ভাৰতীয় পেথ’লজিষ্ট আৰু অণুজীৱবিজ্ঞানী সন্থাৰ উত্তৰ-পূব আঞ্চলিক অধ্যায়ৰ ৩৩সংখ্যক বাৰ্ষিক সন্মিলন নেৰকন ২০২৪ ::
ছিকিমকে ধৰি উত্তৰ-পূব ভাৰতৰ ৮খন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অভিলেখ সংখ্যক প্ৰতিনিধিৰ অংশগ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগ আৰু গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেকটিচিং পেথ’লজিষ্ট ফ’ৰামে ২৫, ২৬ আৰু ২৭ অক্টোবৰ তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ আৰু অইল লেকচাৰ প্ৰেক্ষাগৃহত সুদীৰ্ঘ ১২ বছৰৰ মূৰত ভাৰতীয় পেথ’লজিষ্ট আৰু অণুজীৱবিজ্ঞানী সন্থাৰ উত্তৰ-পূব আঞ্চলিক অধ্যায়ৰ ৩৩ সংখ্যক বাৰ্ষিক সন্মিলন- নেৰকন ২০২৪ৰ সফল অনুষ্ঠানৰ সামৰণি পৰে। ইয়াৰ পূৰ্বে ২০১২ চনত ডিব্ৰুগড়ত এই সন্মিলন অনুষ্ঠিত হৈছিল। এই বছৰৰ সন্মিলনৰ বিষয়বস্তু আছিল “মৰ্ফ’লজীৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ: পেথ’লজীৰ ভৱিষ্যতক নতুন ৰূপত উজ্জীৱিত কৰা”। ডাঃ মৃণাল কুমাৰ বৰুৱাক সভাপতি, ডাঃ প্ৰণিতা মেধিক অধ্যক্ষা, ডাঃ আদিত্য শৰ্মাক উপ-সভাপতি ডাঃ বেদান্ত ভূঞাক সম্পাদক, ডাঃ মণ্ডিতা বৰগোহাঁইক ভাৰতীয় পেথ’লজিষ্ট আৰু অণুজীৱবিজ্ঞানী সন্থাৰ উত্তৰ-পূব আঞ্চলিক অধ্যায়ৰ সম্পাদক আৰু বৈজ্ঞানিক সমিতিৰ অধ্যক্ষা হিচাপে লৈ আয়োজক সমিতিখন গঠন কৰা হৈছিল। আয়োজক সমিতিৰ পৃষ্ঠপোষক আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক সঞ্জীৱ কাকতি। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০জিতেন হাজৰিকা। নেৰকন ২০২৪-ৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে অসম চিকিৎসা মহাবিদ্যালয়, ভাৰতীয় চিকিৎসা সংস্থা গৃহ, ডিব্ৰুগড়ৰ বিভিন্ন স্থানত পেথ’লজীৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ১০খন প্ৰাক্-সন্মিলনী কৰ্মশালা অনুষ্ঠিত কৰা হয়। তদুপৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্নাতকোত্তৰ কুইজ, আলোচনা-চক্ৰ আৰু পোষ্টাৰ প্ৰদৰ্শনীও আয়োজন কৰা হয়। ২৬ অক্টোবৰ তাৰিখে অনুষ্ঠিত বৈজ্ঞানিক কাৰ্যসূচীত মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰৰ পেথ’লজী বিভাগৰ অধ্যাপক ডাঃ সুমিত গুজৰালে ডাঃ বি ডি বৰুৱা বিশেষ বক্তৃতা আগবঢ়ায়। “বিশ্ব স্বাস্থ্য সংস্থাৰ হেমাট’লিম্ফইড নিওপ্লাজমছৰ শ্ৰেণীবিভাজনৰ শেহতীয়া বিকাশৰ অন্বেষণ” সন্দৰ্ভত এই বক্তৃতা তেখেতে আগবঢ়ায়। তদুপৰি নেৰকন ২০২৪-ত বেংগালুৰুৰ নিমহান্সৰ ডাঃ অনিতা মহাদেৱন, পিজিআই চণ্ডিগড়ৰ পেথ’লজীৰ প্ৰাক্তন অধ্যাপক ডাঃ অসীম দাস, আনন্দ ডায়েগনষ্টিক লেব’ৰেটৰী, বেংগালুৰুৰ ডাঃ জয়ৰাম আয়েংগাৰ, ছিংগাপুৰৰ কিউৰিটিভৰ ডাঃ চাহিল সৰফ, নতুন দিল্লীৰ ৰাজীৱ গান্ধী কৰ্কট প্ৰতিষ্ঠানৰ ডাঃ সুনীল পাছৰিচা, তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ডাঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য, বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ডাঃ হাৰ্দিক জে পান্ধ্যা, নতুন দিল্লীৰ এইমছৰ ডাঃ ৰিমলী দত্ত, আৰএমআৰআই, বেৰেলিৰ পেথ’লজীৰ অধ্যাপক তথা আইএপিএম-ৰ সচিব ডাঃ ৰঞ্জন আগৰৱাল, পিজিআই চণ্ডীগড়ৰ ডাঃ প্ৰবীণ শৰ্মাৰ দৰে পেথ’লজীৰ বহুতো নামজ্বলা বিশেষজ্ঞয়ো বক্তৃতা প্ৰদান কৰে। বৈজ্ঞানিক কাৰ্যসূচীত এখন ক্লিনিকো পেথ’লজী কনফাৰেন্স আৰু “সম্পূৰ্ণ স্বয়ংক্ৰিয়কৰণ, ৰব’টিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অগ্ৰগতিৰ সৈতে ২০৫০ চনৰ ভিতৰত পেথ’লজিষ্টসকলৰ ভূমিকা কি হ’ব” -শীৰ্ষক এক আলোচনা-চক্ৰও অন্তৰ্ভুক্ত আছিল। তিনিদিনীয়া এই বৈজ্ঞানিক আৰু শৈক্ষিক কাৰ্যক্ৰমত ছিকিমকে ধৰি উত্তৰ-পূব ভাৰতৰ ৮ খন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অভিলেখ সংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু সন্মিলনখনৰ সফল আয়োজনক সকলোৱে প্ৰশংসা কৰে।