ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰত্যুওৰ কেৱল যুদ্ধ জৰিয়তে দিয়া উচিত ? – চন্দ্ৰ শেখৰ পৰাজুলী

ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰত্যুওৰ কেৱল যুদ্ধ জৰিয়তে দিয়া উচিত ?

চন্দ্ৰ শেখৰ পৰাজুলী,বিশ্বনাথ চাৰিআলি

বৰ্তমান সময়ত ভাৰতবৰ্ষত উগ্ৰ সমালোচনাৰ বিষয় বস্তু এই হৈছে যে,পাকিস্তানৰ সন্ত্ৰাসবাদৰ জৰিয়তে এই অলপ পেহেলগামত নিৰহ লোকৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে ভাৰতবৰ্ষয়ে পাকিস্তানৰ লগত যুদ্ধ ঘোষণা কৰি দিয়াকে ঠিক হব বুলি এচাম বুদ্ধিজীবি সকলে এনেকুৱা ধৰণৰ মতামত পোষণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ময়ো এই দেশৰ এজন সাধাৰণ নগৰিক হিচাপে পেহেলগাম আক্ৰমণৰ বাবে বহু নিন্দা বা দুখ প্ৰকাশ কৰিছোঁ। কিন্তু ইয়াৰ বাবে পাকিস্তানৰ লগত প্ৰত্যুওৰ দিবলৈ কেৱল যুদ্ধ ঘোষণা কৰাটোহে একমাত্ৰ সমাধান হৈ পৰিব নেকি ? অৰ্থাৎ মই এক নিকা অন্তৰৰ অনুভৱৰ জৰিয়তে এই কথাকে স্পষ্ট ৰূপত কবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ যে,ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰত্যুওৰ কেৱল যুদ্ধ জৰিয়তে দিয়া উচিত ? চাওক আমি প্ৰয়বোৰ মানুহে একেবাৰে সাধাৰণ এই দেশৰ নাগৰিক। দেশৰ উন্নতি কল্পনা হয়তো আমি সকলোবোৰ দেশবাসীয়ে কৰো।ইয়াত হয়তো কনো ধৰ্মৰ, সম্প্ৰদায়,বা জাতিৰ প্ৰশ্নয়ে আহি নপৰে।কাৰণ দেশ এখন আগুৱাই লৈ যোৱা মানে নিজকো কিছু উন্নতিৰ দিশে অগ্ৰসৰ কৰি তুলা নহয়নে? এতিয়া কথা হল এখন দেশে আন এখন দেশৰ লগত যুদ্ধ ঘোষণা কৰা মানে দুয়োখন দেশৰে সৰ্বোচ্চ পৰিমাণে ক্ষতি সাধন হোৱা। গতিকে ভাৰতৰ পৰা পাকিস্তানত যেতিয়া বিভক্ত হল ঠিক তেতিয়াৰ পৰা আজিলৈকে মাজে মাজে যুদ্ধ নহলেও শীতল ৰূপত কুটনৈতিক বা ৰাজনৈতিক যুঁজ চলি অহা সময়ে সময়ে দেখিবলৈ পোৱা যায়। এতিয়া কথা হল আমাৰ ভাৰতবৰ্ষয়ে এই সকলোবোৰ কথা বৰ বিতংকৈ আগৰে পৰাই জ্ঞাত হয় যদিহে আজিলৈকে সন্ত্ৰাসবাদ সোমাই অহা সীমা সমূহৰ উচিত পৰিদৰ্শন বা উচিত নিয়ন্ত্ৰণ কৰাত এতিয়ালৈকে অসমৰ্থ কিয় হৈ আহিছে। হয় মই আগতেই কৈছো পেহেলগাম সন্ত্ৰাসবাদ আক্ৰমণৰ ওপৰত বৰকৈ দুখ প্ৰকাশ কৰিছোঁ।কিন্তু এই আক্ৰমণত হয়তো সামান্য কেইজনমান মানুহে আত্ম বলিদান দিয়াৰ বিপৰীতে এতিয়া সচাকৈ যদি পাকিস্তানৰ লগত যুদ্ধ ঘোষণা কৰে তেন্তে আৰু শ, শ ভাৰত মাতৃৰ সন্তানে প্ৰান ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিব। আৰু ইয়াৰ লগে লগে দেশত আৰ্থিক সংকটৈ দেখা দিব ।সেয়াও হয়তো যুদ্ধ এখনৰ জৰিয়তে দেশ এখন অন্যান্য দেশৰ তুলনাত বহু পিছ পৰি থকা পৰিলক্ষিত হব। এই সকলোবোৰ কথাৰ ভৰণ-পোষণ কোনে আহি কৰিব পাৰিব। সেয়েহে কিবা এটা কৰো বুলি উত্তেজিত হৈ পদক্ষেপ লোৱাৰ প্ৰতি আগ্ৰহী হলেই নহব।কাৰণ ইয়াৰ পৰিণতি হয়তো বেছিকৈ নিৰহ সাধাৰণ জনতাই বহু বছৰ ধৰি বছৰ উঠাই লৈ ফুৰিব লগিয়া হব পাৰে। গতিকে যুদ্ধ এখন লগাৰ বিপৰীতে সীমা সুৰক্ষা বাহিনীৰ জৰিয়তে এতিয়াতকৈ আৰু অধিক শক্তিশালী ৰূপত সীমা বোৰত সুৰক্ষা প্ৰদান কৰক। কাৰণ এতিয়ালৈকে মই গম পোৱা মতে ভাৰতে প্ৰত্যুওৰত ‘অপাৰেচন সেন্দুৰ’ৰ জৰিয়তে কিছু পাকিস্তানৰ উপৰত আক্ৰমণ চলালে।কিন্তু যদিহে কিবা কাৰণ বসত ডাঙৰ যুদ্ধ এখন হৈ যায় তেন্তে হয়তো কিমান আই মাতৃৰ শিৰৰ সেন্দুৰ হেৰাই যাব তাৰ কোনো সঠিক ঠিকনা নাই। কাৰণ এইখিনিতে মই এটা কথা উল্লেখ কৰি দিওঁ যে, মই ভয়াবিতো নহয় আৰু মই কোনো পাকিস্তানৰ সুভচিশ্তকো নহয়। মই সচা অন্তৰেৰে দেশৰ উন্নতি বা মংগলৰ কামনা কৰা মানুহ হিছাপে কব বিচাৰোঁ যে, বৰ্তমান সময়ত পাকিস্তানো পাৰমাণৱিক অস্ত্ৰ সাব্যস্ত দেশ এখন। গতিকে এতিয়া সঠিক নিৰ্ণয় লোৱাৰ সময় আমাৰ দেশবাসীৰ লগতে বৰ বেচিকৈ বৰ্তমানৰ নিৰ্বাচিত হোৱা চৰকাৰৰ হাতত।আশা কৰোঁ অন্তিমত যি হবগৈ ভালৰ কাৰণে হব।