ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ৩৫ জন শিক্ষকক বঁটা প্ৰদান

ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ৩৫ জন শিক্ষকক বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ড° সৰ্বপল্লী ৰাধাকৃষণৰ ৬১ সংখ্যক শিক্ষক দিৱস উপলক্ষে ৩৫ জন কৃতি শিক্ষকক গামোচা,স্মাৰক,জাপি,ধৰ্মীয়গ্ৰন্হ,সম্বৰ্ধনা পত্ৰৰে বঁটা প্ৰদান কৰা হয়৷কাৰ্যকৰী সভাপতি অশ্বিনী কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভণিতে ৰাধাকৃষণৰ প্ৰতিচ্ছবিৰ সন্মুখত সভাপতি গজেন দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়৷সম্পাদক ৰঞ্জন বড়োয়ে আদৰণী ভাষণ দিয়া সভাত পৌৰোহিত্য কৰে প্ৰাক্তন শিক্ষক অজিত কুমাৰ দাসে৷সভাত লেখিকা মণিকা দাস,কৃতি শিক্ষক ৰমেন কুমাৰ দাস,প্ৰাক্তন অধ্যাপক ড° প্ৰমোথেশ বায়ন আদিয়ে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷সভাত শিক্ষক জয়াৰাণী ৰয়,দেবেন সিং ৰাজগোড়,ৰঞ্জন কুমাৰ মেধি,গৌতম বসুমতাৰী,নয়ন চৌধুৰীয়ে মনৰ ভাব ব্যক্ত কৰে৷