ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ত ৫ দুৰ্ধৰ্ষ সন্ত্রাসবাদী নিহত

ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ত ৫ দুৰ্ধৰ্ষ সন্ত্রাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ৯টা ঘাটিত আক্ৰমণ চলোৱা ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ত জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ ভাতৃ ৰোফ আজাহাৰৰ পিছত খুলখালী দুর্ধর্ষ সন্ত্রাসবাদী ইউছুফ আজাহাৰো নিহত হৈছে। জইছ-ই-মহম্মদৰ লগতে নিষিদ্ধঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰো কেইবাজনো দুর্ধর্ষ সন্ত্রাসবাদী ‘অপাৰেচন সিন্দূৰ’ত নিহত হৈছে। জম্মু-কাশ্মীৰকে ধৰি ভাৰতৰ সংসদ ভৱন, মুম্বাই আক্রমণ, পুলৱামা আক্রমণ আদিত জড়িত জইছ-ই-মহম্মদৰ লগতে লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ নেতা এই অভিযানত নিহত হোৱাটো ভাৰতীয় সেনাৰ বাবে বৃহৎ সফলতা। ২২ এপ্ৰিলৰ পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ৭ মে’ত ভাৰতীয় সেনাই চলোৱা ‘অপাৰেচন সিন্দূৰ’ত জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১০জন সদস্য নিহত হৈছে। ইয়াৰ ভিতৰত কান্দাহাৰ বিমান অপহৰণত জড়িত দুর্ধর্ষ সন্ত্রাসবাদী ৰোফ আজাহাৰো আছে। শেহতীয়া তথ্যমতে, দুর্ধর্ষ সন্ত্রাসবাদী মুদাছাৰ খাদিয়ান খাছ, হাফিজ মহম্মদ জামিন, খালিদ (আবু আকাশা) আৰু মহম্মদ হাছান খানো ‘অপাৰেচন সিন্দূৰ’ত নিহত হৈছে। মুদাছাৰ ওৰফে আবু জিন্দাল লস্কৰ-ই-তৈবাৰ জ্যেষ্ঠ কমাণ্ডাৰ। মুৰিদ কেৰ ঘাটিত কমাণ্ডাৰ জিন্দাল নিহত হৈছে। খালিদ ওৰফে আবু আকাশা লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী খালিদে জম্মু-কাশ্মীৰত বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত আছে। আফগানিস্তানৰ পৰা অস্ত্ৰ সৰবৰাহত জড়িত মহম্মদ হাছান খান জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ। কাশ্মীৰী মুক্তি আজগড় খানৰ পুত্ৰ হাছান খানে পাকিস্তানত জইছ-ই-মহম্মদৰ অপাৰেচন কমাণ্ডাৰ। মন কৰিবলগীয়া যে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত ১০০ জনৰো অধিক সন্ত্রাসবাদী নিহত হৈছে। এই সন্ত্রাসবাদীৰ পৰিচয় লাহে লাহে লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। মন কৰিবলগীয়া যে ভাৰতৰ ভূমিত সন্ত্রাসমূলক কার্যত জড়িত নিষিদ্ধ পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ দুৰ্ধৰ্য সদস্যক পাকিস্তানৰ ভূমিতেই হত্যা কৰাটো ভাৰতীয় সেনাৰ বাবে বৃহৎ সফলতা।