ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰস্তুতি সম্পৰ্কত সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰনী স্বেচ্ছাসেৱী যোগ প্ৰতিষ্ঠান ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰই আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে জানিবলৈ দিয়ে যে , অহা ১২ ডিচেম্বৰ ২০২৩ ৰ পৰা ২১ জানুৱাৰী ২০২৪ লৈ এমাহ যোৰা কাৰ্যসূচীৰে সপ্তদশ অসম যোগ মহোৎসৱ আয়োজনৰ প্ৰস্তুতি চলাইছে । ১২ ডিচেম্বৰ ২০২৩ ত অনুষ্ঠিত হব লগা সপ্তদশ অসম যোগ মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হ’ব । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগু ডাঙৰীয়াই । উক্ত অনু্ষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ প্ৰদান বৰুৱা, ধেমাজীৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া, ধেমাজী জিলা পৰিষদৰ চেয়াৰমেন মোহন গগৈ আৰু উদ্বোধনী সভাত সভাপতিত্ব কৰিব যোগচাৰ্য শুভাশীষ কৰ ডাঙৰীয়াই । ১২ ডিচেম্বৰ ২০২৩ ৰ পৰা অনুষ্ঠিত হ’ব লগা সপ্তদশ অসম যোগ মহোৎসৱৰ কাৰ্য্যসূচীসমুহ হ’ল — ৰক্তদান শিবিৰ, বৃক্ষৰোপণ, সাংস্কৃতিক ৰেলী, সদৌ অসম আন্তঃ যোগ মহাবিদ্যালয় যোগাসন প্ৰতিযোগিতা, যোগ কুইজ, স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা , ২০২৩ । এই অনুষ্ঠানতে ব্ৰহ্মচাৰিণী শুভ্ৰ চৈতন্য ডাঙৰীয়ানীক যোগ প্ৰেৰণা এৱাৰ্ড প্ৰদান কৰাৰ লগতে ১৬ গৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰা হ’ব । এই বিভিন্ন কাৰ্যসূচীৰে সপ্তদশ অসম যোগ মহোৎসৱৰ সামৰণি পৰিব অহা ২১ জানুৱাৰী ২০২৪ ত গুৱাহাটী মালিগাঁওস্থিত যোগা তীৰ্থত।উক্ত যোগ মহোৎসৱত পূৰ্ণাংগ ৰূপে সহযোগিতা আগবঢ়াইছে মিছিং অটনোমাছ কাউন্সিল আৰু ৰুদ্ৰাক্ষ যোগাভ্যাস কেন্দ্ৰই ।সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিৰ ড° অনিল কুমাৰ পেগু লগতে উপস্থিত থাকে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ ধনঞ্জয় তালুকদাৰ, সুৰেশ পোদ্দাৰ, অৰুন্ধতী তালুকদাৰ আৰু দিব্যজ্যোতি ডেকাই।