ভাৰতীয় বায়ু সেনা বাহিনীত অগ্নিবীৰ বায়ু নিযুক্তি: ২০২৪
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অগ্নিবীৰ বায়ু (মিউজিচিয়ান) পদৰ নিযুক্তিৰ বাবে ইয়াৰ ৱেবচচাইটত ভাৰতীয় বায়ু সেনা বাহিনীয়ে অধিসূচনা প্ৰকাশ কৰিছে। ২০২৪ চনৰ ২২ মে’ৰ পৰা agnipathvayu.cdac.in.-ত অগ্নিবীৰ বায়ু(মিউজিচিয়ান) ৰেলীৰ বাবে পঞ্জীয়ন আৰম্ভ হ’ব। দশম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অধিসূচনাত উল্লেখিত অতিৰিক্ত যোগ্যতাসহ ২০২৪ ৰ ৫ জুন বা ইয়াৰ আগতে আবেদন কৰিব পাৰিব। ২০০৪ চনৰ ২ জানুৱাৰীৰ পৰা ২০০৭ চনৰ ২ জুলাইলৈকে (দুয়োটা দিনকে ধৰি) এই সময়ছোৱাত জন্মলাভ কৰা অবিবাহিত পুৰুষ আৰু মহিলা প্ৰাৰ্থীসকলে অগ্নিবীৰ বায়ু (মিউজিচিয়ান)পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাত অৱত্তীৰ্ণ হ’ব পাৰিব। এই পৰীক্ষা কানপুৰ আৰু বেংগালুৰুত ২০২৪ চনৰ ৩ জুলাইৰ পৰা ১২ জুলাইলৈ অনুষ্ঠিত কৰা হ’ব। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ইয়াৰ অফিচিয়েল বেৱচাইটত শিক্ষাগত অৰ্হতা, বৃত্তিগত অৰ্হতা আৰু অন্যান্য তথ্য সামৰি যোগ্যতাৰ সবিশেষ আপলোড কৰিছে।এই পদত আবেদন কৰাৰ আগতে সবিশেষ পৰীক্ষা কৰি চাবলৈ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হ’ল। মিউজিকেল বাদ্যযন্ত্ৰ বজোৱাৰ দক্ষতাসহ বাছনি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।