখাক লৈও ক্ষোভ প্রকাশ কৰে।