ভাৰতীয় লঘূ (ক্ষুদ্ৰ)উদ্যোগ উন্নয়ন বেংকৰ সংবাদ মেল

ভাৰতীয় লঘূ (ক্ষুদ্ৰ)উদ্যোগ উন্নয়ন বেংকৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় লঘূ (ক্ষুদ্ৰ) উদ্যোগ উন্নয়ন বেংকে এটি সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে সাংবাদিকৰ আগত কয় যে স্থানীয় শিল্পী তথা আত্ম সহায়ক গোট, মহিলা আৰু ক্ষুদ্ৰ উদ্যোগী সকলক সবলীকৰণ কৰি স্বাৱলম্বিতাৰ বাবে তথা আৰ্থিক ঋণ প্ৰদান কৰি আহিছে। আৰু এইবেলিও তেওঁলোকক সহায় সহযোগিতা কৰাৰ কাৰণে অহা ১৪- ১৮ জুনলৈ চিডবি স্বাৱলম্বন মেলা ২০২৪, গুৱাহাটীৰ দিছপুৰৰ নেডফি কনভেঞ্চন চেন্টাৰত অনুষ্ঠিত কৰিব । ইয়াত সকলোবোৰ বিনামূলীয়া হ’ব। অনুষ্ঠানত তেওঁলোকৰ কেবাগৰাকীও গুৰুতত্বপূৰ্ন বিষয় ববীয়া উপস্থিত থাকিব। উক্ত সংবাদ মেলত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগিক বিকাশ বেংকৰ উপ মহা প্ৰবন্ধক প্ৰদীপ কুমাৰ নাথৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷