ভাৰতীয় পুৰুষ বেডমিণ্টন দলৰ ইতিহাস সৃষ্টি 

pc the quint

ভাৰতীয় পুৰুষ বেডমিণ্টন দলৰ ইতিহাস সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিলে। বেংককত অনুষ্ঠিত হোৱা ফাইনেলত  ১৪বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়া ভাৰতৰ হাতত বিধ্বস্ত হয়। ৭৩ বছৰীয়া থমাছ কাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাই নহয়, ভাৰতীয় পুৰুষ দলটোৱে খিতাপো আজুৰি আনিলে। ১৯৪৯ চনৰ পৰা আৰম্ভ হোৱা বেডমিন্টন প্রতিযোগিতাখনত এইপর্যন্ত ভাৰতে ছেমিফাইনেললৈও উন্নীত হ’ব পৰা নাছিল। ভাৰতে ডিফেণ্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ফাইনেলখন ৩-০ গ’লত জয় লাভ কৰিছিল। লক্ষ্য সেন আৰু  শ্ৰীকান্তে ফাইনেলত ক্ৰমে এন্থনি চিনিচুকা গিণ্টিং আৰু জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে তেওঁলোকৰ একক খেলত জয়লাভ কৰে। ইফালে, সাত্ত্বিক ছৈৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে তেওঁলোকৰ পুৰুষৰ দ্বৈত সংঘৰ্ষত জয়ী হয়।