ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাস সৃষ্টি , মহাকাশলৈ প্ৰেৰণ বাহুবলী

Pc Newsonair

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাস সৃষ্টি , মহাকাশলৈ প্ৰেৰণ বাহুবলী

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ মাটিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)-এ আন এক ইতিহাস ৰচনা কৰিলে। প্ৰথমবাৰৰ বাবে দেশৰ ভূমিৰ পৰা মহাকাশলৈ অতি গধুৰ এটা কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণত সফল হয় ইছৰো। ৪,৪১০ কিলোগ্রাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটোৰ নাম ৰখা হৈছে ‘চিএমএছ-০৩’। ইছৰোৰ বিজ্ঞানীসকলে বাহুবলী আখ্যা দিয়া তথা দেশীয়ভাবে প্ৰস্তুত কৰা এলভিএম ৩-এম ৫ ৰকেটটোৱে অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ পৰা ‘চিএমএছ-০৩’ক পিঠিত কঢ়িয়াই মহাকাশৰ দিশে অগ্ৰসৰ হয়।দেওবাৰে বিয়লি ৫.২৬ বজাৰ নিৰ্ধাৰিত সময়তে ইছৰোৰ বিজ্ঞানীসকলে এই উৎক্ষেপণ কাৰ্য সফলতাৰে সম্পন্ন কৰে। ইছৰোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি জিঅ’চিনক্ৰনাছ ট্রেন্সফাৰ অৰবিট (জিটিঅ’)ত প্রতিষ্ঠাপন কৰা হ’ব উপগ্ৰহটোক। উল্লেখ্য যে ইয়াৰ পূৰ্বে ইছৰোবে ৫ হাজাৰ কিলোগ্রামতকৈ অধিক ওজনৰ কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰিছে। কিন্তু সেই উৎক্ষেপণ কাৰ্য ভাৰতৰ মাটিৰ পৰা সম্পন্ন হোৱা নাছিল। ২০১৮ চনৰ ডিচেম্বৰ মাহত ফৰাচী মহাকাশ গৱেষণা সংস্থা ‘এৰিয়ানস্পেচ’ৰ সাহায্যত ৫,৮৫৪ কিলোগ্রাম ওজনৰ কৃত্রিম উপগ্রহ জিস্যা-১১ মহাকাশলৈ উৎক্ষেপণ কৰিছিল ইছৰোৱে। দক্ষিণ আমেৰিকাৰ ফৰাচী ভূখণ্ড ফ্রেণ্ডছ গোৱেনাৰ কাউৰোৰ পৰা এই উৎক্ষেপণ কাৰ্য সম্পন্ন হৈছিল। সেই সময়ত কৃত্রিম উপগ্রহটোক পিঠিত কঢ়িয়াই নিছিল ‘এৰিয়েন-৫ ভি এ-২৪৬’ নামৰ ৰকেটটোৱে। কিন্তু এইবাৰ বিদেশৰ পৰিৱৰ্তে ইছৰোৱে নিজ দেশৰ ভূমিৰ পৰাই বৃহৎ ওজনৰ কৃত্রিম উপগ্রহ এটা মহাকাশলৈ উৎক্ষেপণ কৰি ইতিহাস ৰচনা কৰিলে। আজি সম্পন্ন হোৱা উৎক্ষেপণৰ দিশ হ’ল দেশীয়ভাবে প্রস্তুত কৰা ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰথমবাৰৰ বাবে গধুৰ ওজনৰ এটা কৃত্রিম উপগ্রহ প্ৰেৰণ কৰা হৈছে। সেয়েহে ইছৰোৰ বিজ্ঞানীসকলে এই ৰকেটটোৰ নাম দিছে বাহুবলী। যাৰ দৈৰ্ঘ্য প্রায় ৪৩.৫০ মিটাৰ। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে গধুৰ কৃত্ৰিম উপগ্ৰহ বহন কৰিবলৈ সক্ষম এলভিএম-৩ ৰকেটৰ এয়া হৈছে পঞ্চম সংস্কৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গধুৰ যোগাযোগ উপগ্ৰহ চি এম এছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনায় ।প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে কয়, ‘‘আমাৰ মহাকাশ খণ্ডই আমাক গৌৰৱান্বিত কৰি আহিছে । ভাৰতৰ গধুৰ যোগাযোগ উপগ্ৰহ চি এম এছ-০৩ সফলতাৰে উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন। আমাৰ মহাকাশ বিজ্ঞানীসকলৰ কৃপাত আমাৰ মহাকাশ খণ্ডই উৎকৃষ্টতা আৰু উদ্ভাৱনৰ সমাৰ্থক হৈ পৰিছে, যিটো প্ৰশংসনীয় । তেওঁলোকৰ সফলতাই ৰাষ্ট্ৰীয় প্ৰগতিৰ সূচনা কৰিছে আৰু অগণন লোকক শক্তিশালী কৰিছে ।’’