ভাৰতে ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপ আয়োজন কৰিব

Pc Timesof India

ভাৰতে ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপ আয়োজন কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে ২০২৫ত মহিলাৰ ৫০ অভাৰৰ বিশ্বকাপ আয়োজন কৰিব। ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ড (বিচিচিআই)–এ বাৰ্মিংহামত সম্পন্ন হোৱা আইচিচিৰ বাৰ্ষিক সন্মিলনত এই মেগা টুৰ্ণামেণ্টৰ বাবে বিডত জয়ী হৈছে। এটা দশকৰো অধিক সময়ৰ পিছত ভাৰতে পুনৰ আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ আয়োজন কৰিব। শেষবাৰৰ বাবে ভাৰতে ৫০ অভাৰৰ মহিলাৰ বিশ্বকাপ আয়োজন কৰিছিল ২০১৩ চনত।। আইচিচিৰ ফালৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি, বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে কয়, ‘আমি আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ আয়োজন কৰাৰ বাবে ইচ্ছুক আছিলো আৰু আমি সুখী যে আমি এই সুযোগ পাইছো।’ আইচিচিৰ আন তিনিখন মহিলা টুৰ্ণামেণ্টৰ আয়োজকৰো ঘোষণা কৰা হয়।টি-২০ বিশ্বকাপ ২০২৪ চনত বাংলাদেশে আয়োজন কৰিব আৰু ২০২৬ত ইংলেণ্ডে আয়োজন কৰিব।