ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে শচীন বনচালকে ধৰি ছয়টা বেংক অনুজ্ঞাপত্ৰৰ আবেদন নাকচ 

pc The financial Express

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে শচীন বনচালকে ধৰি ছয়টা বেংক অনুজ্ঞাপত্ৰৰ আবেদন নাকচ 

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰবিআইয়ে ইউনিভাৰ্চেল বেংক আৰু স্মল ফাইনেন্স বেংকৰ ‘অন টেপ’ অনুজ্ঞাপত্ৰৰ নিৰ্দেশনাৰ অধীনত বেংক স্থাপনৰ বাবে ছয়খন আবেদন নাকচ কৰে। যাৰ ভিতৰত চাৰিখনই ইউনিভাৰ্চেল বেংক ৰ অনুজ্ঞাপত্ৰৰ বাবে আৰু দুটা সৰু বিত্তীয় বেংকৰ বাবে আবেদন কৰিছিল।আৰবিআইয়ে নাকচ কৰা আবেদনসমূহৰ ভিতৰত আছে ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক শচীন বনচালৰ চৈতন্য ইণ্ডিয়া ফিন ক্ৰেডিট প্ৰাইভেট লিমিটেড যিয়ে ইউনিভাৰ্চেল বেংকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে। বনচাল চৈতন্য ইণ্ডিয়া ফিনৰ পৰিচালনা সঞ্চালক (এমডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইও)। ।