ভাৰতীয় অৰ্থনীতিত নাৰীৰ অৱদান – ৰশ্মি ৰেখা দুৱৰা

Pc MindSpring Metro DC

ভাৰতীয় অৰ্থনীতিত নাৰীৰ অৱদান

ৰশ্মি ৰেখা দুৱৰা, জামিৰা,ডিব্ৰুগড়

ভাৰতবৰ্ষ এখন পিতৃ প্ৰধান উন্নয়নশীল দেশ হয় যদিও অৰ্থনীতিৰ ক্ষেত্ৰত বহু পিছপৰা বুলি ক’লেও ভুল কোৱা নহ’ব।পুৰুষে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি উপাৰ্জনৰ পথ উলিয়াই।নাৰীয়ে ঘৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি সুন্দৰভাৱে পৰিচালিত কৰিব লগা হয়।ৰন্ধা-বঢ়া কৰাৰ পৰা সন্তানক বিদ্যালয়লৈ পঠোৱালৈকে চাৰিবেৰৰ মাজতেই আৱদ্ধ হৈ নিজ কৰ্ম পৰিচালনা কৰিব লাগে।তাহানিৰ মানুহবোৰ ভিৰু আছিল।শাহুৱেকে বোৱাৰীয়েকক ওৰণি টানি জ্যেষ্ঠ-কনিষ্ঠ সকলোকে সন্মান জনোৱাতেই ব্যস্ত কৰি ৰাখে।আজিৰ নাৰীয়ে চাৰিবেৰৰ মাজৰ পৰা ভৰিৰ শিকলি ছিঙি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে।শিক্ষিত নাৰীয়ে সমজুৱা কামত আগভাগ লৈ অনুষ্ঠানবোৰত বক্তৃতা প্ৰদান কৰি ৰাইজৰ মন মোহিত কৰি সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে।চৰকাৰী চাকৰি নাপালেও ব্যক্তিগত খণ্ডত হ’লেও নিজৰ পাৰদৰ্শিতা দেখুৱাই উপাৰ্জন কৰি অৰ্থনীতিৰ দিশটো অলপ হ’লেও টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে।লিংগ বৈষম্য বাচবিচাৰ নকৰি সম প্ৰাধান্য দিলে নাৰীয়ো পুৰুষক অৰ্থনীতিৰ দিশত সবল কৰিব পাৰিব।শিক্ষিত নাৰীসকল স্তব্ধহৈ ৰোৱা নাই সকলো আগুৱাই গৈছে।গাঁৱৰ অশিক্ষিত নাৰীসকলেও স্বাৱলম্বী হোৱাত পিছপৰি ৰোৱা নাই।তাঁতশালত কাপোৰ বোৱা,চিলাই কৰা আদি কামত ব্যস্ত হৈ উপাৰ্জনৰ পথ বাছি লৈছে।তদুপৰি বহু নাৰী শিক্ষিত হ’লেও হত্যা,বলাৎকাৰ আদি সমাজত ঘটি থকা ঘটনাবোৰৰ পৰা পিছপৰি ৰৈছে।কৰ্মৰ প্ৰতি ইচ্ছা থাকিও যেন অপাৰগ।সকলো নাৰীৰে ইচ্ছা পঢ়ি-শুনি স্বাৱলম্বী হৈ ঘৰখনৰ বাবে কিবা এটা কৰি সকাহ দিয়াৰ।চৰকাৰ আৰু প্ৰশাসনে নাৰীক শিক্ষাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰতো যদি গুৰুত্ব আৰোপ কৰে তেতিয়া নাৰীয়ে সমস্ত প্ৰতিভা বিকাশ কৰি স্বোপাৰ্জিত ধনে নিজৰ লগতে পৰিয়ালটো টনকিয়াল কৰিব পাৰিব।পিতৃ প্ৰধান সমাজত পুৰুষ,নাৰী উভয়কে সমমৰ্যদা প্ৰদান কৰি আগুৱাই লৈ গ’লেই অৰ্থনীতিৰ দিশটো সবল হ’ব।নাৰীয়ে ক্ষুদ্ৰ পৰিমাণে হ’লেও অৰ্থনীতিত অৱদান আগবঢ়াব পাৰিব।