ভাৰতীয় সেনা প্ৰধান জেনেৰেল পাণ্ডেক “নেপালী সেনাৰ জেনেৰেল” সন্মানীয় পদবী প্ৰদান

Pc The Print

ভাৰতীয় সেনা প্ৰধান জেনেৰেল পাণ্ডেক “নেপালী সেনাৰ জেনেৰেল” সন্মানীয় পদবী প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেক  নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে “নেপালী সেনাৰ জেনেৰেল” সন্মানীয় পদবী প্ৰদান কৰে। ভাৰত আৰু নেপালৰ মাজত সাত দশক পুৰণি পৰম্পৰা অনুসৰণ কৰি এই প্ৰথাই দুয়োখন দেশে ইজনে সিজনৰ সেনা প্ৰধানক সন্মানীয় জেনেৰেলৰ উপাধি প্ৰদান কৰে। বৰ্তমান জেনেৰেল পাণ্ডে পাঁচ দিনীয়া নেপাল ভ্ৰমণলৈ গৈছে।