অনলাইন বাৰ্ত্তাসেৱা – ড০ ৰেড্ডীৰ গৱেষণাগাৰৰ অধ্যক্ষ কে. সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰে যে ২০৩০ চনৰ ভিতৰত ভাৰতীয় ফাৰ্মাচিটিকেল উদ্যোগ প্ৰায় তিনিগুণ বৃদ্ধি হৈ প্ৰায় ১৩০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয়, “বৰ্তমান এই উদ্য়োগটো প্ৰায় ৪২ বিলিয়ন ডলাৰ। ই হৈছে ঘৰুৱা বিক্ৰী তথা ৰপ্তানিৰ আধা।” ৰেড্ডীয়ে ভৱিষ্যতবাণী কৰি কয়, “আমি আগন্তুক দশকত এক বৃহৎ বিকাশৰ বাবে সাজু হৈছো।”
(UD.)